--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱাবী ধৰণ-কৰণ আৰু আভিজাত্যৰ বাবে জনাজাত বলীউড তাৰকা ছেইফ আলী খান। তেওঁৰ বিচ্ছেদিত পত্নীৰো আছে নিজা সম্ভ্ৰম, প্ৰতিষ্ঠা। পিছে দুয়োৰে সম্পৰ্কত এক চাঞ্চল্যকৰ মন্তব্য কৰিছে খোদ তেওঁলোকৰ কন্যা ছাৰা আলী খানে। বলীউডৰ এই নৱাগত চাঞ্চল্য ছাৰা তেওঁৰ বেপৰোৱা ধৰণ কৰণৰ বাবে জনাজাত। ৰাজহুৱা স্থানতো মুখত যিহকে আহে তাকেই কৈ পেলায় ছাৰাই। এইবাৰ পিতৃ-মাতৃ সম্পৰ্কত ছাৰাই যি ভাষ্য আগবঢ়াইছে তাকে শুনি বহুতৰে অৱস্থা থিতাতে লুটি খাই পৰিবলগীয়া। আৰু সেইটো স্বাভাৱিকেই। কিয়নো ৰাজহুৱা মঞ্চত ছাৰাই যদি কয়, তেওঁৰ পিতৃয়ে পাটাউডী বংশৰ নৱাব ছেইফ আলী খানে অশালীন মাত মাতে আৰু মাতৃয়ে পৰ্নোগ্ৰাফি ছাইট চলায় তেতিয়া যিকোনো লোকৰে পিলাই চমকি যাব। পিছে ‘হাৰ্পাৰ্ছ বাজাৰ ইণ্ডিয়া’ৰে কথা-বতৰাত ভাগ লোৱাৰ সময়ত এই কথাই ক’লে ছাৰাই। ছাৰাই অকপটে কৈ গ’ল পিতৃ-মাতৃৰ ছবি চাই শৈশৱত তেওঁ কিদৰে মানসিকভাৱে একপ্ৰকাৰ বিপৰ্যয়ৰ গৰাহতে পৰিছিল।


ছেইফ আলী খান অভিনীত বিখ্যাত ছবি ‘ওমকাৰা’ আৰু অমৃতা সিঙৰ ‘কলয়ুগ’ চোৱাৰ পাছত হেনো শিশু ছাৰাৰ অৱস্থা অতি বেয়া হৈ গৈছিল। তেওঁ পিতৃ-মাতৃ সম্পৰ্কত এটা অতি নেচিবাচক ধাৰণা মনত পোষণ কৰিছিল ছবি দুখন চাই। পিতৃ ছেইফে গালি-গালাজ পাৰে, অশালীন মাত মাতে আৰু মাতৃ অমৃতাই পৰ্নোগ্ৰাফি ছাইট চলায় বুলি তেওঁৰ মনত বদ্ধমূল ধাৰণা হৈছিল আৰু এই ধাৰণাই তেওঁক বহু দিনলৈ খুলি-খুলি খাইছিল বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয়, সেই বছৰ দুয়োগৰাকী অভিনেতাই শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু সেয়ানো কি তাৰ ধাৰণাও ছাৰাৰ নাছিল বুলি তেওঁ স্বীকাৰোক্তি দিয়ে। বহু পলমকৈহে তেওঁ মনৰ এই ভ্ৰম ভাঙিছিল বুলি তেওঁ মন্তব্য কৰে।


ছাৰাই তেওঁৰ পিতৃ-মাতৃৰ বৈবাহিক জীৱন সম্পৰ্কতো মন্তব্য কৰে। তেওঁ নিজকে মাতৃৰ বেছি ওচৰ চপা আছিল বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, তেওঁৰ পিতৃ-মাতৃ একেলগে থকা সময়ত কেতিয়াও সুখী নাছিল বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, সেই দহটা বছৰত মোৰ মাই কেতিয়াবা হাঁহিছিল নে নাই মই নাজানো। উল্লেখ্য যে ছেইফ-অমৃতাৰ মাজত প্ৰেম বিবাহেই হৈছিল যদিও তেওঁলোকৰ বৈবাহিক সম্পৰ্ক বেছি দীঘলীয়া হোৱা নাছিল। ২০০৪চনত তেওঁলোকৰ বিচ্ছেদ ঘটিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ