--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইহুদী শাসক আৰু আমেৰিকাৰ দ্বাৰা প্ৰৰোচিত যুদ্ধ অন্ত পেলোৱাৰ একমাত্র উপায় হৈছে ইৰানৰ বৈধ অধিকাৰক স্বীকৃতি দিয়া, যুদ্ধৰ ক্ষতিপূৰণ দিয়া আৰু ভৱিষ্যতৰ আগ্রাসনৰ বিৰুদ্ধে দৃঢ় আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা।

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ত্রয়োদশ দিনত ভৰি দিয়া ইজৰাইল-আমেৰিকাৰ সৈতে ইৰানৰ যুদ্ধ অন্ত পেলাবলৈ ইৰানে তিনিটা চর্ত বান্ধি দিছে। সামাজিক মাধ্যম এক্সত ইৰানৰ ৰাষ্ট্ৰপতি মাচুদ পেজেছকিয়ানে কয়, 'ৰাছিয়া আৰু পাকিস্তানৰ নেতাৰ সৈতে কথা পাতি মই অঞ্চলটোৰ শান্তিৰ বাবে ইৰানৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ নিশ্চিত কৰিলোঁ।'


ইহুদী শাসক আৰু আমেৰিকাৰ দ্বাৰা প্ৰৰোচিত যুদ্ধ অন্ত পেলোৱাৰ একমাত্র উপায় হৈছে ইৰানৰ বৈধ অধিকাৰক স্বীকৃতি দিয়া, যুদ্ধৰ ক্ষতিপূৰণ দিয়া আৰু ভৱিষ্যতৰ আগ্রাসনৰ বিৰুদ্ধে দৃঢ় আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা। 


উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলে যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰান আক্রমণ আৰম্ভ কৰিছিল। উক্ত আক্ৰমণত দেশখনৰ সৰ্বোচ্চ নেতা, শীর্ষ সামৰিক কমাণ্ডাৰ আয়াতুল্লা চৈয়দ আলী খামেনেই আৰু বহু অসামৰিক নাগৰিকৰ মৃত্যু হৈছিল। তাৰ পাছতে ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে ইজৰাইলৰ বিভিন্ন স্থান লক্ষ্য কৰি এক প্রতিশোধমূলক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। 


ৰাষ্ট্ৰসংঘত ইৰানৰ স্থায়ী প্রতিনিধি আমীৰ-চয়ীদ ইৰাৱানীৰ মতে আমেৰিকা-ইজৰাইলৰ আক্রমণত দেশখনত মহিলা আৰু শিশুকে ধৰি ১,৩৪৮জন অসামৰিক লোকৰ মৃত্যু হৈছে। আনহাতে, চলি থকা যুদ্ধত আহত হৈছে ১৭,০০০ৰো অধিক ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু