--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উদয়পুৰত দৰ্জী কানহাইয়ালালৰ নৃশংস হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে দুই মুছলমান যুৱকে কানহাইলালক শিৰচ্ছেদ কৰি যিদৰে হত্যা কৰিলে সেয়া দেখি সকলো ক্ষোভিত হৈ পৰিছে। এই বিষয়ত বলীউড আৰু টিভিৰ চেলিব্ৰিটিসকলেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দিনৰ পোহৰত হোৱা এই নিৰ্দয় হত্যাকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে। ২৮ জুনত কাপোৰ চিলাই কৰাৰ চলেৰে দুই মুছলমান যুৱক মহম্মদ ৰিয়াজ আখতাৰী আৰু গৌচ মহম্মদ হিন্দু দৰ্জী কানহাইয়ালালৰ দোকানলৈ আহিছিল।

মঙলবাৰে বিয়লি হত্যাকাৰী কেইজন কানহাইয়া লালৰ দোকানত গ্ৰাহকৰ ৰূপ লৈ প্ৰৱেশ কৰিছিল। লালে আনকি তেওঁলোকৰ দেহৰ জোখ-মাখো লৈছিল। ইয়াৰ পাছতেই কানহাইয়ালালক শিৰচ্ছেদ কৰি হত্যা কৰে দুই যুৱকে। আনকি কানহাইয়ালালক হত্যা কৰাৰ এটা ভিডিঅ’ও পোষ্ট কৰে হত্যাকাৰীয়ে। এই হত্যাকাণ্ডৰ সন্দৰ্ভত লাকী আলী, কংগনা ৰাণাউট, গৌহৰ খান, ৰণবীৰ শোৰে, অনুপম খেৰ, দেৱোলীনা ভট্টাচাৰ্য, কেআৰকে, স্বাৰা ভাস্কৰকে ধৰি বহু চেলিব্ৰিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ধৰ্মৰ নামত কানহাইলালক যিদৰে হত্যা কৰা হৈছে সেয়া সকলোৱে তীব্ৰ সমালোচনা কৰিছে। কানহাইয়ালালৰ ন্যায়ৰ দাবী তুলিছে জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলীয়ে। 

তেওঁ লিখিছে যে – এজন ব্যক্তিক হত্যা কৰাটো সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ সমান। অনুগ্ৰহ কৰি তেওঁলোকক গুৰুতৰ শাস্তি প্ৰদান কৰক। ঠিক যেনেকৈ তেওঁলোকে ইছলামৰ নামত পাপ কাম কৰিছে।'' কংগনা ৰানাউটে লিখিছে, ''কানহাইলালৰ হত্যাকাণ্ডৰ ভিডিঅ' যিদৰে বনোৱা হৈছে সেয়া চাবলৈ সাহস নকৰো। মই অজ্ঞান হৈ পৰিছো।'' অনুপম খেৰে খং উজাৰি লিখিছে- ভয়ংকৰ...দুখ লাগিছে...খং উঠিছে। কেআৰকেয়ে টুইট কৰি লিখিছে- হজৰত মহম্মদে কেতিয়াও কাৰো শাৰীৰিক ক্ষতি কৰা নাছিল। সেইবাবেই এনে অপৰাধমূলক কাৰ্যকলাপ কোনেও নকৰিব। 

ৰাজস্থানৰ উদয়পুৰত টেইলৰ কানহাইয়ালালে নুপুৰ শৰ্মাৰ বক্তব্যক সমৰ্থন কৰি পোষ্ট কৰিছিল। ইয়াৰ পাছতেই তেওঁ প্ৰাণনাশৰ ভাবুকিও লাভ কৰিছিল।কানহাইয়ালালে এই কথা আৰক্ষীকো জনাইছিল আৰু সুৰক্ষা বিচাৰিছিল কিন্তু তাৰপাছতো আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। ছয় দিনৰ বাবে দোকান বন্ধ কৰি নিজক তেওঁ আবদ্ধ কৰি ৰাখিছিল যদিও অৱশেষত মঙলবাৰে ব্যৱসায়ৰ বাবে দোকানখন মুকলি কৰে। ২৮ জুনত কাপোৰ চিলাই কৰাৰ অজুহাতত মহম্মদ ৰিয়াজ আখতাৰী আৰু গৌচ মহম্মদে কানহাইলালৰ দোকানলৈ আহিছিল আৰু দুয়ো নৃশংসভাৱে কানহাইলালক হত্যা কৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ