--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে প্ৰথমতে ৩০ আগষ্টত জাপানলৈ গৈ তাত জাপান-ভাৰত শীর্ষ সন্মিলনত অংশ গ্রহণ কৰাৰ পাছত ৩১ আগষ্টত চীনলৈ ৰাওনা হ'ব।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ সৈতে শুল্ক যুদ্ধ চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন ভ্ৰমণৰ সিদ্ধান্ত ঘোষণা কৰিছে। প্রধানমন্ত্রীয়ে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া শ্বাংহাই সহযোগিতা সংগঠনৰ (এছ চি অ') শীর্ষ সন্মিলনত অংশ গ্রহণ কৰিব।


প্রধানমন্ত্রীয়ে প্ৰথমতে ৩০ আগষ্টত জাপানলৈ গৈ তাত জাপান-ভাৰত শীর্ষ সন্মিলনত অংশ গ্রহণ কৰাৰ পাছত ৩১ আগষ্টত চীনলৈ ৰাওনা হ'ব। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীয়ে প্রায় সাত বছৰৰ পাছত চীন ভ্রমণ কৰিব। আনহাতে ২০২০ চনত গলৱান উপত্যকাত দুয়োখন দেশৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষৰ পাছত মোদীয়ে প্ৰথমবাৰলৈ চীন ভ্রমণ কৰিব।


প্রধানমন্ত্রীয়ে তেওঁৰ ১১ বছৰীয়া কাৰ্যকালত পঞ্চম বাৰলৈ চীন ভ্ৰমণ কৰিব। মন কৰিবলগীয়া যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ প্ৰসংগত ভাৰতে আমেৰিকা আৰু ইউৰোপীয়ান ইউনিয়নৰ দৰে পশ্চিমীয়া দেশবোৰত তথ্যসহকাৰে প্ৰত্যক্ষভাৱে প্ৰত্যুত্তৰ দিয়াৰ সময়তে ভাৰতে আমেৰিকা বিৰোধী দেশ চীন আৰু ৰাছিয়াৰ সৈতে নিজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ কৰিবলৈ লৈছে।


ইয়াৰ দ্বাৰা ভাৰতে এই কথা স্পষ্ট কৰি দিয়ে যে এতিয়া দেশখন কোনো ৰাষ্ট্ৰ বা ৰাষ্ট্ৰ গোটৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিবলৈ নিবিচাৰে। ভাৰতে নিজৰ ৰাষ্ট্ৰীয় স্বার্থকহে সর্বাধিক গুৰুত্ব দিয়ে।


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে শুল্ক যুদ্ধ চলি থকাৰ সময়তে মোদীৰ চীন আৰু জাপান ভ্ৰমণৰ সিদ্ধান্তই বিশেষ তাৎপর্য বহন কৰিছে। এছ চি অ' শীর্ষ সন্মিলনৰ মাজতে প্রধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। দুয়োজন নেতা অন্তিমবাৰ মিলিত হৈছিল যোৱা বছৰ কজানত অনুষ্ঠিত ব্রিক্‌ছ শীর্ষ সন্মিলনৰ সময়ত। মোদীয়ে এছ চি অ' শীর্ষ সন্মিলনৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভানা আছে ।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু