--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মহৰমৰ শোভাযাত্ৰাৰ সময়তে ঘটিল এক  শোকাৱহ ঘটনা।  শোভাযাত্ৰাত ভাগ লোৱা এজন যুৱকৰ নিজৰ হাততে থকা তৰোৱালৰ আঘাত লাগি থিতাতে মৃত্যু ঘটে। শোকালহ ঘটনাটো ঘটিছে পশ্চিমবংগৰ পূব বৰ্ধমানৰ কেতুগ্ৰামত   মঙলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হয় মহৰম। পৰম্পৰা অনুসৰি মহৰমৰ দিনা মুছলমান সম্প্ৰদায়ৰ পুৰুষসকলে দেশৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। কেতুগ্ৰামতো তেনে শোভাযাত্ৰাই উলুওৱা হৈছিল। 

পৰম্পৰা ৰক্ষা কৰি শোভাযাত্ৰাত ভাগ লোৱা লোকসকলে তৰোৱালেৰে নানান ভংগী প্ৰদৰ্শন কৰিছিল। তেনে সময়তে নিজৰ হাততে থকা তৰোৱালে এজন যুৱকক আঘাত কৰে। উপলত  ১৯ বছৰীয়া যুৱক জনৰ মৃত্যু ঘটে। নিহত যুৱক জনৰ নাম চাহিৰুল শ্বেখ। তেওঁৰ ঘৰ কেতুগ্ৰামৰ আনখোনা গাঁৱৰ লেদুৰিয়া পাৰাত ।

 তেওঁ কলকাতাৰ এটা কাৰখানাত কাম কৰিছিল। চাহিৰুলে  মহৰম উপলক্ষে কেতুগ্ৰামৰ ঘৰলৈ গৈছিল।  জানিব পৰা গৈছে যে চাহিৰুলে তৰোৱাল ঘূৰাই থকাৰ সময়তে তৰোৱাল খন তেওঁৰ পেটত সোমাই যায়। চাহিৰুল লগে লগে ৰাস্তাত বাগৰি পৰে । তেজেৰে লুতুৰু-পুতুৰি হোৱা  চাহিৰুলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়  যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

পূব বৰ্ধমানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) ধ্ৰুবা দাসে কয়, "ঘটনাটো অতি শোকাৱহ। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসকসকলে কৈছে যে তীক্ষ্ণ তৰোৱাল খনে যুৱক জনৰ পেট আৰু হাঁওফাঁওত আঘাত কৰিছিল ।যুৱকজনৰ মৃত্যুত কেতুগ্ৰামত শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ