--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ ৩ মাহ পাৰ হ’ল। এতিয়ালৈকে যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইউক্ৰেইনৰ পৰা অহা বিধ্বংসী বাতৰিয়ে সমগ্ৰ বিশ্বক চিন্তিত কৰি তুলিছে। ইউক্ৰেইনত বাস কৰা এগৰাকী যুৱতীৰ বাবে গুজৰাটৰ চুৰাটৰ এটা পৰিয়ালে অতিশয় চিন্তাত দিন কটাইছে। এই পৰিয়ালটোৱে ভগৱানৰ ওচৰত অবিৰতভাৱে প্ৰাৰ্থনা কৰি আছে যে এই যুদ্ধত ইউক্ৰেইনৰ যুৱতীগৰাকী যাতে কোনো ধৰণৰ দুখ-কষ্ট নোপোৱাকৈ কুশলে থাকে আৰু এই যুদ্ধখন যাতে অতি সোনকালে শেষ হয়। যুৱতীগৰাকীৰ চিন্তাত আনকি তেওঁলোকৰ চকুৰ টোপনিও নোহোৱা হৈছে। 
 ইউক্ৰেইনৰ যুৱতীগৰাকী আৰু গুজৰাটৰ পৰিয়ালৰ মাজত যি সম্পৰ্ক সেয়া জানিলে নিশ্চয়কৈ আপুনি আৱেগিক হৈ পৰিব। দৰাচলতে ইউক্ৰেইনৰ কন্যাৰ বাবে চিন্তিত হৈ থকা গুজৰাটী পৰিয়ালটোৰ ২১ বছৰীয়া পুত্ৰ ৰবিৰ ২০১৭ চনৰ ৬ এপ্ৰিলত আহমেদাবাদত মৃত্যু হৈছিল। মটৰ চাইকেলেৰে ক’ৰবালৈ গৈ থাকোতে ৰবি দুৰ্ঘটনাত পতিত হৈছিল। চিকিৎসালয়ত চিকিৎসকে তেওঁক ব্ৰেইন ডেড বুলি ঘোষণা কৰিছিল। ট্ৰান্সপ্লাণ্টৰ বাবে ব্ৰেইন ডেড ৰবিৰ অংগ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়ালটোৱে। এই সময়ছোৱাত ইউক্ৰেইনৰ বাসিন্দা নাটালিয়া নামৰ যুৱতীগৰাকী মুম্বাইত হৃদৰোগত চিকিৎসাধীন হৈ আছিল। নাটালিয়াক জীয়াই থাকিবলৈ এটা হৃদযন্ত্ৰৰ প্ৰয়োজন হৈছিল। চুৰাটৰ ডনেট লাইভ সংস্থাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নীলেশ মণ্ডেলৱালাৰ প্ৰচেষ্টাত ইউক্ৰেইনৰ নাটালিয়াৰ শৰীৰত ৰবি দেৱানীৰ হৃদযন্ত্ৰ সংৰোপণ কৰা হয়। 

সুস্থ হৈ নাটালিয়া ইউক্ৰেইনলৈ উভতি গ’ল। ইয়াৰপাছত প্ৰায় ৩ বছৰ পূৰ্বে নাটালিয়াই ৰবিৰ পিতৃ ঠাকাৰসী ভাই, মাতৃ লীলা বেন আৰু ডাঙৰ ভাতৃ সতীশ দেৱানীৰ সৈতে যোগাযোগ কৰি ইউক্ৰেইনলৈ মাতিছিল। ইউক্ৰেইনৰ ৰাজধানী কিভত তেওঁলোকৰ বাবে সন্মানসহকাৰে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। নাটালিয়াই ৰবি দেৱানীৰ পিতৃ-মাতৃক মা-দেউতা বুলি মাতিবলৈ ল’লে। এনেদৰে ইউক্ৰেইনৰ নাটালিয়া চুৰাটৰ দেৱানী পৰিয়ালৰ কন্যা হৈ পৰিল। তেতিয়াৰ পৰা ইউক্ৰেইনত বাস কৰা নাটালিয়া আৰু চুৰাটত বাস কৰা দেৱানী পৰিয়ালৰ মাজত দৈনিক যোগাযোগ চলি আহিছে।
 
নাটালিয়া আৰু দেৱানী পৰিয়ালে ইজনে সিজনৰ ভাষা বুজি নাপায় কিন্তু ট্ৰেন্সলেটাৰৰ সহায়ত তেওঁলোকে মেচেঞ্জাৰত যোগাযোগ কৰে। ৰবিৰ হৃদস্পন্দন নাটালিয়াৰ বুকুত স্পন্দিত হোৱাৰ বাবে দেৱানী পৰিয়ালৰ বাবে নাটালিয়া নিজৰ জীৰ দৰে হৈ পৰিল। এতিয়া সেইগৰাকী কন্যাৰ কুশলকামনা কৰি নেদেখাজনৰ ওচৰত অহৰহ প্ৰাৰ্থনা জনাই আছে দেৱানী পৰিয়ালে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন