--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ভাৰতৰ মিত্ৰতা দীৰ্ঘদিনীয়া। ইউক্ৰেইনত আক্ৰমণত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতে কেনে প্ৰতিক্ৰিয়া দেখুৱাব তাক লৈ আগ্ৰহী বহুজন৷ যদিও ভাৰতে ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল, এনেসময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি বাতৰিৰ স্ক্ৰীনস্বট। ‘ভাৰতে হস্তক্ষেপ কৰা উচিত নহয়, অন্যথা পৰিণাম ৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগে’- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ইণ্ডিয়া টুডে’ এণ্টী-ফেক নিউজ ৱাৰ ৰুমে (এএফডব্লিউএ) এই বাতৰিটো মিছা বুলি প্ৰতিপন্ন কৰে। প্ৰচলিত বাতৰিৰ স্ক্ৰীণগ্ৰাব টো এজন চিকিৎসকে প্ৰচাৰ কৰা এক প্ৰতিবেদনহে। ইউক্ৰেইনৰ যুদ্ধক লৈ পুটিনৰ পৰা ভাৰতৰ প্ৰতি ভাবুকি প্ৰমাণ কৰিবলৈ কোনো বিশ্বাসযোগ্য প্ৰতিবেদন নাই।
পুটিনে তেওঁৰ ভাষণত ভাৰতৰ কথা উল্লেখ কৰিছিল নেকি?
২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে টেলিভিছনত দিয়া ভাষণত ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই ভাষণত পুটিনে আন দেশসমূহক বিষয়টোত হস্তক্ষেপ নকৰিবলৈ কয়। তেওঁ সতৰ্ক কৰি দিছিল যে এনেধৰণৰ যিকোনো পদক্ষেপৰ ফলত তেওঁলোকে কেতিয়াও নেদেখা পৰিণাম ভুগিব৷ এই বিষয়ে হোৱা অনুসন্ধানত নিশ্চিত কৰা হয় যে ৰাছিয়াৰ নেতাজনে ভাষণত ভাৰতক এবাৰো উল্লেখ কৰা নাছিল। তেওঁৰ সতৰ্কবাণী সাধাৰণতে বিশ্বৰ প্ৰতিখন দেশৰ প্ৰতি আছিল আৰু বিশেষকৈ কোনো দেশৰ নাম দিয়া হোৱা নাছিল। ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ প্ৰতি ভাৰতৰ স্থিতি কি? একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰাৰ বাবে আহ্বান জনায়। পিএমঅ’ৰ এক বিবৃতিত কোৱা হৈছে যে মোদীয়ে সংঘৰ্ষ নিষ্পত্তিৰ বাবে আলোচনা কৰিবলৈও সকলো ফালৰ পৰা সমন্বিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। ৰাছিয়াৰ বিবৃতিত ভাৰতৰ বিৰুদ্ধে কোনোধৰণৰ মন্তব্য কৰা নাছিল৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্টীকৰণৰ বাবে ভ্লাদিমীৰ পুটিনক ধন্যবাদ জ্ঞাপন কৰে আৰু বৰ্তমান ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সহায় বিচাৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হ’ব। ২০২১ চনৰ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ৰাছিয়া-ভাৰত সন্মিলনৰ পৰিপ্ৰেক্ষিতত দ্বিপাক্ষিক সহযোগিতাৰ কিছুমান বিষয়ক স্পৰ্শ কৰা হৈছিল৷ ভাৰতে ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল যিয়ে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিছিল আৰু চুবুৰীয়া দেশৰ পৰা ৰাছিয়াৰ বাহিনী প্ৰত্যাহাৰৰ দাবী জনাইছিল। বৈঠকৰ পূৰ্বে ৰাছিয়াৰ মিছনৰ উপ-প্ৰধান ৰোমান বাবুষ্কিনে ভাৰতে মস্কোক সমৰ্থন আগবঢ়াই যাব বুলি দাবী কৰিছিল। তেওঁ নতুন দিল্লীক সন্তুলিত বুলিও প্ৰশংসা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক