--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি কিবা কথাত আপোনাৰ মন হতাশাই আৱৰি ধৰিছে বা কিবা কথাত দুৰ্বল যেন অনুভৱ কৰিছে তেন্তে আপোনাৰ বাবে লৈ আনিছো এটা প্ৰেৰণাদায়ক কাহিনী। যি কাহিনীয়ে মনোবল বৃদ্ধি কৰিব আপোনাৰ। ব্ৰিটেইনৰ মাৰ্টিন হিবাৰ্ট নামৰ লোকজনে হুইল চেয়াৰত বহি আৰোহণ কৰিলে মাউণ্ট কিলিমাঞ্জাৰোত। এই খবৰে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। উল্লেখ্য যে মানচেষ্টাৰৰ ৪৫ বছৰীয়া লোকজন ২০১৭ চনত সেই অঞ্চলটোত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ফলত পক্ষাঘাতগ্ৰস্ত হৈছিল। 

বোমা বিস্ফোৰণত আহত হোৱাৰ পাছত মাৰ্টিন হিবাৰ্টৰ মেৰুদণ্ডত গুৰুতৰভাৱে আঘাত লাগে, যাৰবাবে তেওঁ খোজ কাঢ়িব বা লৰচৰ কৰিব নোৱাৰা হ’ল। কিন্তু সেইটোৱেই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল। মানসিকভাৱে অতি শক্তিশালী মাৰ্টিন হিবাৰ্ট। তেওঁ বিশেষভাৱে পৰিৱৰ্তিত হুইল চেয়াৰ ব্যৱহাৰ কৰি আফ্ৰিকাৰ আটাইতকৈ ওখ পৰ্বত বগাই দেখুৱাই দিলে যে মানুহে কৰিব নোৱাৰা কাম একো নাই। এজন প্ৰেৰণাদায়ক ব্যক্তি হিচাপে নিজৰ নামটো খোদিত কৰিবলৈ সক্ষম হ’ল মাৰ্টিন হিবাৰ্টে। 

হিবাৰ্টে নিজৰ ফেচবুক প্ৰফাইলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ আৰোহণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে কয়। মাৰ্টিন হিবাৰ্টে কয় “আমি এতিয়া কিলিমঞ্জাৰোৰ ওপৰত আছো। পাঁচ বছৰ আগতে মই হাস্পতালত আছিলো, প্ৰায় লৰচৰ কৰিব পৰা নাছিলো আৰু এতিয়া মই  ইয়াত আছো, পাঁচ বছৰৰ পাছত কিলিমঞ্জাৰোৰ ওপৰত।’’ নেটিজেনসকলে মাৰ্টিন হিবাৰ্টৰ এই কৃতিত্বত সুখী হৈ অভিনন্দন বাৰ্তাৰে ভৰাই দিলে। মাৰ্টিন হিবাৰ্টৰ এই পোহৰমুখী যাত্ৰা অব্যাহত থাকিবলৈ অনেক লোকে জনালে শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি