--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট অনুৰাগসকলৰ বাবে দুঃখবৰ৷ শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত শ্ৰীলংকা চৰকাৰৰ হস্তক্ষেপৰ বাবে আইচিচিয়ে শ্ৰীলংকাৰ সদস্যপদ বাতিল কৰিছে। যোৱা কেইবাদিনো ধৰি শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ড আৰু শ্ৰীলংকা চৰকাৰৰ মাজত শীতল যুদ্ধ চলি আছে৷

শ্ৰীলংকাৰ ক্ৰিকেটত শ্ৰীলংকা চৰকাৰৰ এই হস্তক্ষেপৰ পাছত শুকুৰবাৰে আই চি চিয়ে এখন বৈঠক আহ্বান কৰে, য’ত শ্ৰীলংকা ক্ৰিকেটৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত চৰকাৰৰ সিদ্ধান্তসমূহ আইচিচিৰ বাবে সন্তোষজনক নহয় আৰু সেয়েহে শ্ৰীলংকা ক্ৰিকেটৰ সদস্যপদ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হ’ল। আইচিচিৰ সদস্য হিচাপে শ্ৰীলংকাই  নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

যদি কোনো দেশৰ ক্ৰিকেট ব’ৰ্ডক আইচিচিয়ে নিলম্বন কৰে, তেন্তে নিষেধাজ্ঞা উঠাই নোযোৱালৈকে সেই দেশখন আইচিচিৰ কোনো ধৰণৰ অনুষ্ঠানৰ অংশ হ’ব নোৱাৰে। অৰ্থাৎ শ্ৰীলংকাৰ সদস্যপদ পুনৰ ঘূৰাই নিদিয়ালৈকে শ্ৰীলংকাৰ ক্ৰিকেট দলে আইচিচিৰ কোনো প্ৰতিযোগিতাত খেলিব নোৱাৰিব। আইচিচিৰ এদিনীয়া বিশ্বকাপতো শ্ৰীলংকাৰ দলটোৱে ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়, আৰু এই ঘটনাই তেওঁলোকৰ ক্ৰিকেট ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

চলিত মাহৰ আৰম্ভণিতে শ্ৰীলংকা চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী ছাম্মি ছিলভাৰ নেতৃত্বত শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ গভৰ্নিং কমিটীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। এই কাৰণতে ক্ৰীড়া মন্ত্ৰী ৰোশন ৰাণাসিংহে সাতজনীয়া এখন কমিটী গঠন কৰিছিল, য’ত শ্ৰীলংকাৰ একাংশ প্ৰাক্তন ন্যায়াধীশকো অন্তৰ্ভুক্ত কৰা হৈছিল। এই কমিটীৰ অধ্যক্ষ পদ শ্ৰীলংকাৰ হৈ একমাত্ৰ এদিনীয়া বিশ্বকাপ জয় কৰা প্ৰাক্তন অধিনায়ক অৰ্জুন ৰানাটুংগাৰ হাতত অৰ্পণ কৰা হয়। ইয়াৰ উপৰিও অৰ্জুন ৰানাটুংগাকো ব’ৰ্ডৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে ঘোষণা কৰা হয়।

এই ঘটনাৰ পাছত শ্ৰীলংকা ক্ৰিকেটেও চৰকাৰৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰিছিল যদিও ৯ নৱেম্বৰত শ্ৰীলংকাৰ সদনৰ প্ৰধান বিৰোধী দলৰ নেতা সাজিত প্ৰেমদাছাই ‘দুৰ্নীতিগ্ৰস্ত শ্ৰীলংকান বৰ্ডক অপসাৰণ কৰা’ শীৰ্ষক প্ৰস্তাৱ উত্থাপন কৰে৷ এই প্ৰস্তাৱে বিৰোধী নেতাসকলৰ লগতে শাসকীয় দলৰ নেতাসকলৰো সমৰ্থন লাভ কৰিছিল আৰু সকলোৰে সন্মতি সাপেক্ষে শ্ৰীলংকা ক্ৰিকেটৰ বৰ্তমানৰ গভৰ্নিং কমিটীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই সকলোবোৰ ঘটনাৰ পাছত আজি ১০ নৱেম্বৰত আইচিচিয়ে এই সিদ্ধান্ত লয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক