--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে স্পৰ্টছমেন স্পিৰিট। বাংলাদেশৰ ছাকিব উল হাছানে শ্ৰীলংকাৰ এঞ্জেলো মেথিউজক টাইম আউট দিয়াৰ পাছতে এই বিষয়টো চৰ্চাত আছে। কোৱা হৈছে যে স্পৰ্টছমেন স্পিৰিটক ছাকিবে হত্যা কৰিলে। ক্ৰিকেট খেলপথাৰত বহুবাৰ এই স্পিৰিট দেখা পোৱা গৈছিল। তাৰে দুটি উদাহৰণ এনেধৰণৰ-

১৯৮৭ চনৰ বিশ্বকাপ কোৱাৰ্টাৰ ফাইনেলত ৱেষ্ট ইণ্ডিজ বনাম পাকিস্তানৰ মেচ হৈছিল। লাহোৰত হোৱা এই মেচখনত ৱেষ্ট ইণ্ডিজে পাকিস্তানক টাৰ্গেট দিছিল ২১৬। পাকিস্তানক শেষৰ অভাৰটোত জিকিবলৈ লাগিছিল ১৪ ৰাণ। আব্দুল কাদিৰ আৰু চেলিম জাফৰ আছিল ক্ৰীজত। ৱেষ্ট ইণ্ডিজৰ বলাৰ আছিল কৰ্টনী ৱাল্ছ। প্ৰথম দুটা বলত এক এক কৈ দুই ৰাণ ল’লে কাদিৰে। তৃতীয় বলত কাদিৰে দুই ৰাণ ল’লে। চতুৰ্থ বলত ছয় মাৰে। পঞ্চম বলটোতো কাদিৰে দুই ৰাণ ল'লে। শেষ বলটোত পাকিস্তানক জিকিবলৈ লাগে দুই ৰাণ। ষ্ট্ৰাইকত কাদিৰ, নন-ষ্ট্ৰাইকত জাফৰ। ৱালছে বল ডেলিভাৰ কৰাৰ পূৰ্বেই জাফৰে নিজৰ ক্ৰীজ এৰিলে। ৱালছে ইচ্ছা কৰা হ'লে সহজতে জাফৰক মানকাড কৰিব পাৰিলহেতেন। কিন্তু নকৰিলে। বৰং সতৰ্কহে কৰি দিলে। শেষ বলটোত কাদিৰে দুই ৰাণ লোৱাত পাকিস্তান জিকিছিল। পাকিস্তানে কোৱাৰ্টাৰ ফাইনেল জিকিছিল, কিন্তু ৱেষ্ট ইণ্ডিজ আৰু কৰ্টনী ৱালছে হৃদয় জিনিছিল। ইয়াকে কোৱা হয় ক্ৰীড়াসুলভ মানসিকতা।

ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট মেচ। ২০১১ চন। স্থান- ইংলেণ্ডৰ অভেল। ইংলেণ্ডৰ ইয়ান বেলে শতকীয় ইনিংছ খেলি আছিল৷ ড্ৰিংকচ্ ব্ৰেকৰ আগত তেওঁ এটা বল বাউণ্ডেৰী মাৰে৷ কিন্তু বলটো বাউণ্ডেৰী ৰৈ যায়। প্ৰবীন কুমাৰে বলতো ধোনীলৈ দলিয়াই ৷ ধোনীয়ে বলটো ষ্টেম্পত লগাই আপীল কৰে ৷ ইয়ান বেলে সেইটো চাৰি হ'ল বুলি ভাৱি ক্ৰিজৰ পৰা ওলাই আছিল৷ কিন্তু প্ৰকৃততে চাৰি হোৱা নাছিল ৷ ধোনীয়ে আপীল কৰাত থাৰ্ড আম্পায়াৰে আউট দিলে৷ ইয়ান বেল, ইংলেণ্ড দল, দৰ্শক সকলো আচৰিত হ’ল৷ কিন্তু ড্ৰিংকচ্ ব্ৰেকৰ পাছত সকলোকে আচৰিত কৰি ইয়ান বেল পুণৰ খেলপথাৰলৈ বেট ধৰিবলৈ আহে ৷ ইয়াৰ কাৰণ আছিল ভাৰতৰ কেপ্টেইন ধোনীয়ে ইয়ান বেলে যে নাজানিহে ক্ৰিজৰ পৰা বাহিৰত আছিল, সেয়া গম পায় আৰু বেটাৰগৰাকীক পুনৰ মাতি আনে। সকলোৱে ধোনীক শলাগ লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক