--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ ৩ মাহ পাৰ হ’ল। এতিয়ালৈকে যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইউক্ৰেইনৰ পৰা অহা বিধ্বংসী বাতৰিয়ে সমগ্ৰ বিশ্বক চিন্তিত কৰি তুলিছে। ইউক্ৰেইনত বাস কৰা এগৰাকী যুৱতীৰ বাবে গুজৰাটৰ চুৰাটৰ এটা পৰিয়ালে অতিশয় চিন্তাত দিন কটাইছে। এই পৰিয়ালটোৱে ভগৱানৰ ওচৰত অবিৰতভাৱে প্ৰাৰ্থনা কৰি আছে যে এই যুদ্ধত ইউক্ৰেইনৰ যুৱতীগৰাকী যাতে কোনো ধৰণৰ দুখ-কষ্ট নোপোৱাকৈ কুশলে থাকে আৰু এই যুদ্ধখন যাতে অতি সোনকালে শেষ হয়। যুৱতীগৰাকীৰ চিন্তাত আনকি তেওঁলোকৰ চকুৰ টোপনিও নোহোৱা হৈছে। 
 ইউক্ৰেইনৰ যুৱতীগৰাকী আৰু গুজৰাটৰ পৰিয়ালৰ মাজত যি সম্পৰ্ক সেয়া জানিলে নিশ্চয়কৈ আপুনি আৱেগিক হৈ পৰিব। দৰাচলতে ইউক্ৰেইনৰ কন্যাৰ বাবে চিন্তিত হৈ থকা গুজৰাটী পৰিয়ালটোৰ ২১ বছৰীয়া পুত্ৰ ৰবিৰ ২০১৭ চনৰ ৬ এপ্ৰিলত আহমেদাবাদত মৃত্যু হৈছিল। মটৰ চাইকেলেৰে ক’ৰবালৈ গৈ থাকোতে ৰবি দুৰ্ঘটনাত পতিত হৈছিল। চিকিৎসালয়ত চিকিৎসকে তেওঁক ব্ৰেইন ডেড বুলি ঘোষণা কৰিছিল। ট্ৰান্সপ্লাণ্টৰ বাবে ব্ৰেইন ডেড ৰবিৰ অংগ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়ালটোৱে। এই সময়ছোৱাত ইউক্ৰেইনৰ বাসিন্দা নাটালিয়া নামৰ যুৱতীগৰাকী মুম্বাইত হৃদৰোগত চিকিৎসাধীন হৈ আছিল। নাটালিয়াক জীয়াই থাকিবলৈ এটা হৃদযন্ত্ৰৰ প্ৰয়োজন হৈছিল। চুৰাটৰ ডনেট লাইভ সংস্থাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নীলেশ মণ্ডেলৱালাৰ প্ৰচেষ্টাত ইউক্ৰেইনৰ নাটালিয়াৰ শৰীৰত ৰবি দেৱানীৰ হৃদযন্ত্ৰ সংৰোপণ কৰা হয়। 

সুস্থ হৈ নাটালিয়া ইউক্ৰেইনলৈ উভতি গ’ল। ইয়াৰপাছত প্ৰায় ৩ বছৰ পূৰ্বে নাটালিয়াই ৰবিৰ পিতৃ ঠাকাৰসী ভাই, মাতৃ লীলা বেন আৰু ডাঙৰ ভাতৃ সতীশ দেৱানীৰ সৈতে যোগাযোগ কৰি ইউক্ৰেইনলৈ মাতিছিল। ইউক্ৰেইনৰ ৰাজধানী কিভত তেওঁলোকৰ বাবে সন্মানসহকাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। নাটালিয়াই ৰবি দেৱানীৰ পিতৃ-মাতৃক মা-দেউতা বুলি মাতিবলৈ ল’লে। এনেদৰে ইউক্ৰেইনৰ নাটালিয়া চুৰাটৰ দেৱানী পৰিয়ালৰ কন্যা হৈ পৰিল। তেতিয়াৰ পৰা ইউক্ৰেইনত বাস কৰা নাটালিয়া আৰু চুৰাটত বাস কৰা দেৱানী পৰিয়ালৰ মাজত দৈনিক যোগাযোগ চলি আহিছে।
 
নাটালিয়া আৰু দেৱানী পৰিয়ালে ইজনে সিজনৰ ভাষা বুজি নাপায় কিন্তু ট্ৰেন্সলেটাৰৰ সহায়ত তেওঁলোকে মেচেঞ্জাৰত যোগাযোগ কৰে। ৰবিৰ হৃদস্পন্দন নাটালিয়াৰ বুকুত স্পন্দিত হোৱাৰ বাবে দেৱানী পৰিয়ালৰ বাবে নাটালিয়া নিজৰ জীৰ দৰে হৈ পৰিল। এতিয়া সেইগৰাকী কন্যাৰ কুশলকামনা কৰি নেদেখাজনৰ ওচৰত অহৰহ প্ৰাৰ্থনা জনাই আছে দেৱানী পৰিয়ালে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ