--°C
Loading...
Listen to Article
2 min read
80%
bfc2 ডিজিটেল ডেস্কঃ কুকুৰ মানৱ জীৱনৰ পৰম বন্ধু। কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। মানুহৰ জীৱনৰ হতাশা আৰু একাকীত্ব দূৰ কৰিবলৈ এটা পোহনীয়া কুকুৰেই যথেষ্ট। কিছুমানে কুকুৰে মানুহৰ দৰেই সমাজলৈ সেৱা আগবঢ়ায়। বিভিন্ন প্ৰজাতিৰ কিছুমান কুকুৰ আমাৰ দেশৰ নিৰাপত্তা বাহিনীৰ অংশ হৈ পৰে যি আমাৰ নিৰাপত্তাৰ বাবে বিভিন্ন বিপদজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। শেহতীয়াকৈ এটা কুকুৰে সকলোতে চৰ্চা লাভ কৰিছে। কুকুৰটোৰ নাম চিম্বা। চিম্বাৰ মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে তাক চিৰবিদায় জনোৱা হ'ল। কিয় বিশেষ চিম্বা? চিম্বা এটা সাধাৰণ কুকুৰ নাছিল। মুম্বাই আৰক্ষীৰ বোমা চিনাক্তকৰণ আৰু নিষ্কাশন গোটৰ (বিডিডিএছ) এজন গুৰুত্বপূৰ্ণ সদস্য আছিল চিম্বা। বহুতো অপৰাধজনিত কাম নিৰ্মূল কৰাত চিম্বাই আগবঢ়াইছিল গুৰুত্বপূৰ্ণ সেৱা। চিম্বা ২০১৩ চনৰ পৰা বোমা নিষ্কাশন দলৰ অংশ আছিল। ৯ বছৰ বয়সত অসুস্থতাৰ হেতু ৬ মাৰ্চত মৃত্যুক আঁকোৱালি লয় চিম্বাই। https://twitter.com/Khushboo_/status/1500365889354420225?s=20&t=euJhkQQiOIhhsjspXgzCYA চিম্বাৰ মৃতদেহ এখন বগা কাপোৰেৰে ঢাকি ফুলৰ মালা অৰ্পণ কৰি কপালত আঁকি দিয়া হৈছিল তিলক। জ্বলোৱা হৈছিল চাকি-ধূপ, ভিন্নজনে কৰিছিল সেৱা। মুম্বাইৰ পেৰেলৰ পশু চিকিৎসালয়ত তিনি জাঁই গুলী ফুটাই ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় জনোৱা হয় চিম্বাক। চিম্বাই নিজৰ জীৱন কালত আগবঢ়াই থৈ যোৱা সেৱাক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে চিম্বাক ধন্যবাদ জ্ঞাপন কৰে। মুম্বাই আৰক্ষীয়ে অশ্ৰুসিক্ত নয়নেৰে কৈছিল-বিদায় হিৰ'। আৰু পঢ়কঃ আজিৰ দিনটোত আপোনাৰ ভাগ্যত কি লিখা আছে…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল