--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনাত নতুন অসমীয়া ছবিখন পৰিচালনা কৰিছে মঞ্জুল বৰুৱাই। ছবিখনৰ সহযোগী প্রযোজক জয়শ্রী গোস্বামী আৰু কাৰ্যবাহী প্রযোজক হিচাপে আছে কাজু মজিদ আৰু জিতেন্দ্ৰ অচিত চুতীয়া।

ডিজিটেল ডেস্ক: ইংৰাজী নতুন বছৰটিক আদৰিবলৈ আৰু মাত্ৰ কেইটামান দিন থকাৰ মাজতে অসমৰ ছবিজগতৰ বাবে আহিছে এটা ভাল খবৰ। ২০২৬ বর্ষটিত অর্থাৎ আগন্তুক নৱবৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব এ এম টেলিভিছনৰ বেনাৰত আন এখন নতুন অসমীয়া ছবি 'ৰোমাণ্টিক এফেয়াৰ্ছ'।


ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনাত নতুন অসমীয়া ছবিখন পৰিচালনা কৰিছে মঞ্জুল বৰুৱাই। ছবিখনৰ সহযোগী প্রযোজক জয়শ্রী গোস্বামী আৰু কাৰ্যবাহী প্রযোজক হিচাপে আছে কাজু মজিদ আৰু জিতেন্দ্ৰ অচিত চুতীয়া। কিন্তু মুক্তিৰ পূৰ্বেই ছবিখনলৈ আহিছে এক ভাল খবৰ।


অহা ৯ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত হ'ব লগা ২২সংখ্যক 'থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল' লৈ ছবিখন নির্বাচিত হৈছে। 'থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাৰতীয় চিনেমা প্রতিযোগিতাৰ শাখাত এই অসমীয়া ছবিখন প্রদর্শিত হ'ব। ছবিখনৰ এনে সাফল্যৰ পাছতে ছবিখনৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিগৰাকীয়ে গৌৰৱ অনুভৱ কৰিছে। ছবিখনৰ এনে সাফল্যত প্রযোজক ড° সঞ্জীৱ নাৰায়ণে কয় যে নতুন বছৰৰ প্ৰাকক্ষণত সঁচাকৈয়ে এটা ভাল খবৰ অহিছে। 'থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল'লৈ এই ছবিখন অফিচিয়েল ছিলেকশ্যন হৈছে। কেইবাটাও ঠাইত এইখন ছবি আমি এৱাৰ্ডৰ বাবে পঠিয়াইছোঁ। আমাৰ কাৰণে এইখন ছবিয়ে বহুকেইটা এৱাৰ্ড কঢ়িয়াই লৈ আনিব বুলি মই আশাবাদী।


আনহাতে, এই দহটা বছৰত ছবিজগতখন বহুত সলনি হৈ গ'ল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পূৰ্বৰ অসমীয়া ছবি আৰু বৰ্তমানৰ অসমীয়া ছবিৰ মাজত এটা আকাশ-পাতাল পার্থক্যৰ দৰে হৈ পৰিছে। ছবিৰ পাছত ছবি আমি বনাই গৈ আছোঁ আৰু অভিলেখ এটা এটা নতুনকৈ থিয় কৰি গৈ আছোঁ। আশা কৰোঁ অসমীয়া ছবি জগতখন আৰু ধুনীয়া হওক আৰু ওপৰলৈ যাওক। ইতিমধ্যে আমাৰ 'পিশাচ কথা' বুলি ভূতৰ ওপৰত নিৰ্মিত আৰু এখন ছবি আহি আছে। ভূতৰ চিনেমা কেনেকুৱা হয় সেইটোও আমি চাইছোঁ আৰু এইখন ছবিও অহা বছৰ আমি ৰাইজলৈ আগবঢ়াই দিম। আগন্তুক বর্ষটো আশাবাদী, আমাৰ আৰু কেইবাখনো ছবি আহি আছে বুলি উল্লেখ কৰি তেওঁ ২০২৬ বৰ্ষটো অসমীয়া ছবিৰ বাবে ভাল হ'ব বুলি মন্তব্য কৰে।


ইফালে, ছবিখনৰ সন্দৰ্ভত পৰিচালক মঞ্জুল বৰুৱাই প্ৰথমবাৰৰ বাবে ছবিখন মুম্বাইৰ থার্ড আই এছিয়ান ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰি ছবিখনৰ লগত জড়িত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।


উল্লেখযোগ্য যে 'ৰোমাণ্টিক এফেয়াৰ্ছ' ছবিখনৰ মূল চৰিত্ৰত বলোৰাম দাস, কাছভী শংকৰীচন, অৰুণ নাথ, স্বাগতা ভৰালী, দ্বীপজ্যোতি কাকতী, আলোকজ্যোতি শইকীয়া, গায়ত্রী শৰ্মা, ৰণাল হুছেইন আৰু ৰীণা বৰাই অভিনয় কৰিছে। ছবিখনৰ চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ, সাজসজ্জা গৰিমা শইকীয়া গাৰ্গ আৰু সংগীত সপোন শইকীয়াৰ। আনহাতে, ছবিখনৰ শব্দসজ্জাত আছে দেৱজিৎ গায়ন, কলা নির্দেশনা পঞ্জীত চাংমাইৰ আৰু প্রযোজনা নিয়ন্ত্রক হিচাপে আছে হিমেন বৰা।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ