--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ সংঘাটৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ এক মন্তব্যই চিন্তিত কৰিছে দেশখনৰ বাসিন্দাক৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওকছানা মাৰ্কাৰোভে এক আচৰিত মন্তব্য কৰিছে। তেওঁ কয় যে যুদ্ধৰ পঞ্চম দিনা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে নিষিদ্ধ থাৰ্মোবেৰিক অস্ত্ৰ ব্যৱহাৰ কৰা হয়। যাৰফলত ধ্বংসস্তুপলৈ পৰিণত হৈছে ইউক্ৰেইনৰ কিছু অংশ৷ লগতে তেওঁ কয় যে, ৰাছিয়াই সোমবাৰে ভেকুৱাম বোমা ব্যৱহাৰ কৰে, যিটো জেনেভা সন্মিলনৰ অধীনত নিষিদ্ধ বুলি ঘোষণা কৰা হৈছিল । থাৰ্মোবেৰিক অস্ত্ৰই পৰম্পৰাগত গোলাবাৰুদ ব্যৱহাৰ নকৰে। এই অস্ত্ৰত উচ্চ চাপৰ বিস্ফোৰক পদাৰ্থৰে ভৰি থাকে। এই শক্তিশালী বিস্ফোৰণবোৰ ইমান শক্তিশালী যে, ই চাৰিওফালৰ পৰিৱেশৰ পৰা অক্সিজেন শোষণ কৰিব পাৰে। প্ৰতিবেদন অনুসৰি, থাৰ্মোবেৰিক বোমাবোৰ বিশ্বৰ আটাইতকৈ মাৰাত্মক পাৰমাণৱিক অস্ত্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াক ২০০৭ চনত ৰাছিয়াৰ দ্বাৰা নিৰ্মান কৰা হৈছিল। ৭১০০ কিলোগ্ৰাম ওজনৰ এই বোমাটো ব্যৱহাৰ কৰাৰ হয় কেৱল পথত থকা অট্টালিকা ধ্বংস কৰাৰ বাবে আৰু মানুহক হত্যা কৰাৰ বাবে। ইয়াক এৰোচ'ল বোমা বুলিও কোৱা হয়। পোৰ্টচমাউথ বিশ্ববিদ্যালয়ৰ পিটাৰ লীয়ে কৈছিল যে ৰাছিয়াই ২০১৬ চনত চিৰিয়াত ভেকুৱাম বোমা ব্যৱহাৰ কৰিছিল। এইটো এটা অতি বিপদজনক বোমা। ই ৪৪ টন টিএনটি শক্তিৰে এটা বিস্ফোৰণ কৰিব পাৰে। এই ভেকুৱাম বোমাৰ আন এটা বিশেষত্ব হ'ল যে ই অক্সিজেন শোষণ কৰি এটা ডাঙৰ বিস্ফোৰণ ঘটাব পাৰে। এনে বিস্ফোৰণৰ ফলত, নিমিষতে জ্বলি চাই হৈ যায় সকলো। সেয়েহে, ইয়াক আন অস্ত্ৰতকৈ অধিক শক্তিশালী বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ