--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে পেলেষ্টাইনৰ সংগঠন  হামাছে ইজৰাইলত ৰকেট আক্ৰমণ কৰাৰ পিছৰে পৰাই ইজৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে। কালিৰে পৰা এই যুঁজত শতাধিক লোকৰ মৃত্যু ঘটিছে।  ইজৰাইলৰ যুদ্ধ পৰিস্থিতিয়ে যেন পেলেষ্টাইনৰ সমৰ্থক  ইজিপ্তকো প্ৰভাৱান্বিত কৰিছে!  ইজিপ্তত আৰক্ষীয়ে দুজন ইজৰাইলী পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

এই ঘটনাত আন এজন ব্যক্তিও আহত হোৱাৰ খবৰ পোৱা গৈছে। শনিবাৰৰ পৰা ইজৰাইলৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। হামাছ উগ্ৰপন্থীয়ে গাজাৰ পৰা ৰকেট নিক্ষেপ কৰাৰ ফলত ইজৰাইলৰ কেইবা খনো চহৰত বিস্তৰ ক্ষতি হৈছে।  এনে সময়তে ইজিপ্তত দুজন ইজৰাইলী পৰ্যটক নিহত হোৱাৰ পিছত বহুতে অনুমান কৰিছে যে এই হত্যাকাণ্ডৰ ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে।

দেওবাৰে ইজৰাইলী পৰ্যটকৰ এটা দলে ইজিপ্তৰ আলেকজেন্দ্ৰিয়া ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়তে এই অঘটন ঘটে। । তেওঁলোকে বিখ্যাত পম্পেই স্তম্ভ চাবলৈ গৈছিল। তাতেই তেওঁ হঠাতে আৰক্ষীয়ে গুলীবৰ্ষণ কৰিবলৈ  আৰম্ভ কৰে। 
আলেকজেন্দ্ৰিয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষীয়ে গুলীচালনা কৰাত  ঘটনাস্থলীতে দুজন ইজৰাইলী পৰ্যটকৰ মৃত্যু হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুলীচালনাত আন এজন লোক আহত হয়। অৱশ্যে স্থানীয় প্ৰশাসনে লগে লগে অভিযুক্ত আৰক্ষীজনক গ্ৰেপ্তাৰ কৰে। 

পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত হামাছ বনাম ইজৰাইলৰ  যুদ্ধৰ কাৰণ নিহিত থকাৰ সন্দেহ কৰা হৈছে।  ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইজিপ্তত ইজৰাইলৰ পৰ্যটকক হত্যা কৰাৰ বিষয়ত  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ  কয়, "গাজা চহৰৰ যিবোৰ অঞ্চলত হামাছৰ উগ্ৰপন্থী লুকাই আছে, সেইঅঞ্চলসমূহ ধ্বংসস্তূপত পৰিণত কৰা হ'ব।" ইয়াৰ মাজতে ইজৰাইলৰ আক্ৰমণত গাজাত কমেও ২৩০ জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। হামাছৰ বহুতো ঠিকনাত বিমান আক্ৰমণ চলোৱা হৈছে। উল্লেখ্য ইজৰাইলক দেশ হিচাবে স্বীকৃতি দিয়া ইজিপ্তেই হৈছে প্ৰথম আৰু একমাত্ৰ ইছলামিক দেশ। পেলেষ্টাইনক সমৰ্থন কৰি অহা ইজিপ্তৰ সৈতে ইজৰাইলৰ দীৰ্ভদিন ধৰি শত্ৰুতা আছে। ইজৰাইলে আনকি পূৰ্বে ইজিপ্তৰ এটা অংশত আক্ৰমণ চলাই সেই অংশটো দখল কৰি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি