--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকৌ ৰক্তক্ষয়ী জম্মু-কাশ্মীৰ। এইবাৰ কাশ্মীৰত এক উগ্ৰপন্থী আক্ৰমণত এজন জনপ্ৰিয় টিকটক তাৰকা নিহত হয়। বুধবাৰে নিশা প্ৰায় 8 বজাত, কাশ্মীৰৰ বুদগাওঁ অঞ্চলত গুলীচালনাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে ৩৫ বছৰীয়া অমৰীন ভাটক তেওঁৰ ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল।  তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। খবৰ অনুসৰি অমৰিনৰ সৈতে তেওঁৰ ১০ বছৰীয়া ভতিজা ফাৰহান জুবেইৰ আছিল। তেওঁকো গুলীয়াই হত্যা কৰা হৈছিল।

 

মৃত অমৰিন ভাটে দূৰদৰ্শনত এটা সৰু চৰিত্ৰতো অভিনয় কৰিছিল। অৱশ্যে, তেওঁ মুখ্যত কাশ্মীৰীৰ টিকটক তাৰকা হিচাপে জনাজাত কৰিছিল। আক্ৰমণকাৰীসকলে কিয় অমৰিনৰ ওপৰত গুলী চালনা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাশ্মীৰ  আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

 

ইফালে, উপত্যকাৰ বাৰামুলা জিলাৰ নাজিৱত ক্ৰছিংত সংঘটিত বন্দুক যুদ্ধত তিনিজন পাকিস্তানী  উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। বন্দুক আক্ৰমণত এজন আৰক্ষীয়েও প্ৰাণ হেৰুৱাইছিল। কাশ্মীৰ আৰক্ষীৰ সূত্ৰঅনুসৰি, আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দল এই অভিযানত জড়িত আছিল। নিহত উগ্ৰপন্থীসকলৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে।

 

মৃত আৰক্ষীজনক চৈফুল্লা কাদৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ শ্ৰীনগৰৰ সৌৰা অঞ্চলত । সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে তেওঁলোকে লস্কৰ-ই-তৈবা উগ্ৰপন্থী সংগঠনৰ পাঁচজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ তিনিজন যোৱা মাহত বাৰামুলাত চৰপঞ্চৰ হত্যাকাণ্ডত জড়িত আছিল।

 

আনহাতে, নিৰাপত্তাৰক্ষীয়ে শেহতীয়াকৈ এজন কাশ্মীৰী পণ্ডিতৰ হত্যাৰ সৈতে জড়িত দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। সূত্ৰঅনুসৰি, চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰা আৰু পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা ৰাহুল ভাটক গুলীয়াই হত্যা কৰা দুজন সন্ত্ৰাসবাদীক  সুৰক্ষা বাহিনীয়ে  ২৪ ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি নিৰ্মূল কৰি হত্যা কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন