--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে নতুন প্ৰজন্মক ব্যৱসায়িক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হ’ব ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিবলৈ পোৱা গৈছে। বৰ্তমান ঈশা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা।

মন কৰিবলগীয়া যে, ইয়াৰ এদিন পূৰ্বে আকাশ আম্বানীক ৰিলায়েন্স জিঅ’ৰ কমাণ্ড অৰ্পণ কৰা হৈছিল। তেওঁক ৰিলায়েন্সৰ টেলিকম শাখা জিঅ’ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আকাশৰ পূৰ্বে জিঅ’ৰ অধ্যক্ষ আছিল মুকেশ আম্বানী। আকাশ আম্বানীয়ে ইতিমধ্যে ৰিলায়েন্স জিঅ’ত পৰিচালক হিচাপে কাম কৰি আছিল আৰু এতিয়া তেওঁক অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে। জিঅ’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত আকাশ আৰু ঈশাৰ ভূমিকা অনস্বীকাৰ্য। দুয়ো মেটা প্লেটফৰ্মৰ পৰা (পূৰ্বতে ফেচবুক) বৃহৎ বিনিয়োগ লাভ কৰা এটা দলৰ অংশ আছিল। ৩০ বছৰীয়া ঈশাই ঈয়েল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে। আকাশ আৰু ঈশাৰ পিছত তেওঁলোকৰ ২৭ বছৰীয়া সৰু ভাতৃ অনন্ত আম্বানীৰ ক্ষেত্ৰতো মুকেশ আম্বানীয়ে কিবা সিদ্ধান্ত ল’ব নেকি তাক লৈয়ো হৈছে চৰ্চা।

উল্লেখ্য যে, ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ’ দুয়োটা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী। মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ আৰু এমডি। মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ কোম্পানী। ইয়াৰ মাৰ্কেট কেপ ১৭ লাখ কোটিতকৈ অধিক। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হ’ব ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন