--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিডৰ উৎপৰিৱৰ্তিত নতুন ৰূপে এতিয়া এতিয়া নতুন উদ্বেগ-উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷ ক’ভিডৰ উৎপৰিৱৰ্তিত নতুন ৰূপক লৈ এতিয়া বিশেষ সতৰ্কতা জাৰি কৰিবলৈ বাধ্য হৈ পৰিছে বিভিন্ন ৰাজ্য৷ দিল্লীতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰসমূহত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা যাত্ৰী অহাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ তাৰ পাছতো দিল্লীৰ বিমানবন্দৰত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে৷ আজি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা অহা চাৰিগৰাকী লোকৰ নমুনা সংগ্ৰহ কৰি অ'মিক্ৰন সংক্ৰমণৰ পৰীক্ষা কৰাবৰ পঠোৱা হৈছে৷

ইপিনে, বিমানবন্দৰত যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ ফলতে যাত্ৰীসকলে বহু সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ বিশেষকৈ খোৱা পানী, খাদ্য তথা চাৰ্জিং পইন্টৰ অসুবিধাত পৰিছে বহু যাত্ৰী৷ ক'ভিড তথা অ'মিক্ৰনৰ পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বিমানেৰে অহা ৩০গৰাকী যাত্ৰীৰ ভিতৰত ২৫গৰাকীৰ দেহতে ধৰা পৰিছে ক'ভিডৰ সংক্ৰমণ৷ লগতে বাকী পাঁচগৰাকী লোকক ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে৷ ইয়াৰ ভিতৰত দিল্লীত কেৱল এগৰাকী লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰন৷ ১৮গৰাকী যাত্ৰীৰ নমুনা পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু বৰ্তমানেও তাৰ ফলাফল অহাৰ অপেক্ষা কৰি থকা হৈছে৷

দিল্লীত মঙলবাৰে মুঠ ৫১জনৰ দেহত ধৰা পৰিছে ক'ভিড সংক্ৰমণ৷ চিকিৎসাধীন হৈ আছে ১৭৩জন আৰু ১৫২জন হোম আইছ'লেচনত আছে৷ ইয়াৰ উপৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে মঙলবাৰৰ দিনটোতে ১.৭লাখ লোকক প্ৰতিষেধক প্ৰদান কৰিছে৷ মুঠ ৯২লাখ লোকে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র