--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হোলীৰ পূৰ্বে সুখবৰ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মহাৰ্ঘভাত্তা (ডিএ) বৃদ্ধি কৰিবলৈ গৈ আছে। এইটো হোলীৰ আগতে ঘোষণা কৰা হ'ব পাৰে। সিদ্ধান্তটোৱে ৫০ লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখতকৈও অধিক পেঞ্চনাৰক পোনপটীয়াকৈ লাভান্বিত কৰিব। BFC_ কেন্দ্ৰীয় কৰ্মচাৰীসকলে এতিয়া ৩১ শতাংশ মহাৰ্ঘভাত্তা (ডিএ) লাভ কৰে। ঔদ্যোগিক শ্ৰমিকসকলৰ বাবে সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকৰ ডিচেম্বৰ ২০২১ৰ পৰিসংখ্যা বিবেচনা কৰি চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৩ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলে ৩৪ শতাংশলৈ লাভ কৰিব ডিএ৷ দেশৰ পাঁচখন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ'ব। ইয়াৰ সৈতে নিৰ্বাচনী আচৰণ বিধিও সমাপ্ত হ'ব। তাৰ পাছতে চৰকাৰে ডিএৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব। বাতৰি অনুসৰি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ২০২২ চনৰ ১৬ মাৰ্চত অনুষ্ঠিত হ'ব। যদি কেন্দ্ৰীয় চৰকাৰে ১৬ মাৰ্চত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘভাত্তা বৃদ্ধিৰ ঘোষণা কৰে তেনেহ’লে হোলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মোদী চৰকাৰৰ হোলী উপহাৰ হ'ব এই ব্যৱস্থা। এইবাৰ হোলী ১৮ মাৰ্চত উদযাপন কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ