--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে স্পৰ্টছমেন স্পিৰিট। বাংলাদেশৰ ছাকিব উল হাছানে শ্ৰীলংকাৰ এঞ্জেলো মেথিউজক টাইম আউট দিয়াৰ পাছতে এই বিষয়টো চৰ্চাত আছে। কোৱা হৈছে যে স্পৰ্টছমেন স্পিৰিটক ছাকিবে হত্যা কৰিলে। ক্ৰিকেট খেলপথাৰত বহুবাৰ এই স্পিৰিট দেখা পোৱা গৈছিল। তাৰে দুটি উদাহৰণ এনেধৰণৰ-

১৯৮৭ চনৰ বিশ্বকাপ কোৱাৰ্টাৰ ফাইনেলত ৱেষ্ট ইণ্ডিজ বনাম পাকিস্তানৰ মেচ হৈছিল। লাহোৰত হোৱা এই মেচখনত ৱেষ্ট ইণ্ডিজে পাকিস্তানক টাৰ্গেট দিছিল ২১৬। পাকিস্তানক শেষৰ অভাৰটোত জিকিবলৈ লাগিছিল ১৪ ৰাণ। আব্দুল কাদিৰ আৰু চেলিম জাফৰ আছিল ক্ৰীজত। ৱেষ্ট ইণ্ডিজৰ বলাৰ আছিল কৰ্টনী ৱাল্ছ। প্ৰথম দুটা বলত এক এক কৈ দুই ৰাণ ল’লে কাদিৰে। তৃতীয় বলত কাদিৰে দুই ৰাণ ল’লে। চতুৰ্থ বলত ছয় মাৰে। পঞ্চম বলটোতো কাদিৰে দুই ৰাণ ল'লে। শেষ বলটোত পাকিস্তানক জিকিবলৈ লাগে দুই ৰাণ। ষ্ট্ৰাইকত কাদিৰ, নন-ষ্ট্ৰাইকত জাফৰ। ৱালছে বল ডেলিভাৰ কৰাৰ পূৰ্বেই জাফৰে নিজৰ ক্ৰীজ এৰিলে। ৱালছে ইচ্ছা কৰা হ'লে সহজতে জাফৰক মানকাড কৰিব পাৰিলহেতেন। কিন্তু নকৰিলে। বৰং সতৰ্কহে কৰি দিলে। শেষ বলটোত কাদিৰে দুই ৰাণ লোৱাত পাকিস্তান জিকিছিল। পাকিস্তানে কোৱাৰ্টাৰ ফাইনেল জিকিছিল, কিন্তু ৱেষ্ট ইণ্ডিজ আৰু কৰ্টনী ৱালছে হৃদয় জিনিছিল। ইয়াকে কোৱা হয় ক্ৰীড়াসুলভ মানসিকতা।

ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট মেচ। ২০১১ চন। স্থান- ইংলেণ্ডৰ অভেল। ইংলেণ্ডৰ ইয়ান বেলে শতকীয় ইনিংছ খেলি আছিল৷ ড্ৰিংকচ্ ব্ৰেকৰ আগত তেওঁ এটা বল বাউণ্ডেৰী মাৰে৷ কিন্তু বলটো বাউণ্ডেৰী ৰৈ যায়। প্ৰবীন কুমাৰে বলতো ধোনীলৈ দলিয়াই ৷ ধোনীয়ে বলটো ষ্টেম্পত লগাই আপীল কৰে ৷ ইয়ান বেলে সেইটো চাৰি হ'ল বুলি ভাৱি ক্ৰিজৰ পৰা ওলাই আছিল৷ কিন্তু প্ৰকৃততে চাৰি হোৱা নাছিল ৷ ধোনীয়ে আপীল কৰাত থাৰ্ড আম্পায়াৰে আউট দিলে৷ ইয়ান বেল, ইংলেণ্ড দল, দৰ্শক সকলো আচৰিত হ’ল৷ কিন্তু ড্ৰিংকচ্ ব্ৰেকৰ পাছত সকলোকে আচৰিত কৰি ইয়ান বেল পুণৰ খেলপথাৰলৈ বেট ধৰিবলৈ আহে ৷ ইয়াৰ কাৰণ আছিল ভাৰতৰ কেপ্টেইন ধোনীয়ে ইয়ান বেলে যে নাজানিহে ক্ৰিজৰ পৰা বাহিৰত আছিল, সেয়া গম পায় আৰু বেটাৰগৰাকীক পুনৰ মাতি আনে। সকলোৱে ধোনীক শলাগ লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক