--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল : পেটৰ বিষৰ অভিযোগ এক সাধাৰণ কথা, যেতিয়াই তেলীয়া আৰু টেঙাযুক্ত খাদ্য খায় তেতিয়াই ই সঠিকভাৱে হজম নহয় আৰু তাৰ পাছত পেটৰ বিষ অনুভৱ হয়। ইয়াৰ পৰা হাত সাৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি আমাৰ খাদ্যাভ্যাস স্বাস্থ্যসন্মত কৰি ৰখাৰ লগতে কেতিয়াও প্ৰয়োজনতকৈ বেছি খাদ্য খাব নালাগে। পেটৰ বিষ হ’লে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ সম্পন্ন কৰাটো কঠিন হৈ পৰে। এনে সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক।

 পেটৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি-

হঠাৎ পেটৰ বিষ হলে ঘৰত কোনো ঔষধ নাথাকিলে আতংকিত নহ’ব। আপুনি পাকঘৰত ৰখা কিছুমান বস্তুৰ সহায়ত আপুনি পেটৰ বিষৰ পৰা সকাহ পাব পাৰে।

 ১. ক’লা জলকীয়া-

মছলা হিচাপে আমি ক’লা জলকীয়া ব্যৱহাৰ কৰিব পাৰো, কিন্তু ইয়াৰ বহুতো ঔষধি গুণ আছে। প্ৰথমে ক’লা জলকীয়া পিহি তাৰ গুড়ি বনাই তাৰ লগত আদা, ক’লা নিমখ আৰু আছাফ’ইটিডা মিহলাই ল’ব। এতিয়া এই মিশ্ৰণটো কুহুমীয়া পানীত মিহলাই খাব লাগে। কম সময়ৰ ভিতৰতে সকাহ পাব।

২. মেথি-

পেটৰ বিষত মেথি গুটি অতি উপযোগী। গেছৰ অভিযোগ থাকিলে মেথিৰ গুটি গৰম পানীত উতলাই লওক। তাৰ পাছত পানীখিনি চেকি কুমলীয়া হ’লে খাব লাগে। ইচ্ছা কৰিলে মেথিৰ ফুলা গুটিও চোবাই খাব পাৰে।

৩. আজোৱাইন-

পেটৰ বিষৰ সমস্যা দূৰ কৰিব পৰা এবিধ অতি ফলপ্ৰসূ মছলাও হ’ল আজোৱাইন। ইয়াৰ বাবে এচামুচ আজোৱাইন আৰু জিৰাৰ গুড়ি মিহলাই তাৰ পাছত গুড়িখিনি কুহুময়া পানীৰ সৈতে খালে উপকৃত হ’ব।

 ৪. নেমু-

নেমু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী, পেটৰ বিষ হ’লে ইয়াক ব্যৱহাৰ কৰিব পাৰে। এগিলাচ কুমলীয়া পানীত এটা নেমু চেপি তাত নিমখ দি খালে পেটৰ সমস্যাৰ পৰা মুক্তি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ