--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইমান দামী কাৰ্তিক আৰিয়ান! হিন্দী ছবিজগতৰ নৱোদিত তাৰকাসকলৰ ভিতৰত অন্যতম হৈছে কাৰ্তিক আৰিয়ান। জৈৱ প্ৰযুক্তিবিদ্যা বিষয়ত ইঞ্জিনীয়াৰিং ডিগ্ৰীধাৰী কাৰ্তিকে মডেলিঙৰ জগতৰ পৰা আহি ২০১১চনত ‘প্যাৰ কা পঞ্চনামা’ ছবিৰে ভৰি দিছিল বলীউডত। এতিয়া তেওঁ অতি জনপ্ৰিয় আৰু ব্যস্ত হীৰো। কিন্তু কাৰ্তিক আৰিয়ানে এখন ছবিত অভিনয় কৰাৰ বাবে বিচৰা পাৰিশ্ৰমিকৰ পৰিমাণে সকলোৰে চকু কপালত তুলিছে। কেৱল দাবী কৰাই নহয় তেওঁক সেই পাৰিশ্ৰমিক দিবলৈ ৰাজিও হৈছে প্ৰযোজক।

Ala Vaikunthapuramloo নামৰ ছবিখনৰ হিন্দী ৰিমেক ‘ছেহজাদা’ত অভিনয়ৰ বাবে কাৰ্তিক আৰিয়ানে বিচাৰিছে ২১কোটি টকা। এই ছবিখনত কৃতি ছেননৰ সৈতে অভিনয় কৰিবলৈ তেওঁ চুক্তিবদ্ধ হৈছে। তেওঁৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে যে, ‘ছেহজাদা’ যিহেতু এখন বাণিজ্যিক চিনেমা তথা ইয়াৰ বাজেট যিহেতু বৃহৎ সেইবাবে কাৰ্তিকে তেওঁৰ পাৰিশ্ৰমিকো বৃদ্ধি কৰিছে। এই ছবিখনে বক্স অফিচত ব্যাপক ব্যৱসায় কৰাৰ সম্ভাৱনা আছে আৰু ছবিখনত কাৰ্তিকৰ অপৰিহাৰ্যতায়ো তেওঁৰ পাৰিশ্ৰমিক বৃদ্ধিত ভূমিকা গ্ৰহণ কৰিছে। ছবিখনৰ বাবে পৰিচালকে কাৰ্তিকক প্ৰথম পচন্দ হিচাপে গ্ৰহণ কৰিছিল আৰু কাৰ্তিক আৰিয়ান যিহেতু এই সময়ৰ এজন অতি জনপ্ৰিয় অভিনেতা সেয়ে তেওঁ এই পৰিমাণৰ পাৰিশ্ৰমিক পোৱাৰ যোগ্য বুলি বিবেচনা কৰিছে। ডেভিড ধাৱনৰ পুত্ৰ ৰোহিত ধাৱনে পৰিচালনা কৰিবলগীয়া এই ছবিখনত কাৰ্তিকক ২১কোটিৰ পাৰিশ্ৰমিক দিবলৈ ৰাজি হৈছে প্ৰযোজক।

উল্লেখ্য যে, কিছুদিন পূ্ৰ্বে তেওঁ ছাজিদ নাদিয়ালৱালা প্ৰযোজিত আৰু সমীৰ বিদৱানে পৰিচালনা কৰা এখন ৰোমাণ্টিক কমেডিত ১৫কোটি টকাত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল। কিয়াৰা আদৱানীৰ বিপৰীতে তেওঁ এই ছবিত অভিনয় কৰিব। কিন্তু তাৰ পাছতে একেজাঁপে তেওঁ বৃদ্ধি কৰিলে পাৰিশ্ৰমিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু