--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ 'ছেক্ৰেড গেমছ'ৰ পৰা 'ৰাত অ্যাকেলি হে' লৈ। বা 'ছিৰিয়াছ মেন'। দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন মাজুলীত নিগাজী আসন দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী তাৰকা। সেইগৰাকী তাৰকা অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে এইবাৰ অ'টিটি প্লেটফৰ্মৰ পৰা বিদায় লৈছে ! মনোৰঞ্জনৰ এই নতুন মাধ্যমটোৰ প্ৰতি বিতৃষ্ণা জন্মিছে ‘ফৈজল খান’ৰ । অ'টিটি প্লেটফৰ্ম এতিয়া 'আৱৰ্জনা পেলোৱা স্তূপ' হৈ পৰিছে বুলি দাবী কৰিছে ‘গেংছ অফ ৱাচিপুৰ'ৰ অভিনেতাজনে।


নৱাজে অলপতে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দিয়াৰ সময়ত ওটিটি ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছিল। তেওঁ কয়, ‘এনে কিছুমান চলচ্চিত্ৰ বা ৱেব ছিৰিজ এতিয়া অ'টিটিত মুক্তি দিয়া হৈছে, যিবোৰ নিৰ্মাণ নকৰিলেও একো ক্ষতি নহলে হয়। এনেকোৱা কিছুমান ছিকুৱেন্স আছে য'ত ক'বলৈ বা কৰিবলৈ নতুন একোকে নাই।' উল্লেখ্য যে, নৱাজুদ্দিন ছিদ্দিকীয়ে অনুৰাগীসকলক মনোৰঞ্জনৰ মাধ্যম হিচাপে অ'টিটি যাত্ৰাৰ আৰম্ভণিতে একাধিক ছবি আৰু ৱেব ছিৰিজ উপহাৰ দিছে। নেটফ্লিক্সৰ ‘ছেক্ৰেড গেমছ’-এ ২০১৮ চনত ব্যাপক চৰ্চা লাব কৰিছিল।তাৰপাছত নেটফ্লিক্সতে 'ছিৰিয়াছ মেন'; 'ৰাত অ্যাকেলি হে'ত কৰা সাৱলীল অভিনয়ে মন্ত্ৰমুগ্ধ কৰিছিল অনুৰাগীক।


নৱাজুদ্দিনে আৰু কয়, যেতিয়া মই ‘ছেক্ৰেড গেমছ’ কৰিছিলো তেতিয়া অ'টিটি-এ এক শিহৰণৰ সৃষ্টি কৰিছিল। নতুন প্ৰতিভাক সুযোগ দিছিল এইখন মঞ্চই। কিন্তু সেই সকলোবোৰ এতিয়া অতীত। কোনো কামতে এতিয়া নতুনত্ব নাই। অ'টিটি এতিয়া তথাকথিত তাৰকা আৰু প্ৰযোজনা কোম্পানীবোৰৰ বাবে এক ব্যৱসায়িক স্থান হৈ পৰিছে। অসংখ্য চলচ্চিত্ৰ বা ৱেব ছিৰিজ মুক্তি পাইছে, প্ৰযোজকসকল ৰজা হৈছে। লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন। সংখ্যাক গুৰুত্ব দিওতে হেৰুৱাইছে মান। তাৰকা-কেন্দ্ৰিক চিন্তাৰ বৰ্ধিত মাত্ৰাই উদ্যোগটোৰ প্ৰকৃত ইমেজ ধ্বংস কৰিছে।‘ তেওঁৰ কথাত, ‘অ'টিটি তাৰকাসকলৰ আচৰণ এতিয়া ডাঙৰ পৰ্দাৰ তাৰকাৰ দৰে হৈ পৰিছে। তেওঁলোকে পাহৰি গৈছে যে অ'টিটিৰ বিষয়বস্তুহে ৰজা, নায়ক বা নায়িকা নহয়।' উল্লেখ্য যে, নৱাজুদ্দিনৰ এনে কেতবোৰ স্পৰ্শকাতৰ মন্তব্যই সম্প্ৰতি চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বঙালী পৰিচালক প্ৰদীপ্ত ভট্টাচাৰ্যকো সৰব হৈ পৰা দেখা পোৱা গ'ল ছিদ্দিকীৰ বিৰুদ্ধে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ