--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকৌ ৰক্তক্ষয়ী জম্মু-কাশ্মীৰ। এইবাৰ কাশ্মীৰত এক উগ্ৰপন্থী আক্ৰমণত এজন জনপ্ৰিয় টিকটক তাৰকা নিহত হয়। বুধবাৰে নিশা প্ৰায় 8 বজাত, কাশ্মীৰৰ বুদগাওঁ অঞ্চলত গুলীচালনাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে ৩৫ বছৰীয়া অমৰীন ভাটক তেওঁৰ ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল।  তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। খবৰ অনুসৰি অমৰিনৰ সৈতে তেওঁৰ ১০ বছৰীয়া ভতিজা ফাৰহান জুবেইৰ আছিল। তেওঁকো গুলীয়াই হত্যা কৰা হৈছিল।

 

মৃত অমৰিন ভাটে দূৰদৰ্শনত এটা সৰু চৰিত্ৰতো অভিনয় কৰিছিল। অৱশ্যে, তেওঁ মুখ্যত কাশ্মীৰীৰ টিকটক তাৰকা হিচাপে জনাজাত কৰিছিল। আক্ৰমণকাৰীসকলে কিয় অমৰিনৰ ওপৰত গুলী চালনা কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাশ্মীৰ  আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

 

ইফালে, উপত্যকাৰ বাৰামুলা জিলাৰ নাজিৱত ক্ৰছিংত সংঘটিত বন্দুক যুদ্ধত তিনিজন পাকিস্তানী  উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। বন্দুক আক্ৰমণত এজন আৰক্ষীয়েও প্ৰাণ হেৰুৱাইছিল। কাশ্মীৰ আৰক্ষীৰ সূত্ৰঅনুসৰি, আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দল এই অভিযানত জড়িত আছিল। নিহত উগ্ৰপন্থীসকলৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে।

 

মৃত আৰক্ষীজনক চৈফুল্লা কাদৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ শ্ৰীনগৰৰ সৌৰা অঞ্চলত । সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে তেওঁলোকে লস্কৰ-ই-তৈবা উগ্ৰপন্থী সংগঠনৰ পাঁচজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ তিনিজন যোৱা মাহত বাৰামুলাত চৰপঞ্চৰ হত্যাকাণ্ডত জড়িত আছিল।

 

আনহাতে, নিৰাপত্তাৰক্ষীয়ে শেহতীয়াকৈ এজন কাশ্মীৰী পণ্ডিতৰ হত্যাৰ সৈতে জড়িত দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। সূত্ৰঅনুসৰি, চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰা আৰু পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা ৰাহুল ভাটক গুলীয়াই হত্যা কৰা দুজন সন্ত্ৰাসবাদীক  সুৰক্ষা বাহিনীয়ে  ২৪ ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি নিৰ্মূল কৰি হত্যা কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ