--°C
Loading...
Listen to Article
2 min read
80%
bfc2 ডিজিটেল ডেস্কঃ কুকুৰ মানৱ জীৱনৰ পৰম বন্ধু। কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। মানুহৰ জীৱনৰ হতাশা আৰু একাকীত্ব দূৰ কৰিবলৈ এটা পোহনীয়া কুকুৰেই যথেষ্ট। কিছুমানে কুকুৰে মানুহৰ দৰেই সমাজলৈ সেৱা আগবঢ়ায়। বিভিন্ন প্ৰজাতিৰ কিছুমান কুকুৰ আমাৰ দেশৰ নিৰাপত্তা বাহিনীৰ অংশ হৈ পৰে যি আমাৰ নিৰাপত্তাৰ বাবে বিভিন্ন বিপদজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। শেহতীয়াকৈ এটা কুকুৰে সকলোতে চৰ্চা লাভ কৰিছে। কুকুৰটোৰ নাম চিম্বা। চিম্বাৰ মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে তাক চিৰবিদায় জনোৱা হ'ল। কিয় বিশেষ চিম্বা? চিম্বা এটা সাধাৰণ কুকুৰ নাছিল। মুম্বাই আৰক্ষীৰ বোমা চিনাক্তকৰণ আৰু নিষ্কাশন গোটৰ (বিডিডিএছ) এজন গুৰুত্বপূৰ্ণ সদস্য আছিল চিম্বা। বহুতো অপৰাধজনিত কাম নিৰ্মূল কৰাত চিম্বাই আগবঢ়াইছিল গুৰুত্বপূৰ্ণ সেৱা। চিম্বা ২০১৩ চনৰ পৰা বোমা নিষ্কাশন দলৰ অংশ আছিল। ৯ বছৰ বয়সত অসুস্থতাৰ হেতু ৬ মাৰ্চত মৃত্যুক আঁকোৱালি লয় চিম্বাই। https://twitter.com/Khushboo_/status/1500365889354420225?s=20&t=euJhkQQiOIhhsjspXgzCYA চিম্বাৰ মৃতদেহ এখন বগা কাপোৰেৰে ঢাকি ফুলৰ মালা অৰ্পণ কৰি কপালত আঁকি দিয়া হৈছিল তিলক। জ্বলোৱা হৈছিল চাকি-ধূপ, ভিন্নজনে কৰিছিল সেৱা। মুম্বাইৰ পেৰেলৰ পশু চিকিৎসালয়ত তিনি জাঁই গুলী ফুটাই ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় জনোৱা হয় চিম্বাক। চিম্বাই নিজৰ জীৱন কালত আগবঢ়াই থৈ যোৱা সেৱাক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে চিম্বাক ধন্যবাদ জ্ঞাপন কৰে। মুম্বাই আৰক্ষীয়ে অশ্ৰুসিক্ত নয়নেৰে কৈছিল-বিদায় হিৰ'। আৰু পঢ়কঃ আজিৰ দিনটোত আপোনাৰ ভাগ্যত কি লিখা আছে…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন