--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ভাৰতৰ মিত্ৰতা দীৰ্ঘদিনীয়া। ইউক্ৰেইনত আক্ৰমণত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতে কেনে প্ৰতিক্ৰিয়া দেখুৱাব তাক লৈ আগ্ৰহী বহুজন৷ যদিও ভাৰতে ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল, এনেসময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি বাতৰিৰ স্ক্ৰীনস্বট। ‘ভাৰতে হস্তক্ষেপ কৰা উচিত নহয়, অন্যথা পৰিণাম ৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগে’- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ইণ্ডিয়া টুডে’ এণ্টী-ফেক নিউজ ৱাৰ ৰুমে (এএফডব্লিউএ) এই বাতৰিটো মিছা বুলি প্ৰতিপন্ন কৰে। প্ৰচলিত বাতৰিৰ স্ক্ৰীণগ্ৰাব টো এজন চিকিৎসকে প্ৰচাৰ কৰা এক প্ৰতিবেদনহে। ইউক্ৰেইনৰ যুদ্ধক লৈ পুটিনৰ পৰা ভাৰতৰ প্ৰতি ভাবুকি প্ৰমাণ কৰিবলৈ কোনো বিশ্বাসযোগ্য প্ৰতিবেদন নাই।
পুটিনে তেওঁৰ ভাষণত ভাৰতৰ কথা উল্লেখ কৰিছিল নেকি?
২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে টেলিভিছনত দিয়া ভাষণত ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই ভাষণত পুটিনে আন দেশসমূহক বিষয়টোত হস্তক্ষেপ নকৰিবলৈ কয়। তেওঁ সতৰ্ক কৰি দিছিল যে এনেধৰণৰ যিকোনো পদক্ষেপৰ ফলত তেওঁলোকে কেতিয়াও নেদেখা পৰিণাম ভুগিব৷ এই বিষয়ে হোৱা অনুসন্ধানত নিশ্চিত কৰা হয় যে ৰাছিয়াৰ নেতাজনে ভাষণত ভাৰতক এবাৰো উল্লেখ কৰা নাছিল। তেওঁৰ সতৰ্কবাণী সাধাৰণতে বিশ্বৰ প্ৰতিখন দেশৰ প্ৰতি আছিল আৰু বিশেষকৈ কোনো দেশৰ নাম দিয়া হোৱা নাছিল। ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ প্ৰতি ভাৰতৰ স্থিতি কি? একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰাৰ বাবে আহ্বান জনায়। পিএমঅ’ৰ এক বিবৃতিত কোৱা হৈছে যে মোদীয়ে সংঘৰ্ষ নিষ্পত্তিৰ বাবে আলোচনা কৰিবলৈও সকলো ফালৰ পৰা সমন্বিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। ৰাছিয়াৰ বিবৃতিত ভাৰতৰ বিৰুদ্ধে কোনোধৰণৰ মন্তব্য কৰা নাছিল৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্টীকৰণৰ বাবে ভ্লাদিমীৰ পুটিনক ধন্যবাদ জ্ঞাপন কৰে আৰু বৰ্তমান ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সহায় বিচাৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হ’ব। ২০২১ চনৰ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ৰাছিয়া-ভাৰত সন্মিলনৰ পৰিপ্ৰেক্ষিতত দ্বিপাক্ষিক সহযোগিতাৰ কিছুমান বিষয়ক স্পৰ্শ কৰা হৈছিল৷ ভাৰতে ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল যিয়ে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিছিল আৰু চুবুৰীয়া দেশৰ পৰা ৰাছিয়াৰ বাহিনী প্ৰত্যাহাৰৰ দাবী জনাইছিল। বৈঠকৰ পূৰ্বে ৰাছিয়াৰ মিছনৰ উপ-প্ৰধান ৰোমান বাবুষ্কিনে ভাৰতে মস্কোক সমৰ্থন আগবঢ়াই যাব বুলি দাবী কৰিছিল। তেওঁ নতুন দিল্লীক সন্তুলিত বুলিও প্ৰশংসা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক