--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ সংঘাটৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ এক মন্তব্যই চিন্তিত কৰিছে দেশখনৰ বাসিন্দাক৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওকছানা মাৰ্কাৰোভে এক আচৰিত মন্তব্য কৰিছে। তেওঁ কয় যে যুদ্ধৰ পঞ্চম দিনা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে নিষিদ্ধ থাৰ্মোবেৰিক অস্ত্ৰ ব্যৱহাৰ কৰা হয়। যাৰফলত ধ্বংসস্তুপলৈ পৰিণত হৈছে ইউক্ৰেইনৰ কিছু অংশ৷ লগতে তেওঁ কয় যে, ৰাছিয়াই সোমবাৰে ভেকুৱাম বোমা ব্যৱহাৰ কৰে, যিটো জেনেভা সন্মিলনৰ অধীনত নিষিদ্ধ বুলি ঘোষণা কৰা হৈছিল । থাৰ্মোবেৰিক অস্ত্ৰই পৰম্পৰাগত গোলাবাৰুদ ব্যৱহাৰ নকৰে। এই অস্ত্ৰত উচ্চ চাপৰ বিস্ফোৰক পদাৰ্থৰে ভৰি থাকে। এই শক্তিশালী বিস্ফোৰণবোৰ ইমান শক্তিশালী যে, ই চাৰিওফালৰ পৰিৱেশৰ পৰা অক্সিজেন শোষণ কৰিব পাৰে। প্ৰতিবেদন অনুসৰি, থাৰ্মোবেৰিক বোমাবোৰ বিশ্বৰ আটাইতকৈ মাৰাত্মক পাৰমাণৱিক অস্ত্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াক ২০০৭ চনত ৰাছিয়াৰ দ্বাৰা নিৰ্মান কৰা হৈছিল। ৭১০০ কিলোগ্ৰাম ওজনৰ এই বোমাটো ব্যৱহাৰ কৰাৰ হয় কেৱল পথত থকা অট্টালিকা ধ্বংস কৰাৰ বাবে আৰু মানুহক হত্যা কৰাৰ বাবে। ইয়াক এৰোচ'ল বোমা বুলিও কোৱা হয়। পোৰ্টচমাউথ বিশ্ববিদ্যালয়ৰ পিটাৰ লীয়ে কৈছিল যে ৰাছিয়াই ২০১৬ চনত চিৰিয়াত ভেকুৱাম বোমা ব্যৱহাৰ কৰিছিল। এইটো এটা অতি বিপদজনক বোমা। ই ৪৪ টন টিএনটি শক্তিৰে এটা বিস্ফোৰণ কৰিব পাৰে। এই ভেকুৱাম বোমাৰ আন এটা বিশেষত্ব হ'ল যে ই অক্সিজেন শোষণ কৰি এটা ডাঙৰ বিস্ফোৰণ ঘটাব পাৰে। এনে বিস্ফোৰণৰ ফলত, নিমিষতে জ্বলি চাই হৈ যায় সকলো। সেয়েহে, ইয়াক আন অস্ত্ৰতকৈ অধিক শক্তিশালী বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক