--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমীয়াত এষাৰ কথা আছে, “লোকৰ পিঠাৰে বিহু পতা’। স্বাভাৱিকতেই এই আপ্তবাক্যশাৰীয়ে আনৰ ওপৰত ভৰসা কৰি নিজৰ স্বাৰ্থ জাহিৰ কৰা এচাম লোকক সাঙুৰি লয়। এইখিনিলৈকে ঠিকেই আছে; কিন্তু আনৰ সম্পদ বা সম্পত্তি ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে তেতিয়া ই বিপজ্জনক হৈ পৰিব পাৰে। এনে এক বিপদৰেই সন্মুখীন হৈছে মধ্য প্ৰদেশৰ এজন পোষ্টমাষ্টৰ।

এই কথাত কাৰো দ্বিমত নাই যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) মানেই এক জুৱাৰ বজাৰ। আই পি এলৰ প্ৰতিখন মেচৰ নামত কোটি কোটি টকাৰ জুৱাৰ বেহা বহে। এই বেহাত কপাল ফুলিলে কোনোবা নিশাটোৰ ভিতৰতে ধনৱন্ত হৈ পৰিব পাৰে, আনহাতে খৰাং ভাগ্যৰ আন কোনোবা আকৌ হৈ পৰে পথৰ ভিক্ষাৰী। 

এনেদৰেই আই পি এলৰ জুৱাৰ বজাৰত প্ৰৱেশ কৰি মূৰে কঁপালে হাত দিব লগীয়া হৈছে পোষ্টমাষ্টৰজনে। পোষ্টমাষ্টৰজনৰ এই জুৱাৰ ৰাগীৰ ফল ভুগিবলগীয়া হৈছে  ২৪ টা পৰিয়ালে। কিন্তু কিয় এজন পোষ্টমাষ্টৰৰ ভুলে এই পৰিয়াল সমূহৰ মূৰত সৰগ ভাঙিলে, জানিলে আচৰিত হ'ব আপুনিও।

মধ্য প্ৰদেশৰ এই পোষ্টমাষ্টৰ জনে আই পি এল জুৱাত হেৰুৱাইছে ১ কোটি টকা। কিন্তু এই টকাখিনি পোষ্টমাষ্টৰ জনৰ নিজৰ নাছিল। এই বৃহৎ অংকৰ ধনৰাশি আছিল ২৪ টা পৰিয়ালে সঞ্চয়ৰ বাবে জমা দিয়া পুঁজি। 

পোষ্টমাষ্টৰজনে এই বিশাল ধনৰাশি সাগৰ জিলাৰ এটা উপ ডাকঘৰত জমা কৰিব লাগিছিল। কিন্তু ডাকঘৰত জমা দিয়াৰ পৰিৱৰ্তে তেওঁ সমগ্ৰ ধন বাজিত লগায়। কিন্তু লাভৰ আশা কৰি জুৱাত বহা পোষ্টমাষ্টৰজনৰ ভাগ্যই নুকুলালে। ভাগ্য তেওঁৰ প্ৰতিকূলে গ’ল। ফলত হেৰুৱালে সমগ্ৰ ধন।

ইয়াৰ পিছতে থৰকাচুটি হেৰুওৱা বিশাল আহিৰৱাৰ নামৰ পোষ্টমাষ্টৰ জন উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ আগত স্বীকাৰ কৰে নিজৰ অপৰাধ। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত মধ্য প্ৰদেশ আৰক্ষীয়ে যোৱা ২০ মে'ত আহিৰৱাক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত পোষ্টমাষ্টৰজনে ভুৱা এফডি একাউণ্টৰ বাবে প্ৰকৃত পাছবুক জাৰী কৰিছিল আৰু যোৱা দুবছৰৰ পৰা আই পি এল ক্ৰিকেট বেটিংত সম্পূৰ্ণ ধন বিনিয়োগ কৰিছিল। 

স্থানীয় বিনা-জিআৰপি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় ধুৰ্ভেই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে ধৃত বিশাল আহিৰৱাৰৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৪২০ আৰু ৪০৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী সময়ত অনুসন্ধানৰ ফলাফলৰ ওপৰত ভিত্তি কৰি গোচৰটোত অধিক শাখা যোগ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে উল্লেখ কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ