--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমীয়াত এষাৰ কথা আছে, “লোকৰ পিঠাৰে বিহু পতা’। স্বাভাৱিকতেই এই আপ্তবাক্যশাৰীয়ে আনৰ ওপৰত ভৰসা কৰি নিজৰ স্বাৰ্থ জাহিৰ কৰা এচাম লোকক সাঙুৰি লয়। এইখিনিলৈকে ঠিকেই আছে; কিন্তু আনৰ সম্পদ বা সম্পত্তি ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে তেতিয়া ই বিপজ্জনক হৈ পৰিব পাৰে। এনে এক বিপদৰেই সন্মুখীন হৈছে মধ্য প্ৰদেশৰ এজন পোষ্টমাষ্টৰ।

এই কথাত কাৰো দ্বিমত নাই যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) মানেই এক জুৱাৰ বজাৰ। আই পি এলৰ প্ৰতিখন মেচৰ নামত কোটি কোটি টকাৰ জুৱাৰ বেহা বহে। এই বেহাত কপাল ফুলিলে কোনোবা নিশাটোৰ ভিতৰতে ধনৱন্ত হৈ পৰিব পাৰে, আনহাতে খৰাং ভাগ্যৰ আন কোনোবা আকৌ হৈ পৰে পথৰ ভিক্ষাৰী। 

এনেদৰেই আই পি এলৰ জুৱাৰ বজাৰত প্ৰৱেশ কৰি মূৰে কঁপালে হাত দিব লগীয়া হৈছে পোষ্টমাষ্টৰজনে। পোষ্টমাষ্টৰজনৰ এই জুৱাৰ ৰাগীৰ ফল ভুগিবলগীয়া হৈছে  ২৪ টা পৰিয়ালে। কিন্তু কিয় এজন পোষ্টমাষ্টৰৰ ভুলে এই পৰিয়াল সমূহৰ মূৰত সৰগ ভাঙিলে, জানিলে আচৰিত হ'ব আপুনিও।

মধ্য প্ৰদেশৰ এই পোষ্টমাষ্টৰ জনে আই পি এল জুৱাত হেৰুৱাইছে ১ কোটি টকা। কিন্তু এই টকাখিনি পোষ্টমাষ্টৰ জনৰ নিজৰ নাছিল। এই বৃহৎ অংকৰ ধনৰাশি আছিল ২৪ টা পৰিয়ালে সঞ্চয়ৰ বাবে জমা দিয়া পুঁজি। 

পোষ্টমাষ্টৰজনে এই বিশাল ধনৰাশি সাগৰ জিলাৰ এটা উপ ডাকঘৰত জমা কৰিব লাগিছিল। কিন্তু ডাকঘৰত জমা দিয়াৰ পৰিৱৰ্তে তেওঁ সমগ্ৰ ধন বাজিত লগায়। কিন্তু লাভৰ আশা কৰি জুৱাত বহা পোষ্টমাষ্টৰজনৰ ভাগ্যই নুকুলালে। ভাগ্য তেওঁৰ প্ৰতিকূলে গ’ল। ফলত হেৰুৱালে সমগ্ৰ ধন।

ইয়াৰ পিছতে থৰকাচুটি হেৰুওৱা বিশাল আহিৰৱাৰ নামৰ পোষ্টমাষ্টৰ জন উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ আগত স্বীকাৰ কৰে নিজৰ অপৰাধ। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত মধ্য প্ৰদেশ আৰক্ষীয়ে যোৱা ২০ মে'ত আহিৰৱাক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত পোষ্টমাষ্টৰজনে ভুৱা এফডি একাউণ্টৰ বাবে প্ৰকৃত পাছবুক জাৰী কৰিছিল আৰু যোৱা দুবছৰৰ পৰা আই পি এল ক্ৰিকেট বেটিংত সম্পূৰ্ণ ধন বিনিয়োগ কৰিছিল। 

স্থানীয় বিনা-জিআৰপি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় ধুৰ্ভেই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে ধৃত বিশাল আহিৰৱাৰৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৪২০ আৰু ৪০৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী সময়ত অনুসন্ধানৰ ফলাফলৰ ওপৰত ভিত্তি কৰি গোচৰটোত অধিক শাখা যোগ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে উল্লেখ কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন