--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছিয়ান গেমছৰ পদক তালিকাত ভাৰত ১৭ টা পদকেৰে ১৫ সংখ্যক স্থানত আছে। সীমা কুমাৰী ভাৰতৰ বাবে ১৬ সংখ্যক পদক জয় কৰা খেলুৱৈ আছিল।

ডিজিটেল ডেস্ক: ভাৰতীয় এথলীট সীমা কুমাৰীয়ে ২৪ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। মিজুহো পাৰ্ক এথলেটিক ষ্টেডিয়ামত মহিলাসকলৰ ১০,০০০ মিটাৰ দৌৰৰ ফাইনেল অনুষ্ঠিত হয়, য'ত সীমা কুমাৰীয়ে ৩২:৫০.০৫ ছেকেণ্ড সময় লৈ তৃতীয় স্থান দখল কৰে।


ইয়াৰ পূৰ্বে ২০১০ চনত ভাৰতৰ প্ৰীজা শ্ৰীধৰণে এই ইভেণ্টত সোণৰ পদক লাভ কৰিছিল, আনহাতে কবিতা ৰাউতে ৰূপৰ পদক দখল কৰিছিল। সীমা এই দৌৰত পদক জয় কৰা তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ হৈ পৰিল।


প্ৰতিযোগিতাখনত বাহৰেইনৰ ভিনফ্ৰেড য়াভিয়ে সোণৰ পদক নিজৰ নামত কৰে। তেওঁ ৩২:৩৯.১৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে। ইয়াৰ লগতে জাপানৰ নজমি তানাকায়ে ৩২:৪১.৫৪ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক দখল কৰে।


সীমাৰ ফাইনেলৰ আৰম্ভণি যথেষ্ট ভাল আছিল। প্ৰথম ২০০০ মিটাৰত তেওঁক আটাইতকৈ আগত দেখা গৈছিল। ইয়ালৈকে আহিবলৈ তেওঁ মাত্ৰ ৬:৩৬.১৩ ছেকেণ্ড সময় লৈছিল। কিন্তু ইয়াৰ পিছত তেওঁ নিজকে শীৰ্ষস্থানত ধৰি ৰাখিব নোৱাৰিলে। এটা সময়ত তেওঁ চতুৰ্থ স্থানলৈ নামি গৈছিল, যিটো দেখি ধাৰণা হৈছিল যে ভাৰতে কোনো পদক নাপাব। কিন্তু শেষৰ ১০০০ মিটাৰত তেওঁ আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰে আৰু শীৰ্ষ-৩ লৈ উভতি আহে। এইদৰে তেওঁ পদক দখল কৰে।


এছিয়ান গেমছৰ পদক তালিকাত ভাৰত ১৭ টা পদকেৰে ১৫ সংখ্যক স্থানত আছে। সীমা কুমাৰী ভাৰতৰ বাবে ১৬ সংখ্যক পদক জয় কৰা খেলুৱৈ আছিল। ইয়াৰ পিছত ৪×৪০০ মিটাৰ ৰিলে দৌৰৰ দলটোৱে ৰূপৰ পদক জয় কৰে, যিটো ভাৰতৰ বাবে ১৭ সংখ্যক পদক আছিল। এতিয়ালৈকে ভাৰতলৈ মাত্ৰ এটা সোণৰ পদকহে আহিছে। এই সোণৰ পদকটো ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে লাভ কৰিছে। এতিয়া অপেক্ষা দ্বিতীয়টো সোণৰ পদকলৈ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?