--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। তামিলনাডুৰ কুনুৰত বিপিন ৰাৱাটৰ বিমানখন আজি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘনাটত প্ৰাণ হেৰুৱায় ১৩জনকৈ লোক। বিমানখনত বিপিন ৰাৱাটৰ সৈতে আছিল পৰিয়ালৰ সদস্য। বিমানখনে কইম্বাটুৰৰ পৰা কুনুৰলৈ ৰাওনা হৈছিল বিমানখন। বিমানখনত আছিল বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাট। তেওঁ এমআই ছিৰিজৰ এমআই-১৭ বিমানতে আছিল। এই অত্যাধুনিক হেলিকপ্টাৰখনৰ নিৰাপত্তা ব্যৱস্থা আছিল যথেষ্ট শক্তিশালী। এমআই-১৭ ভি-৫ হেলিকপ্টাৰখন প্ৰস্তুত কৰি উলিয়াইছিল কাজান হেলিকপ্টাৰে। অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াব পাৰি অত্যাধুনিক হেলিকপ্টাৰখনত। ইয়াৰোপৰি বিমানখনত আছিল ফায়াৰ ছাপোৰ্ট। এমআই-১৭ৰ ভিতৰত আছিল এটা ডাঙৰ কেবিন । সৰ্বাধিক ৩৬ জন সশস্ত্ৰ সৈনিকৰ সৈতে উৰা মাৰিব পৰা এইখন অত্যন্ত নিৰ্ভৰযোগ্য হেলিকপ্টাৰ আছিল বুলি জনাইছে বিশেষজ্ঞসকলে।

অৱশ্যে, এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও একাধিকবাৰ দুৰ্ঘটনাৰ প‌তিত হৈছিল এমআই-১৭ বিমানখন। ২০১০ চনত অৰুণাচলত একেখন হেলিকপ্টাৰে দুৰ্ঘটনাত পতিত হৈছিল। সেই সময়ত বিমানখনত থকা ১২ জন লোকে হেৰুৱাইছিল প্ৰাণ । ২০১৮ৰ ৩ এপ্ৰিলত কেদাৰনাথত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এমআই-১৭ বিমানখন। এই দুৰ্ঘটনাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল। ইয়াৰোপৰি ২০১৩ চনত উত্তৰাখণ্ডৰ বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাইছিল বায়ুসেনাৰ এমআই-১৭ ভি-৫ বিমানখনে। সেই সময়ত হেলিকপ্টাৰত থকা ২০ জন লোকৰ আজিলৈকে কোনো সন্ধান পোৱা নগ’ল।

ইফালে ২০১২ চনৰ ৩০ আগষ্টত গুজৰাটৰ জামনগৰত দুখন এমআই-১৭ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল। মৃত্যু হৈছিল ৯জন লোকৰ। ২০১০ চনত অৰুণাচল প্ৰদেশৰ টাৱাঙতো দুৰ্ঘটনাগ্ৰস্ত হৈছিল এমআই-১৭ হেলিকপ্টাৰ। এই ঘটনাটোত ১২ জন লোকে প্ৰাণ হেৰুৱাইছিল। ২০১৯ চনত পুনৰ বুদগামত দুৰ্ঘটনাগ্ৰস্ত হৈছিল একেখন এমআই-১৭। ঘটনাটোত ৭ জন লোক নিহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
শেহতীয়াকৈ সংঘটিত এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বায়ু সেনাই ইতিমধ্যে আৰম্ভ কৰিছে তদন্তৰ। ভাৰতীয় বায়ুসেনাই এক টুইটযোগে কয়, ‘তামিলনাডুৰ কুনুৰত আইএএফৰ এমআই-১৭ ভি-৫ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনত আছিল চিডিএছ জেনেৰেল বিপিন ৰাৱাট। দুৰ্ঘটনাটো কিয় সংঘটিত হৈছে তাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট