--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি কিবা কথাত আপোনাৰ মন হতাশাই আৱৰি ধৰিছে বা কিবা কথাত দুৰ্বল যেন অনুভৱ কৰিছে তেন্তে আপোনাৰ বাবে লৈ আনিছো এটা প্ৰেৰণাদায়ক কাহিনী। যি কাহিনীয়ে মনোবল বৃদ্ধি কৰিব আপোনাৰ। ব্ৰিটেইনৰ মাৰ্টিন হিবাৰ্ট নামৰ লোকজনে হুইল চেয়াৰত বহি আৰোহণ কৰিলে মাউণ্ট কিলিমাঞ্জাৰোত। এই খবৰে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। উল্লেখ্য যে মানচেষ্টাৰৰ ৪৫ বছৰীয়া লোকজন ২০১৭ চনত সেই অঞ্চলটোত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ফলত পক্ষাঘাতগ্ৰস্ত হৈছিল। 

বোমা বিস্ফোৰণত আহত হোৱাৰ পাছত মাৰ্টিন হিবাৰ্টৰ মেৰুদণ্ডত গুৰুতৰভাৱে আঘাত লাগে, যাৰবাবে তেওঁ খোজ কাঢ়িব বা লৰচৰ কৰিব নোৱাৰা হ’ল। কিন্তু সেইটোৱেই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল। মানসিকভাৱে অতি শক্তিশালী মাৰ্টিন হিবাৰ্ট। তেওঁ বিশেষভাৱে পৰিৱৰ্তিত হুইল চেয়াৰ ব্যৱহাৰ কৰি আফ্ৰিকাৰ আটাইতকৈ ওখ পৰ্বত বগাই দেখুৱাই দিলে যে মানুহে কৰিব নোৱাৰা কাম একো নাই। এজন প্ৰেৰণাদায়ক ব্যক্তি হিচাপে নিজৰ নামটো খোদিত কৰিবলৈ সক্ষম হ’ল মাৰ্টিন হিবাৰ্টে। 

হিবাৰ্টে নিজৰ ফেচবুক প্ৰফাইলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ আৰোহণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে কয়। মাৰ্টিন হিবাৰ্টে কয় “আমি এতিয়া কিলিমঞ্জাৰোৰ ওপৰত আছো। পাঁচ বছৰ আগতে মই হাস্পতালত আছিলো, প্ৰায় লৰচৰ কৰিব পৰা নাছিলো আৰু এতিয়া মই  ইয়াত আছো, পাঁচ বছৰৰ পাছত কিলিমঞ্জাৰোৰ ওপৰত।’’ নেটিজেনসকলে মাৰ্টিন হিবাৰ্টৰ এই কৃতিত্বত সুখী হৈ অভিনন্দন বাৰ্তাৰে ভৰাই দিলে। মাৰ্টিন হিবাৰ্টৰ এই পোহৰমুখী যাত্ৰা অব্যাহত থাকিবলৈ অনেক লোকে জনালে শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে