--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া সংবাদ মাধ্যমে জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে, জনসাধাৰণৰ অধিকাৰ বঞ্চিত হয়,  তেতিয়া ৰাইজে সেই মিডিয়াক প্ৰত্যাখ্যান কৰে। চৰকাৰী পদলেহনকাৰী এনে বহু সংবাদ প্ৰতিষ্ঠানৰ প্ৰতি ইতিমধ্যে গৰিষ্ঠসংখ্যক নাগৰিকৰ মোহভঙ্গ ঘটিছে । এইখন নতুন ভাৰত ।এনেবোৰ কাৰণতে ভাৰতত মুক্তভাৱে মতপ্ৰকাশ কৰিবপৰা সুবিধাৰ বাবে বিকল্প মাধ্যমৰূপে জনপ্ৰিয় হৈ উঠিছে ফেচবুক,টুইটাৰ আদিৰ দৰে বিকল্প মাধ্যমসমূহ। বিভিন্ন অন্যায়ৰ বিৰুদ্ধে সহজেই সকলোকে এনে মাধ্যমসমূহৰ জৰিয়তে সচেষ্ট আৰু সংগঠিত কৰিব পাৰি ৷ 

ভাৰতে জাৰ্মানীত জি-৭ দেশসমূহ আৰু আন চাৰিখন দেশৰ সৈতে  এক বিবৃতিত স্বাক্ষৰ কৰি কয় যে “নাগৰিক সমাজৰ  স্বাধীনতা, স্বাধীনতা আৰু বৈচিত্ৰ্য ৰক্ষা কৰা” আৰু “অনলাইন আৰু অফলাইনত মত প্ৰকাশ আৰু মতামতৰ স্বাধীনতা সুৰক্ষিত কৰা ৷ 

কিন্তু বাস্তৱক্ষেত্ৰত ভাৰতবৰ্ষত এখন বিপৰীত ছবি পৰিলক্ষিত হয় ৷ উল্লেখযোগ্য যে ২০১৮ চনৰ মাৰ্চ মাহত দিয়া টুইটৰ বাবে দিল্লী আৰক্ষীয়ে সাংবাদিক মহম্মদ জুবাইৰক ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ দিনা ভাৰতে এই বিবৃতিত স্বাক্ষৰ কৰিছিল।

 সংবাদ মাধ্যমৰ সংগঠন আৰু বিৰোধী নেতাসকলে মোদী চৰকাৰক সমালোচনা কৰি কয় যে এই কাৰ্য্য “ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে আন এক প্ৰহসন ।  সংবাদ মাধ্যমৰ চোৱাচিতা সংস্থা “ৰিপ’ৰ্টাৰ্ছ উইদাউট ব’ৰ্ডাৰ্ছে” প্ৰকাশ কৰা এইবাৰৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইনডেক্সত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ ৰেংক ১৫০ স্থানত উপনীত হৈছে ৷

গুগুল,ফেচবুক আৰু টুইটাৰে প্ৰতি বছৰে লুমেন ডাটাবেছৰ সহায়ত শেহতীয়াকৈ প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০২১চনৰ ৫জানুৱাৰীৰ পৰা ২৯ ডিচেম্বৰলৈকে টুইটাৰ কৰ্তৃপক্ষক ভাৰতৰ বহু প্ৰভাৱশালী সাংবাদিক, কৃষকনেতা,বিৰোধী নেতা আদিৰ প্ৰায় ১,১৭৮টা  একাউন্ট বন্ধ কৰি দিবলৈ অনুৰোধ জনাইছিল ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,ইয়াৰ মাজত সংযুক্ত কিষাণ মৰ্চা, কিষাণ একতা মৰ্চাৰ মোদী চৰকাৰ, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ নেতা আৰু প্ৰভাৱশালী সাংবাদিকো আছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প