--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকিছুদিন পূৰ্বে  অসমত আৱিস্কৃত হোৱা মাইক্ৰিলেত্তা ঐশানী  নামৰ ভেকুলীবিধে জীৱ বিজ্ঞানীসকলক নতুন গৱেষণাৰ সুযোগ দিছিল।  দিল্লী বিশ্ববিদ্যালয়,  ইণ্ডোনেচিয়ান ইনষ্টিটিউট অফ চাইন্সে আৰু ইউনিভাৰ্চিটি অফ টেক্সাছ  আৰলিংটনৰ  গৱেষকে  দলে  উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত বহু বছৰৰ পৰাই জীৱকুলৰ ওপৰত অধ্যয়ন চলাই গৈছে। তেনে অধ্যয়নত বহু নতুন নতুন জীৱৰ সন্ধান পোৱা গৈছে।

গৱেষকৰ দলটোৱে  অসমৰ কাছাৰ জিলাৰ বনাঞ্চল আৰু ত্ৰিপুৰা তথা  মণিপুৰত মাইক্ৰিলেত্তা ঐশানী  নামৰ ভেকুলী বিধৰ সন্ধান লাভ কৰিছিল। শেহতীয়াকৈ দেহত ছয়টা ৰং থকা এক অতি ক্ষুদ্ৰাকৃতিৰ ভেকুলী শ্বিলঙত উদ্ধাৰ হৈছে ।

 মেঘালয়ৰ  পূব খাচী পাহাৰত আৱিষ্কাৰ হোৱা  এই ভেকুলীবিধ অতি ক্ষুদ্ৰ আকৃতিৰ। ভেকুলীটোৰ  আকাৰ ইমানেই  সৰু যে ই আৰামেৰে মানুহৰ নখত বহিব পাৰে। 

এই ভেকুলীটোৰ দেহত  কমেও ছয়টা পৃথক ৰং আছে। ভাৰতীয় জুলজিকেল চাৰ্ভেৰ ভাস্কৰ শইকীয়া আৰু ইলোনা জে খাৰকংগোৰৰ নেতৃত্বত গৱেষকসকলে  এই ভেকুলী বিধৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে।

ভেকুলীটোৱে "টিক-টিক" শব্দ কৰে আৰু ইয়াৰ নাম শ্বিলং বাছ  ভেকুলী বুলি জনা যায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ