--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ 'ছেক্ৰেড গেমছ'ৰ পৰা 'ৰাত অ্যাকেলি হে' লৈ। বা 'ছিৰিয়াছ মেন'। দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন মাজুলীত নিগাজী আসন দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী তাৰকা। সেইগৰাকী তাৰকা অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে এইবাৰ অ'টিটি প্লেটফৰ্মৰ পৰা বিদায় লৈছে ! মনোৰঞ্জনৰ এই নতুন মাধ্যমটোৰ প্ৰতি বিতৃষ্ণা জন্মিছে ‘ফৈজল খান’ৰ । অ'টিটি প্লেটফৰ্ম এতিয়া 'আৱৰ্জনা পেলোৱা স্তূপ' হৈ পৰিছে বুলি দাবী কৰিছে ‘গেংছ অফ ৱাচিপুৰ'ৰ অভিনেতাজনে।


নৱাজে অলপতে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দিয়াৰ সময়ত ওটিটি ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছিল। তেওঁ কয়, ‘এনে কিছুমান চলচ্চিত্ৰ বা ৱেব ছিৰিজ এতিয়া অ'টিটিত মুক্তি দিয়া হৈছে, যিবোৰ নিৰ্মাণ নকৰিলেও একো ক্ষতি নহলে হয়। এনেকোৱা কিছুমান ছিকুৱেন্স আছে য'ত ক'বলৈ বা কৰিবলৈ নতুন একোকে নাই।' উল্লেখ্য যে, নৱাজুদ্দিন ছিদ্দিকীয়ে অনুৰাগীসকলক মনোৰঞ্জনৰ মাধ্যম হিচাপে অ'টিটি যাত্ৰাৰ আৰম্ভণিতে একাধিক ছবি আৰু ৱেব ছিৰিজ উপহাৰ দিছে। নেটফ্লিক্সৰ ‘ছেক্ৰেড গেমছ’-এ ২০১৮ চনত ব্যাপক চৰ্চা লাব কৰিছিল।তাৰপাছত নেটফ্লিক্সতে 'ছিৰিয়াছ মেন'; 'ৰাত অ্যাকেলি হে'ত কৰা সাৱলীল অভিনয়ে মন্ত্ৰমুগ্ধ কৰিছিল অনুৰাগীক।


নৱাজুদ্দিনে আৰু কয়, যেতিয়া মই ‘ছেক্ৰেড গেমছ’ কৰিছিলো তেতিয়া অ'টিটি-এ এক শিহৰণৰ সৃষ্টি কৰিছিল। নতুন প্ৰতিভাক সুযোগ দিছিল এইখন মঞ্চই। কিন্তু সেই সকলোবোৰ এতিয়া অতীত। কোনো কামতে এতিয়া নতুনত্ব নাই। অ'টিটি এতিয়া তথাকথিত তাৰকা আৰু প্ৰযোজনা কোম্পানীবোৰৰ বাবে এক ব্যৱসায়িক স্থান হৈ পৰিছে। অসংখ্য চলচ্চিত্ৰ বা ৱেব ছিৰিজ মুক্তি পাইছে, প্ৰযোজকসকল ৰজা হৈছে। লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন। সংখ্যাক গুৰুত্ব দিওতে হেৰুৱাইছে মান। তাৰকা-কেন্দ্ৰিক চিন্তাৰ বৰ্ধিত মাত্ৰাই উদ্যোগটোৰ প্ৰকৃত ইমেজ ধ্বংস কৰিছে।‘ তেওঁৰ কথাত, ‘অ'টিটি তাৰকাসকলৰ আচৰণ এতিয়া ডাঙৰ পৰ্দাৰ তাৰকাৰ দৰে হৈ পৰিছে। তেওঁলোকে পাহৰি গৈছে যে অ'টিটিৰ বিষয়বস্তুহে ৰজা, নায়ক বা নায়িকা নহয়।' উল্লেখ্য যে, নৱাজুদ্দিনৰ এনে কেতবোৰ স্পৰ্শকাতৰ মন্তব্যই সম্প্ৰতি চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বঙালী পৰিচালক প্ৰদীপ্ত ভট্টাচাৰ্যকো সৰব হৈ পৰা দেখা পোৱা গ'ল ছিদ্দিকীৰ বিৰুদ্ধে


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু