--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে প্ৰথমতে ৩০ আগষ্টত জাপানলৈ গৈ তাত জাপান-ভাৰত শীর্ষ সন্মিলনত অংশ গ্রহণ কৰাৰ পাছত ৩১ আগষ্টত চীনলৈ ৰাওনা হ'ব।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ সৈতে শুল্ক যুদ্ধ চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন ভ্ৰমণৰ সিদ্ধান্ত ঘোষণা কৰিছে। প্রধানমন্ত্রীয়ে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া শ্বাংহাই সহযোগিতা সংগঠনৰ (এছ চি অ') শীর্ষ সন্মিলনত অংশ গ্রহণ কৰিব।


প্রধানমন্ত্রীয়ে প্ৰথমতে ৩০ আগষ্টত জাপানলৈ গৈ তাত জাপান-ভাৰত শীর্ষ সন্মিলনত অংশ গ্রহণ কৰাৰ পাছত ৩১ আগষ্টত চীনলৈ ৰাওনা হ'ব। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীয়ে প্রায় সাত বছৰৰ পাছত চীন ভ্রমণ কৰিব। আনহাতে ২০২০ চনত গলৱান উপত্যকাত দুয়োখন দেশৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষৰ পাছত মোদীয়ে প্ৰথমবাৰলৈ চীন ভ্রমণ কৰিব।


প্রধানমন্ত্রীয়ে তেওঁৰ ১১ বছৰীয়া কাৰ্যকালত পঞ্চম বাৰলৈ চীন ভ্ৰমণ কৰিব। মন কৰিবলগীয়া যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ প্ৰসংগত ভাৰতে আমেৰিকা আৰু ইউৰোপীয়ান ইউনিয়নৰ দৰে পশ্চিমীয়া দেশবোৰত তথ্যসহকাৰে প্ৰত্যক্ষভাৱে প্ৰত্যুত্তৰ দিয়াৰ সময়তে ভাৰতে আমেৰিকা বিৰোধী দেশ চীন আৰু ৰাছিয়াৰ সৈতে নিজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ কৰিবলৈ লৈছে।


ইয়াৰ দ্বাৰা ভাৰতে এই কথা স্পষ্ট কৰি দিয়ে যে এতিয়া দেশখন কোনো ৰাষ্ট্ৰ বা ৰাষ্ট্ৰ গোটৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিবলৈ নিবিচাৰে। ভাৰতে নিজৰ ৰাষ্ট্ৰীয় স্বার্থকহে সর্বাধিক গুৰুত্ব দিয়ে।


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে শুল্ক যুদ্ধ চলি থকাৰ সময়তে মোদীৰ চীন আৰু জাপান ভ্ৰমণৰ সিদ্ধান্তই বিশেষ তাৎপর্য বহন কৰিছে। এছ চি অ' শীর্ষ সন্মিলনৰ মাজতে প্রধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। দুয়োজন নেতা অন্তিমবাৰ মিলিত হৈছিল যোৱা বছৰ কজানত অনুষ্ঠিত ব্রিক্‌ছ শীর্ষ সন্মিলনৰ সময়ত। মোদীয়ে এছ চি অ' শীর্ষ সন্মিলনৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভানা আছে ।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ