--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইমান দামী কাৰ্তিক আৰিয়ান! হিন্দী ছবিজগতৰ নৱোদিত তাৰকাসকলৰ ভিতৰত অন্যতম হৈছে কাৰ্তিক আৰিয়ান। জৈৱ প্ৰযুক্তিবিদ্যা বিষয়ত ইঞ্জিনীয়াৰিং ডিগ্ৰীধাৰী কাৰ্তিকে মডেলিঙৰ জগতৰ পৰা আহি ২০১১চনত ‘প্যাৰ কা পঞ্চনামা’ ছবিৰে ভৰি দিছিল বলীউডত। এতিয়া তেওঁ অতি জনপ্ৰিয় আৰু ব্যস্ত হীৰো। কিন্তু কাৰ্তিক আৰিয়ানে এখন ছবিত অভিনয় কৰাৰ বাবে বিচৰা পাৰিশ্ৰমিকৰ পৰিমাণে সকলোৰে চকু কপালত তুলিছে। কেৱল দাবী কৰাই নহয় তেওঁক সেই পাৰিশ্ৰমিক দিবলৈ ৰাজিও হৈছে প্ৰযোজক।

Ala Vaikunthapuramloo নামৰ ছবিখনৰ হিন্দী ৰিমেক ‘ছেহজাদা’ত অভিনয়ৰ বাবে কাৰ্তিক আৰিয়ানে বিচাৰিছে ২১কোটি টকা। এই ছবিখনত কৃতি ছেননৰ সৈতে অভিনয় কৰিবলৈ তেওঁ চুক্তিবদ্ধ হৈছে। তেওঁৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে যে, ‘ছেহজাদা’ যিহেতু এখন বাণিজ্যিক চিনেমা তথা ইয়াৰ বাজেট যিহেতু বৃহৎ সেইবাবে কাৰ্তিকে তেওঁৰ পাৰিশ্ৰমিকো বৃদ্ধি কৰিছে। এই ছবিখনে বক্স অফিচত ব্যাপক ব্যৱসায় কৰাৰ সম্ভাৱনা আছে আৰু ছবিখনত কাৰ্তিকৰ অপৰিহাৰ্যতায়ো তেওঁৰ পাৰিশ্ৰমিক বৃদ্ধিত ভূমিকা গ্ৰহণ কৰিছে। ছবিখনৰ বাবে পৰিচালকে কাৰ্তিকক প্ৰথম পচন্দ হিচাপে গ্ৰহণ কৰিছিল আৰু কাৰ্তিক আৰিয়ান যিহেতু এই সময়ৰ এজন অতি জনপ্ৰিয় অভিনেতা সেয়ে তেওঁ এই পৰিমাণৰ পাৰিশ্ৰমিক পোৱাৰ যোগ্য বুলি বিবেচনা কৰিছে। ডেভিড ধাৱনৰ পুত্ৰ ৰোহিত ধাৱনে পৰিচালনা কৰিবলগীয়া এই ছবিখনত কাৰ্তিকক ২১কোটিৰ পাৰিশ্ৰমিক দিবলৈ ৰাজি হৈছে প্ৰযোজক।

উল্লেখ্য যে, কিছুদিন পূ্ৰ্বে তেওঁ ছাজিদ নাদিয়ালৱালা প্ৰযোজিত আৰু সমীৰ বিদৱানে পৰিচালনা কৰা এখন ৰোমাণ্টিক কমেডিত ১৫কোটি টকাত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল। কিয়াৰা আদৱানীৰ বিপৰীতে তেওঁ এই ছবিত অভিনয় কৰিব। কিন্তু তাৰ পাছতে একেজাঁপে তেওঁ বৃদ্ধি কৰিলে পাৰিশ্ৰমিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ