--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উদয়পুৰত দৰ্জী কানহাইয়ালালৰ নৃশংস হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে দুই মুছলমান যুৱকে কানহাইলালক শিৰচ্ছেদ কৰি যিদৰে হত্যা কৰিলে সেয়া দেখি সকলো ক্ষোভিত হৈ পৰিছে। এই বিষয়ত বলীউড আৰু টিভিৰ চেলিব্ৰিটিসকলেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দিনৰ পোহৰত হোৱা এই নিৰ্দয় হত্যাকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে। ২৮ জুনত কাপোৰ চিলাই কৰাৰ চলেৰে দুই মুছলমান যুৱক মহম্মদ ৰিয়াজ আখতাৰী আৰু গৌচ মহম্মদ হিন্দু দৰ্জী কানহাইয়ালালৰ দোকানলৈ আহিছিল।

মঙলবাৰে বিয়লি হত্যাকাৰী কেইজন কানহাইয়া লালৰ দোকানত গ্ৰাহকৰ ৰূপ লৈ প্ৰৱেশ কৰিছিল। লালে আনকি তেওঁলোকৰ দেহৰ জোখ-মাখো লৈছিল। ইয়াৰ পাছতেই কানহাইয়ালালক শিৰচ্ছেদ কৰি হত্যা কৰে দুই যুৱকে। আনকি কানহাইয়ালালক হত্যা কৰাৰ এটা ভিডিঅ’ও পোষ্ট কৰে হত্যাকাৰীয়ে। এই হত্যাকাণ্ডৰ সন্দৰ্ভত লাকী আলী, কংগনা ৰাণাউট, গৌহৰ খান, ৰণবীৰ শোৰে, অনুপম খেৰ, দেৱোলীনা ভট্টাচাৰ্য, কেআৰকে, স্বাৰা ভাস্কৰকে ধৰি বহু চেলিব্ৰিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ধৰ্মৰ নামত কানহাইলালক যিদৰে হত্যা কৰা হৈছে সেয়া সকলোৱে তীব্ৰ সমালোচনা কৰিছে। কানহাইয়ালালৰ ন্যায়ৰ দাবী তুলিছে জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলীয়ে। 

তেওঁ লিখিছে যে – এজন ব্যক্তিক হত্যা কৰাটো সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ সমান। অনুগ্ৰহ কৰি তেওঁলোকক গুৰুতৰ শাস্তি প্ৰদান কৰক। ঠিক যেনেকৈ তেওঁলোকে ইছলামৰ নামত পাপ কাম কৰিছে।'' কংগনা ৰানাউটে লিখিছে, ''কানহাইলালৰ হত্যাকাণ্ডৰ ভিডিঅ' যিদৰে বনোৱা হৈছে সেয়া চাবলৈ সাহস নকৰো। মই অজ্ঞান হৈ পৰিছো।'' অনুপম খেৰে খং উজাৰি লিখিছে- ভয়ংকৰ...দুখ লাগিছে...খং উঠিছে। কেআৰকেয়ে টুইট কৰি লিখিছে- হজৰত মহম্মদে কেতিয়াও কাৰো শাৰীৰিক ক্ষতি কৰা নাছিল। সেইবাবেই এনে অপৰাধমূলক কাৰ্যকলাপ কোনেও নকৰিব। 

ৰাজস্থানৰ উদয়পুৰত টেইলৰ কানহাইয়ালালে নুপুৰ শৰ্মাৰ বক্তব্যক সমৰ্থন কৰি পোষ্ট কৰিছিল। ইয়াৰ পাছতেই তেওঁ প্ৰাণনাশৰ ভাবুকিও লাভ কৰিছিল।কানহাইয়ালালে এই কথা আৰক্ষীকো জনাইছিল আৰু সুৰক্ষা বিচাৰিছিল কিন্তু তাৰপাছতো আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। ছয় দিনৰ বাবে দোকান বন্ধ কৰি নিজক তেওঁ আবদ্ধ কৰি ৰাখিছিল যদিও অৱশেষত মঙলবাৰে ব্যৱসায়ৰ বাবে দোকানখন মুকলি কৰে। ২৮ জুনত কাপোৰ চিলাই কৰাৰ অজুহাতত মহম্মদ ৰিয়াজ আখতাৰী আৰু গৌচ মহম্মদে কানহাইলালৰ দোকানলৈ আহিছিল আৰু দুয়ো নৃশংসভাৱে কানহাইলালক হত্যা কৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ