--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মহৰমৰ শোভাযাত্ৰাৰ সময়তে ঘটিল এক  শোকাৱহ ঘটনা।  শোভাযাত্ৰাত ভাগ লোৱা এজন যুৱকৰ নিজৰ হাততে থকা তৰোৱালৰ আঘাত লাগি থিতাতে মৃত্যু ঘটে। শোকালহ ঘটনাটো ঘটিছে পশ্চিমবংগৰ পূব বৰ্ধমানৰ কেতুগ্ৰামত   মঙলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হয় মহৰম। পৰম্পৰা অনুসৰি মহৰমৰ দিনা মুছলমান সম্প্ৰদায়ৰ পুৰুষসকলে দেশৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। কেতুগ্ৰামতো তেনে শোভাযাত্ৰাই উলুওৱা হৈছিল। 

পৰম্পৰা ৰক্ষা কৰি শোভাযাত্ৰাত ভাগ লোৱা লোকসকলে তৰোৱালেৰে নানান ভংগী প্ৰদৰ্শন কৰিছিল। তেনে সময়তে নিজৰ হাততে থকা তৰোৱালে এজন যুৱকক আঘাত কৰে। উপলত  ১৯ বছৰীয়া যুৱক জনৰ মৃত্যু ঘটে। নিহত যুৱক জনৰ নাম চাহিৰুল শ্বেখ। তেওঁৰ ঘৰ কেতুগ্ৰামৰ আনখোনা গাঁৱৰ লেদুৰিয়া পাৰাত ।

 তেওঁ কলকাতাৰ এটা কাৰখানাত কাম কৰিছিল। চাহিৰুলে  মহৰম উপলক্ষে কেতুগ্ৰামৰ ঘৰলৈ গৈছিল।  জানিব পৰা গৈছে যে চাহিৰুলে তৰোৱাল ঘূৰাই থকাৰ সময়তে তৰোৱাল খন তেওঁৰ পেটত সোমাই যায়। চাহিৰুল লগে লগে ৰাস্তাত বাগৰি পৰে । তেজেৰে লুতুৰু-পুতুৰি হোৱা  চাহিৰুলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়  যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

পূব বৰ্ধমানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) ধ্ৰুবা দাসে কয়, "ঘটনাটো অতি শোকাৱহ। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসকসকলে কৈছে যে তীক্ষ্ণ তৰোৱাল খনে যুৱক জনৰ পেট আৰু হাঁওফাঁওত আঘাত কৰিছিল ।যুৱকজনৰ মৃত্যুত কেতুগ্ৰামত শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ