--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে পেলেষ্টাইনৰ সংগঠন  হামাছে ইজৰাইলত ৰকেট আক্ৰমণ কৰাৰ পিছৰে পৰাই ইজৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে। কালিৰে পৰা এই যুঁজত শতাধিক লোকৰ মৃত্যু ঘটিছে।  ইজৰাইলৰ যুদ্ধ পৰিস্থিতিয়ে যেন পেলেষ্টাইনৰ সমৰ্থক  ইজিপ্তকো প্ৰভাৱান্বিত কৰিছে!  ইজিপ্তত আৰক্ষীয়ে দুজন ইজৰাইলী পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

এই ঘটনাত আন এজন ব্যক্তিও আহত হোৱাৰ খবৰ পোৱা গৈছে। শনিবাৰৰ পৰা ইজৰাইলৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। হামাছ উগ্ৰপন্থীয়ে গাজাৰ পৰা ৰকেট নিক্ষেপ কৰাৰ ফলত ইজৰাইলৰ কেইবা খনো চহৰত বিস্তৰ ক্ষতি হৈছে।  এনে সময়তে ইজিপ্তত দুজন ইজৰাইলী পৰ্যটক নিহত হোৱাৰ পিছত বহুতে অনুমান কৰিছে যে এই হত্যাকাণ্ডৰ ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে।

দেওবাৰে ইজৰাইলী পৰ্যটকৰ এটা দলে ইজিপ্তৰ আলেকজেন্দ্ৰিয়া ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়তে এই অঘটন ঘটে। । তেওঁলোকে বিখ্যাত পম্পেই স্তম্ভ চাবলৈ গৈছিল। তাতেই তেওঁ হঠাতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিবলৈ  আৰম্ভ কৰে। 
আলেকজেন্দ্ৰিয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষীয়ে গুলীচালনা কৰাত  ঘটনাস্থলীতে দুজন ইজৰাইলী পৰ্যটকৰ মৃত্যু হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুলীচালনাত আন এজন লোক আহত হয়। অৱশ্যে স্থানীয় প্ৰশাসনে লগে লগে অভিযুক্ত আৰক্ষীজনক গ্ৰেপ্তাৰ কৰে। 

পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত হামাছ বনাম ইজৰাইলৰ  যুদ্ধৰ কাৰণ নিহিত থকাৰ সন্দেহ কৰা হৈছে।  ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইজিপ্তত ইজৰাইলৰ পৰ্যটকক হত্যা কৰাৰ বিষয়ত  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ  কয়, "গাজা চহৰৰ যিবোৰ অঞ্চলত হামাছৰ উগ্ৰপন্থী লুকাই আছে, সেইঅঞ্চলসমূহ ধ্বংসস্তূপত পৰিণত কৰা হ'ব।" ইয়াৰ মাজতে ইজৰাইলৰ আক্ৰমণত গাজাত কমেও ২৩০ জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। হামাছৰ বহুতো ঠিকনাত বিমান আক্ৰমণ চলোৱা হৈছে। উল্লেখ্য ইজৰাইলক দেশ হিচাবে স্বীকৃতি দিয়া ইজিপ্তেই হৈছে প্ৰথম আৰু একমাত্ৰ ইছলামিক দেশ। পেলেষ্টাইনক সমৰ্থন কৰি অহা ইজিপ্তৰ সৈতে ইজৰাইলৰ দীৰ্ভদিন ধৰি শত্ৰুতা আছে। ইজৰাইলে আনকি পূৰ্বে ইজিপ্তৰ এটা অংশত আক্ৰমণ চলাই সেই অংশটো দখল কৰি লৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে