--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদত : অপৰাধ নিয়ন্ত্ৰণ বিভাগ দিনে দিনে অধিক কৌশলী আৰু প্ৰযুক্তিৰে সমৃদ্ধ হৈ আহিছে।সমান্তৰালভাৱে অপৰাধীৰ মগজুও দিনে দিনে চোকা হৈ আহিছে।অপৰাধ কাৰ্যত সফল হ'বলৈ এতিয়া অপৰাধীয়ে নিত্য নতুন কৌশল বিচাৰি উলিয়াইছে।

এইক্ষেত্ৰত চোৰাং ব্যৱসায়ীসকলেই সম্ভৱতঃ সবাতোকৈ আগবঢ়া।শেহতীয়াকৈ চোৰাং ব্যৱসায়ীৰ উদ্ভাৱন ক্ষমতাৰ প্ৰমাণ পোৱা গ'ল হায়দৰাবাদত।হায়দৰাবাদৰ শুল্ক বিভাগে শ্বাৰজাহৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ অন্তৰ্বাসৰ পৰা উদ্ধাৰ কৰিছে ৪৩.৫৫ লাখ টকা মূল্যৰ সোণ।৮৯৫.২০ গ্ৰাম ওজনৰ এই সোণখিনি পেষ্টৰ ৰূপত ভাৰতীয় নাগৰিকজনে নিজৰ অন্তৰ্বাসৰ ভিতৰত ভৰাই ৰাখিছিল। সোণৰ পেষ্টটো প্লাষ্টিকৰ এক পাত্ৰত ভৰাই তেওঁ নিজৰ অন্তৰ্বাসত লুকুৱাই আনিছিল।এই সংক্ৰান্তত সোণৰ চোৰাং সৰবৰাহ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰি হায়দৰাবাদৰ শুল্ক বিভাগ তথা আৰক্ষী প্ৰশাসনে জোৰদাৰ তদন্ত চলাই আছে।

উল্লেখ্য যে সোণৰ চোৰাং ব্যৱসায়ীয়ে সোণ সৰবৰাহ কৰাৰ বাবে নিত্য নতুন কৌশল ব্যৱহাৰ কৰি আহিছে।অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ শৰীৰৰ ভিতৰত সোণ সংস্থাপন কৰি সৰবৰাহ কৰাৰ ঘটনাও আৰক্ষীৰ হাতত ধৰা পৰিছে।কিছুদিন পূৰ্বে কেৰেলা আৰক্ষীয়ে পেণ্টৰ চিলাইৰ দুই তৰপৰ মাজত অতি কৌশলেৰে কঢ়িয়াই অনা ১৪ লাখ টকা মূল্যৰ সোণ ধৰা পেলায়।জুলাই মাহত চেন্নাইৰ শুল্ক বিভাগে সৰবৰাহকাৰীয়ে নিজৰ পায়ুত সুমুৱাই অনা প্ৰায় ৪০ লাখ টকা মূল্যৰ সোণ ধৰা পেলাইছিল।যি নহওঁ‌ক, চোৰাং সৰবৰাহকাৰীৰ শেহতীয়া সক্ৰিয়তাৰ পৰা সোণৰ এন্ধাৰ বজাৰখনৰ প্ৰসাৰিত সাম্ৰাজ্যৰেই উমান লাভ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু