--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱাবী ধৰণ-কৰণ আৰু আভিজাত্যৰ বাবে জনাজাত বলীউড তাৰকা ছেইফ আলী খান। তেওঁৰ বিচ্ছেদিত পত্নীৰো আছে নিজা সম্ভ্ৰম, প্ৰতিষ্ঠা। পিছে দুয়োৰে সম্পৰ্কত এক চাঞ্চল্যকৰ মন্তব্য কৰিছে খোদ তেওঁলোকৰ কন্যা ছাৰা আলী খানে। বলীউডৰ এই নৱাগত চাঞ্চল্য ছাৰা তেওঁৰ বেপৰোৱা ধৰণ কৰণৰ বাবে জনাজাত। ৰাজহুৱা স্থানতো মুখত যিহকে আহে তাকেই কৈ পেলায় ছাৰাই। এইবাৰ পিতৃ-মাতৃ সম্পৰ্কত ছাৰাই যি ভাষ্য আগবঢ়াইছে তাকে শুনি বহুতৰে অৱস্থা থিতাতে লুটি খাই পৰিবলগীয়া। আৰু সেইটো স্বাভাৱিকেই। কিয়নো ৰাজহুৱা মঞ্চত ছাৰাই যদি কয়, তেওঁৰ পিতৃয়ে পাটাউডী বংশৰ নৱাব ছেইফ আলী খানে অশালীন মাত মাতে আৰু মাতৃয়ে পৰ্নোগ্ৰাফি ছাইট চলায় তেতিয়া যিকোনো লোকৰে পিলাই চমকি যাব। পিছে ‘হাৰ্পাৰ্ছ বাজাৰ ইণ্ডিয়া’ৰে কথা-বতৰাত ভাগ লোৱাৰ সময়ত এই কথাই ক’লে ছাৰাই। ছাৰাই অকপটে কৈ গ’ল পিতৃ-মাতৃৰ ছবি চাই শৈশৱত তেওঁ কিদৰে মানসিকভাৱে একপ্ৰকাৰ বিপৰ্যয়ৰ গৰাহতে পৰিছিল।


ছেইফ আলী খান অভিনীত বিখ্যাত ছবি ‘ওমকাৰা’ আৰু অমৃতা সিঙৰ ‘কলয়ুগ’ চোৱাৰ পাছত হেনো শিশু ছাৰাৰ অৱস্থা অতি বেয়া হৈ গৈছিল। তেওঁ পিতৃ-মাতৃ সম্পৰ্কত এটা অতি নেচিবাচক ধাৰণা মনত পোষণ কৰিছিল ছবি দুখন চাই। পিতৃ ছেইফে গালি-গালাজ পাৰে, অশালীন মাত মাতে আৰু মাতৃ অমৃতাই পৰ্নোগ্ৰাফি ছাইট চলায় বুলি তেওঁৰ মনত বদ্ধমূল ধাৰণা হৈছিল আৰু এই ধাৰণাই তেওঁক বহু দিনলৈ খুলি-খুলি খাইছিল বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয়, সেই বছৰ দুয়োগৰাকী অভিনেতাই শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু সেয়ানো কি তাৰ ধাৰণাও ছাৰাৰ নাছিল বুলি তেওঁ স্বীকাৰোক্তি দিয়ে। বহু পলমকৈহে তেওঁ মনৰ এই ভ্ৰম ভাঙিছিল বুলি তেওঁ মন্তব্য কৰে।


ছাৰাই তেওঁৰ পিতৃ-মাতৃৰ বৈবাহিক জীৱন সম্পৰ্কতো মন্তব্য কৰে। তেওঁ নিজকে মাতৃৰ বেছি ওচৰ চপা আছিল বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, তেওঁৰ পিতৃ-মাতৃ একেলগে থকা সময়ত কেতিয়াও সুখী নাছিল বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, সেই দহটা বছৰত মোৰ মাই কেতিয়াবা হাঁহিছিল নে নাই মই নাজানো। উল্লেখ্য যে ছেইফ-অমৃতাৰ মাজত প্ৰেম বিবাহেই হৈছিল যদিও তেওঁলোকৰ বৈবাহিক সম্পৰ্ক বেছি দীঘলীয়া হোৱা নাছিল। ২০০৪চনত তেওঁলোকৰ বিচ্ছেদ ঘটিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু