--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বায়ুসেনাৰ MI-17V-5 নামৰ হেলিকপ্টাৰখন বুধবাৰে শোকাৱহ দুৰ্ঘটনাত পতিত হয় তামিলনাডুৰ কুন্নুৰত। তামিলনাডুৰ পশ্চিম প্ৰান্তৰ নীলগিৰি জিলাত অৱস্থিত এই কুন্নুৰ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই কুন্নুৰ পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী। তামিলনাডুৰ জৈৱ বৈচিত্ৰ্যৰ অন্যতম মূল কেন্দ্ৰ কুন্নুৰ। কুন্নুৰৰ চহকী প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলী মাতে দেশী-বিদেশী পৰ্যটকক। বছৰি লক্ষাধিক পৰ্যটকে ভিৰ কৰেহি ক্ষুদ্ৰ পাহাৰীয়া চহৰখন।

প্ৰায় ৪৫ হাজাৰ জনসংখ্যাৰ চহৰ কুন্নুৰৰ ছিমছ পাৰ্ক বিভিন্ন প্ৰজাতিৰ আপূৰুগীয়া উদ্ভিদৰ বাবে বিখ্যাত। এই কুন্নুৰতে অৱস্থিত তামিলনাডু কৃষি গৱেষণা কেন্দ্ৰও। ছিমছ পাৰ্কৰ সমীপতে অৱস্থিত পেষ্টিঅ’ৰ ইনষ্টিটিউট, য’ত প্ৰস্তুত কৰা হৈছিল ‘ৰেবিছ’ ৰোগৰ প্ৰতিষেধকো।

সাগৰপৃষ্ঠৰ পৰা ৬ হাজাৰ ফুট উচ্চতাত অৱস্থিত পাহাৰীয়া চহৰখনক বছৰৰ বেছিভাগ সময়েই আৱৰি ৰাখে ডাঠ কুঁৱলীয়ে। যাৰ বাবে ঠাইখনত সঘনে সংঘটিত হৈ আহিছে দুৰ্ঘটনা। আজিৰ এই হেলিকপ্টাৰ দুৰ্ঘটনাও ডাঠ কুঁৱলীৰ বাবেই হোৱা বুলি সন্দেহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন