--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া সংবাদ মাধ্যমে জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে, জনসাধাৰণৰ অধিকাৰ বঞ্চিত হয়,  তেতিয়া ৰাইজে সেই মিডিয়াক প্ৰত্যাখ্যান কৰে। চৰকাৰী পদলেহনকাৰী এনে বহু সংবাদ প্ৰতিষ্ঠানৰ প্ৰতি ইতিমধ্যে গৰিষ্ঠসংখ্যক নাগৰিকৰ মোহভঙ্গ ঘটিছে । এইখন নতুন ভাৰত ।এনেবোৰ কাৰণতে ভাৰতত মুক্তভাৱে মতপ্ৰকাশ কৰিবপৰা সুবিধাৰ বাবে বিকল্প মাধ্যমৰূপে জনপ্ৰিয় হৈ উঠিছে ফেচবুক,টুইটাৰ আদিৰ দৰে বিকল্প মাধ্যমসমূহ। বিভিন্ন অন্যায়ৰ বিৰুদ্ধে সহজেই সকলোকে এনে মাধ্যমসমূহৰ জৰিয়তে সচেষ্ট আৰু সংগঠিত কৰিব পাৰি ৷ 

ভাৰতে জাৰ্মানীত জি-৭ দেশসমূহ আৰু আন চাৰিখন দেশৰ সৈতে  এক বিবৃতিত স্বাক্ষৰ কৰি কয় যে “নাগৰিক সমাজৰ  স্বাধীনতা, স্বাধীনতা আৰু বৈচিত্ৰ্য ৰক্ষা কৰা” আৰু “অনলাইন আৰু অফলাইনত মত প্ৰকাশ আৰু মতামতৰ স্বাধীনতা সুৰক্ষিত কৰা ৷ 

কিন্তু বাস্তৱক্ষেত্ৰত ভাৰতবৰ্ষত এখন বিপৰীত ছবি পৰিলক্ষিত হয় ৷ উল্লেখযোগ্য যে ২০১৮ চনৰ মাৰ্চ মাহত দিয়া টুইটৰ বাবে দিল্লী আৰক্ষীয়ে সাংবাদিক মহম্মদ জুবাইৰক ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ দিনা ভাৰতে এই বিবৃতিত স্বাক্ষৰ কৰিছিল।

 সংবাদ মাধ্যমৰ সংগঠন আৰু বিৰোধী নেতাসকলে মোদী চৰকাৰক সমালোচনা কৰি কয় যে এই কাৰ্য্য “ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে আন এক প্ৰহসন ।  সংবাদ মাধ্যমৰ চোৱাচিতা সংস্থা “ৰিপ’ৰ্টাৰ্ছ উইদাউট ব’ৰ্ডাৰ্ছে” প্ৰকাশ কৰা এইবাৰৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ইনডেক্সত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ ৰেংক ১৫০ স্থানত উপনীত হৈছে ৷

গুগুল,ফেচবুক আৰু টুইটাৰে প্ৰতি বছৰে লুমেন ডাটাবেছৰ সহায়ত শেহতীয়াকৈ প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০২১চনৰ ৫জানুৱাৰীৰ পৰা ২৯ ডিচেম্বৰলৈকে টুইটাৰ কৰ্তৃপক্ষক ভাৰতৰ বহু প্ৰভাৱশালী সাংবাদিক, কৃষকনেতা,বিৰোধী নেতা আদিৰ প্ৰায় ১,১৭৮টা  একাউন্ট বন্ধ কৰি দিবলৈ অনুৰোধ জনাইছিল ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,ইয়াৰ মাজত সংযুক্ত কিষাণ মৰ্চা, কিষাণ একতা মৰ্চাৰ মোদী চৰকাৰ, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ নেতা আৰু প্ৰভাৱশালী সাংবাদিকো আছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ