--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হোলীৰ পূৰ্বে সুখবৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মহাৰ্ঘভাত্তা (ডিএ) বৃদ্ধি কৰিবলৈ গৈ আছে। এইটো হোলীৰ আগতে ঘোষণা কৰা হ'ব পাৰে। সিদ্ধান্তটোৱে ৫০ লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখতকৈও অধিক পেঞ্চনাৰক পোনপটীয়াকৈ লাভান্বিত কৰিব। BFC_ কেন্দ্ৰীয় কৰ্মচাৰীসকলে এতিয়া ৩১ শতাংশ মহাৰ্ঘভাত্তা (ডিএ) লাভ কৰে। ঔদ্যোগিক শ্ৰমিকসকলৰ বাবে সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকৰ ডিচেম্বৰ ২০২১ৰ পৰিসংখ্যা বিবেচনা কৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৩ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলে ৩৪ শতাংশলৈ লাভ কৰিব ডিএ৷ দেশৰ পাঁচখন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ'ব। ইয়াৰ সৈতে নিৰ্বাচনী আচৰণ বিধিও সমাপ্ত হ'ব। তাৰ পাছতে চৰকাৰে ডিএৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব। বাতৰি অনুসৰি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ২০২২ চনৰ ১৬ মাৰ্চত অনুষ্ঠিত হ'ব। যদি কেন্দ্ৰীয় চৰকাৰে ১৬ মাৰ্চত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘভাত্তা বৃদ্ধিৰ ঘোষণা কৰে তেনেহ’লে হোলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মোদী চৰকাৰৰ হোলী উপহাৰ হ'ব এই ব্যৱস্থা। এইবাৰ হোলী ১৮ মাৰ্চত উদযাপন কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল