--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদত : অপৰাধ নিয়ন্ত্ৰণ বিভাগ দিনে দিনে অধিক কৌশলী আৰু প্ৰযুক্তিৰে সমৃদ্ধ হৈ আহিছে।সমান্তৰালভাৱে অপৰাধীৰ মগজুও দিনে দিনে চোকা হৈ আহিছে।অপৰাধ কাৰ্যত সফল হ'বলৈ এতিয়া অপৰাধীয়ে নিত্য নতুন কৌশল বিচাৰি উলিয়াইছে

এইক্ষেত্ৰত চোৰাং ব্যৱসায়ীসকলেই সম্ভৱতঃ সবাতোকৈ আগবঢ়া।শেহতীয়াকৈ চোৰাং ব্যৱসায়ীৰ উদ্ভাৱন ক্ষমতাৰ প্ৰমাণ পোৱা গ'ল হায়দৰাবাদত।হায়দৰাবাদৰ শুল্ক বিভাগে শ্বাৰজাহৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ অন্তৰ্বাসৰ পৰা উদ্ধাৰ কৰিছে ৪৩.৫৫ লাখ টকা মূল্যৰ সোণ।৮৯৫.২০ গ্ৰাম ওজনৰ এই সোণখিনি পেষ্টৰ ৰূপত ভাৰতীয় নাগৰিকজনে নিজৰ অন্তৰ্বাসৰ ভিতৰত ভৰাই ৰাখিছিল। সোণৰ পেষ্টটো প্লাষ্টিকৰ এক পাত্ৰত ভৰাই তেওঁ নিজৰ অন্তৰ্বাসত লুকুৱাই আনিছিল।এই সংক্ৰান্তত সোণৰ চোৰাং সৰবৰাহ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰি হায়দৰাবাদৰ শুল্ক বিভাগ তথা আৰক্ষী প্ৰশাসনে জোৰদাৰ তদন্ত চলাই আছে।

উল্লেখ্য যে সোণৰ চোৰাং ব্যৱসায়ীয়ে সোণ সৰবৰাহ কৰাৰ বাবে নিত্য নতুন কৌশল ব্যৱহাৰ কৰি আহিছে।অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ শৰীৰৰ ভিতৰত সোণ সংস্থাপন কৰি সৰবৰাহ কৰাৰ ঘটনাও আৰক্ষীৰ হাতত ধৰা পৰিছে।কিছুদিন পূৰ্বে কেৰেলা আৰক্ষীয়ে পেণ্টৰ চিলাইৰ দুই তৰপৰ মাজত অতি কৌশলেৰে কঢ়িয়াই অনা ১৪ লাখ টকা মূল্যৰ সোণ ধৰা পেলায়।জুলাই মাহত চেন্নাইৰ শুল্ক বিভাগে সৰবৰাহকাৰীয়ে নিজৰ পায়ুত সুমুৱাই অনা প্ৰায় ৪০ লাখ টকা মূল্যৰ সোণ ধৰা পেলাইছিল।যি নহওঁ‌ক, চোৰাং সৰবৰাহকাৰীৰ শেহতীয়া সক্ৰিয়তাৰ পৰা সোণৰ এন্ধাৰ বজাৰখনৰ প্ৰসাৰিত সাম্ৰাজ্যৰেই উমান লাভ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ