--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে নতুন প্ৰজন্মক ব্যৱসায়িক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হ’ব ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিবলৈ পোৱা গৈছে। বৰ্তমান ঈশা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা।

মন কৰিবলগীয়া যে, ইয়াৰ এদিন পূৰ্বে আকাশ আম্বানীক ৰিলায়েন্স জিঅ’ৰ কমাণ্ড অৰ্পণ কৰা হৈছিল। তেওঁক ৰিলায়েন্সৰ টেলিকম শাখা জিঅ’ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আকাশৰ পূৰ্বে জিঅ’ৰ অধ্যক্ষ আছিল মুকেশ আম্বানী। আকাশ আম্বানীয়ে ইতিমধ্যে ৰিলায়েন্স জিঅ’ত পৰিচালক হিচাপে কাম কৰি আছিল আৰু এতিয়া তেওঁক অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে। জিঅ’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত আকাশ আৰু ঈশাৰ ভূমিকা অনস্বীকাৰ্য। দুয়ো মেটা প্লেটফৰ্মৰ পৰা (পূৰ্বতে ফেচবুক) বৃহৎ বিনিয়োগ লাভ কৰা এটা দলৰ অংশ আছিল। ৩০ বছৰীয়া ঈশাই ঈয়েল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছে। আকাশ আৰু ঈশাৰ পিছত তেওঁলোকৰ ২৭ বছৰীয়া সৰু ভাতৃ অনন্ত আম্বানীৰ ক্ষেত্ৰতো মুকেশ আম্বানীয়ে কিবা সিদ্ধান্ত ল’ব নেকি তাক লৈয়ো হৈছে চৰ্চা।

উল্লেখ্য যে, ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ’ দুয়োটা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহযোগী কোম্পানী। মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ আৰু এমডি। মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ কোম্পানী। ইয়াৰ মাৰ্কেট কেপ ১৭ লাখ কোটিতকৈ অধিক। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হ’ব ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ