--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আধুনিক মহানগৰসমূহত কোটি কোটি জনতাৰ বসতি, ওখ ওখ অট্টালিকাৰ আন্তঃগাঁথনি আৰু প্রবল প্রদূষণে সৃষ্টি কৰিছে প্রবল গ্ৰীষ্ম প্ৰৱাহৰ। বিশেষকৈ আপেক্ষিকভাৱে ঠাণ্ডা ইউৰোপীয় মহানগৰসমূহত উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ পৰিৱেশৰ প্রতি ভাবুকি আনিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন চি আৰ) পৰা আৰম্ভ কৰি ইউৰোপৰ লণ্ডনলৈকে প্রবল গ্রীষ্ম প্রৱাহে জনজীৱনত ব্যাপক প্রভাৱ পেলাইছে। স্বাভাৱিকতে কম তাপমাত্রা থকা লণ্ডন মহানগৰৰ এই উষ্ণতাৰ অস্বাভাৱিক বৃদ্ধিয়ে বিশ্বৰ পৰিৱেশৰ প্রতি অশনি সংকেত আহিছে।


জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিঘটনাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্র মহাদেশবোৰতে প্রবল গ্রীষ্ম প্রৱাহ হৈছে। যোৱা সোমবাৰে দিল্লীত ১৪ বছৰৰ ভিতৰত নিশাৰ ভাগত সর্বাধিক তাপমাত্ৰাৰ অভিলেখ হয়। ইফালে, লণ্ডনত ঐতিহাসিকভাৱে তাপমাত্রাই ৩৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে। ব্রিটেইনৰ ইতিহাসত এয়া হৈছে সর্বোচ্চ তাপমাত্রা। 


আনহাতে, সমগ্ৰ এছিয়া আৰু ইউৰোপত প্রবল গ্রীষ্ম প্রৱাহে জনজীৱনত গুৰুতৰ প্ৰভাৱ পেলাইছে। আধুনিক মহানগৰসমূহত কোটি কোটি জনতাৰ বসতি, ওখ ওখ অট্টালিকাৰ আন্তঃগাঁথনি আৰু প্রবল প্রদূষণে সৃষ্টি কৰিছে প্রবল গ্ৰীষ্ম প্ৰৱাহৰ। বিশেষকৈ আপেক্ষিকভাৱে ঠাণ্ডা ইউৰোপীয় মহানগৰসমূহত উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ পৰিৱেশৰ প্রতি ভাবুকি আনিছে। ভাৰতৰ বিভিন্ন অঞ্চলত উষ্ণতাই ৪৮ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে। বিশ্বৰ ১০০খন গৰম মহানগৰৰ ভিতৰত ভাৰতৰ ৫০খনে ঠাই পাইছে। 


ইফালে, পশ্চিমীয়া ইউৰোপীয় মহানগৰসমূহত অভূতপূর্ব বতৰৰ পৰিৱৰ্তন ঘটিছে। ১৯৪৪ চনৰ পাছত দক্ষিণ-পশ্চিম লণ্ডনত কিউ গার্ডেনছত উষ্ণতা ৩৫.১ ডিগ্রী চেলছিয়াছৰ অভিলেখ হয়। ঠিক সেইদৰে স্বাভাৱিকতে ঠাণ্ডা দেশ ফ্রান্সতো প্রবল গ্রীষ্ম প্ৰৱাহ হৈছে। ফ্ৰান্সৰ বিভিন্ন অঞ্চলত তাপমাত্রা ৩৯ ডিগ্রী চেলছিয়াছ পর্যন্ত হৈছে। বতৰ বিজ্ঞানীসকলে প্রকাশ কৰা মতে, উত্তৰ আফ্ৰিকাৰ পৰা বলা গৰম বতাহৰ বাবে সমগ্র ইউৰোপত স্বাভাৱিকতকৈ তাপমাত্রা অধিক বৃদ্ধি পাইছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ