--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকস্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।

ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।


কিন্তু সেইয়া প্ৰকৃততে এক আকস্মিক দুৰ্ঘটনা আছিল নে? ইয়াকৈ লৈ এতিয়া বিভিন্ন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷ এই অভিযোগ আনিছে ভাৰতীয় সেনাত প্ৰায় ৩৫ বছৰ সেৱা আগবঢ়োৱা অৱসৰ প্ৰাপ্ত ব্ৰিগেডিয়াৰ সুধীৰ সাৱন্তে৷ হেলিকপ্টাৰ দুৰ্ঘটনাটোৰ সৈতে এল টি টি ই অথবা পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই জড়িত থকাৰ আশংকা ব্যক্ত কৰিছে৷ দুৰ্ঘটনাটো ‘নিয়া’ৰ হতুৱাই তদন্ত কৰিলেহে সকলো তথ্য পোহৰলৈ আহিব বুলি সেনাগৰাকীয়ে ক’য়৷ এল টি টি ই সদস্য আই ই ডি স্থাপনত অতিকৈ পাকৈত আৰু তেওঁলোকৰ এই কাৰ্যৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই জড়িত থাকিব পাৰে৷ তেওঁ লগতে কয়- তামিল ইলম কে লিবাৰেশ্যন টাইগাৰছ্ চমুকৈ এল টি টি ই ৰ ৰণনীতিতেই এই ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পূৰ্বেও তেওঁলোকৰ দ্বাৰা সংঘটিত হোৱা কেইবাটাও এনে ঘটনাৰ সৈতে এই ঘটনাৰ সাদৃশ্য আছে।


ভাৰতীয় সেনাৰ কাম-কাজত আগৰে পৰা অসন্তুষ্ট আছিল এল টি টি ই । ভাৰতীয় সেনাই এল টি টি ই ৰ সাংগাঠনিক ভেটিঁ একেবাৰে উচন কৰি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছিল। এল টি টি ই য়ে এই ঘটনা সংঘটিত কৰিবৰ বাবে সৰু মিছাইল ব্যৱহাৰ কৰাও সন্দেহ প্ৰকাশ কৰিছে তেওঁ। তেওঁ কয়- এই কামৰ বাবে বেছি মানুহৰ প্ৰয়োজন নাই, দুজনেই যথেষ্ট। তেওঁ লগতে কয়- তামিলনাডু চৰকাৰে LTTE দুৰ্বল হৈছে বুলি ভৱাটো ভুল হব। কাৰণ তেওঁলোকক সহায় কৰাৰ বাবেও আছে আন্তৰাষ্ট্ৰীয় এক চক্ৰ জড়িত থাকিব পাৰে, সেইয়া হ’ল- পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই। সময়তহে লক্ষণীয় হ’ব সেনা বিষয়াগৰাকীৰ এই অভিযোগ কিমান সচাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম