--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশাখাপত্তনমৰ বন্দৰত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।  অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনম বন্দৰত ৪০ খনকৈ  মাছ ধৰা নাওত সংঘটিত অগ্নিকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  অৱশ্যে এই ঘটনাত কোনো লোক  হতাহত হোৱাৰ  খবৰ পোৱা হোৱা নাই। মাছমৰীয়াসকলে অনুমান কৰিছে যে এই অগ্নিকাণ্ডৰ ফলত কমেও ৩০  কোটি টকাৰ লোকচান হৈছে।

মাছমৰীয়াসকলে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা নাওবোৰত কিদৰে একেসময়তে জুই লাগিল সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।  নাওবোৰ এনেদৰে জ্বলি যোৱাৰ ফলত মাছমৰীয়াসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে। তেওঁলোক এতিয়া জীৱিকাকলৈ  চিন্তিত হৈ পৰিছে।বিশাখাপত্তনম আৰক্ষীয়ে জনোৱা অনুসৰি দেওবাৰে নিশা প্ৰায়   ১১.৩০ বজাত বন্দৰত ৰখাই থোৱা এখন নাওত বিস্ফোৰণৰ শব্দ শুনা গৈছিল। তাৰ পৰাই  জুই বিয়পি পৰে।  খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে অগ্নি নিৰ্বাপনৰ  কাম আৰম্ভ কৰে। প্ৰথমে  নাওবোৰত থকা  মাছমৰীয়াসকলক আঁতৰ কৰাৰ কাম কৰা হয়। 

ইয়াৰ পিছত, কেইবাখনো অগ্নিনিৰ্বাপক বাহনৰ  সহায়ত জুই নিয়ন্ত্ৰণলৈ অনা হয়।  কিন্তু নাওবোৰ ৰক্ষা কৰিব পৰা নগ'ল। কমেও ৪০ খন নাও ধ্বংস হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষী বিষয়া আনন্দ ৰেড্ডীয়ে কয়  যে প্ৰথমে  নাও এখনৰ ইন্ধন টেংকত বিস্ফোৰণৰ ঘটাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে  বুলি ধাৰণা কৰা হৈছে। অৱশ্যে, মাছমৰীয়াসকলে অভিযোগ কৰিছে  যে দুৰ্বৃত্তইনাওবোৰত জুই লগাই দিছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ