--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ভংগ হোৱা সংসদ পুনৰুদ্ধাৰ আৰু দেশখনৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আজি আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ভাগ্য এতিয়া শূন্যতাত ওলমি ৰৈছে৷ এক গুৰুত্বপূৰ্ণ ৰায়দানত মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰু তাৰ পাছত ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি আৰিফ আলভিৰ দ্বাৰা নেচনেল এচেম্বলী ভংগ কৰাৰ উপাধ্যক্ষ কাছিম চুৰিৰ ৰায়ক বাতিল কৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ এদিন পাছত আৰু আস্থা ভোটৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে৷ কালি নিশা ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী৷ তেওঁ কয়, ভাৰতীয়সকল স্বাভিমানী৷  কোনো মহাশক্তিয়ে তেওঁলোকক ভয় খুৱাব নোৱাৰে৷ ভাৰতৰ উচ্চ প্ৰশংসা কৰি তেওঁ লগতে কয় যে, নতুন দিল্লীক কোনো মহাশক্তিয়ে নিৰ্দেশ দিব নোৱাৰে।

ৰাষ্ট্ৰলৈ সম্বোধি খানে আৰু কয়, ভাৰত আৰু পাকিস্তান একেসময়তে স্বাধীন হৈছিল। ভাৰতত মোৰ বহুতো বন্ধু আছে। কেৱল কাশ্মীৰৰ বাবে, আমাৰ সম্পৰ্ক ভাল নহয়। কিন্তু, ভাৰত এখন স্বাৱলম্বী আৰু স্বাভিমানী ৰাষ্ট্ৰ। কোনো দেশেই ভাৰতক ভাবুকি দিয়াৰ কথা ভাবিব নোৱাৰে। ইমৰাণ খানে কয়, মই ভাৰতক বেছিভাগতকৈ বহুত ভালদৰে জানো। কোনো মহাশক্তিয়ে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব নোৱাৰে। কেৱল আৰএছএছৰ আদৰ্শৰ বাবেই ভাৰত-পাকিস্তানৰ সম্পৰ্ক ভাঙি পৰিছে৷

পাক উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ইমৰাণ খানে৷ তেওঁ কয়, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত মই অসন্তুষ্ট। মই বিচলিত হৈছিলোঁ কাৰণ যেতিয়া উপাধ্যক্ষই তদন্ত চলাইছিল, উচ্চতম ন্যায়ালয়ে ইয়াৰ তদন্ত কৰা উচিত আছিল৷ দেওবাৰে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ আহ্বান জনাই ইমৰাণ খানে গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে বৃহৎসংখ্যক লোকক ওলাই আহিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক