--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিডৰ উৎপৰিৱৰ্তিত নতুন ৰূপে এতিয়া এতিয়া নতুন উদ্বেগ-উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷ ক’ভিডৰ উৎপৰিৱৰ্তিত নতুন ৰূপক লৈ এতিয়া বিশেষ সতৰ্কতা জাৰি কৰিবলৈ বাধ্য হৈ পৰিছে বিভিন্ন ৰাজ্য৷ দিল্লীতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰসমূহত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা যাত্ৰী অহাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ তাৰ পাছতো দিল্লীৰ বিমানবন্দৰত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে৷ আজি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা অহা চাৰিগৰাকী লোকৰ নমুনা সংগ্ৰহ কৰি অ'মিক্ৰন সংক্ৰমণৰ পৰীক্ষা কৰাবৰ পঠোৱা হৈছে৷

ইপিনে, বিমানবন্দৰত যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ ফলতে যাত্ৰীসকলে বহু সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ বিশেষকৈ খোৱা পানী, খাদ্য তথা চাৰ্জিং পইন্টৰ অসুবিধাত পৰিছে বহু যাত্ৰী৷ ক'ভিড তথা অ'মিক্ৰনৰ পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বিমানেৰে অহা ৩০গৰাকী যাত্ৰীৰ ভিতৰত ২৫গৰাকীৰ দেহতে ধৰা পৰিছে ক'ভিডৰ সংক্ৰমণ৷ লগতে বাকী পাঁচগৰাকী লোকক ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে৷ ইয়াৰ ভিতৰত দিল্লীত কেৱল এগৰাকী লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰন৷ ১৮গৰাকী যাত্ৰীৰ নমুনা পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু বৰ্তমানেও তাৰ ফলাফল অহাৰ অপেক্ষা কৰি থকা হৈছে৷

দিল্লীত মঙলবাৰে মুঠ ৫১জনৰ দেহত ধৰা পৰিছে ক'ভিড সংক্ৰমণ৷ চিকিৎসাধীন হৈ আছে ১৭৩জন আৰু ১৫২জন হোম আইছ'লেচনত আছে৷ ইয়াৰ উপৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে মঙলবাৰৰ দিনটোতে ১.৭লাখ লোকক প্ৰতিষেধক প্ৰদান কৰিছে৷ মুঠ ৯২লাখ লোকে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক