--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ভংগ হোৱা সংসদ পুনৰুদ্ধাৰ আৰু দেশখনৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আজি আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ভাগ্য এতিয়া শূন্যতাত ওলমি ৰৈছে৷ এক গুৰুত্বপূৰ্ণ ৰায়দানত মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰু তাৰ পাছত ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি আৰিফ আলভিৰ দ্বাৰা নেচনেল এচেম্বলী ভংগ কৰাৰ উপাধ্যক্ষ কাছিম চুৰিৰ ৰায়ক বাতিল কৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ এদিন পাছত আৰু আস্থা ভোটৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে৷ কালি নিশা ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী৷ তেওঁ কয়, ভাৰতীয়সকল স্বাভিমানী৷  কোনো মহাশক্তিয়ে তেওঁলোকক ভয় খুৱাব নোৱাৰে৷ ভাৰতৰ উচ্চ প্ৰশংসা কৰি তেওঁ লগতে কয় যে, নতুন দিল্লীক কোনো মহাশক্তিয়ে নিৰ্দেশ দিব নোৱাৰে।

ৰাষ্ট্ৰলৈ সম্বোধি খানে আৰু কয়, ভাৰত আৰু পাকিস্তান একেসময়তে স্বাধীন হৈছিল। ভাৰতত মোৰ বহুতো বন্ধু আছে। কেৱল কাশ্মীৰৰ বাবে, আমাৰ সম্পৰ্ক ভাল নহয়। কিন্তু, ভাৰত এখন স্বাৱলম্বী আৰু স্বাভিমানী ৰাষ্ট্ৰ। কোনো দেশেই ভাৰতক ভাবুকি দিয়াৰ কথা ভাবিব নোৱাৰে। ইমৰাণ খানে কয়, মই ভাৰতক বেছিভাগতকৈ বহুত ভালদৰে জানো। কোনো মহাশক্তিয়ে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব নোৱাৰে। কেৱল আৰএছএছৰ আদৰ্শৰ বাবেই ভাৰত-পাকিস্তানৰ সম্পৰ্ক ভাঙি পৰিছে৷

পাক উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ইমৰাণ খানে৷ তেওঁ কয়, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত মই অসন্তুষ্ট। মই বিচলিত হৈছিলোঁ কাৰণ যেতিয়া উপাধ্যক্ষই তদন্ত চলাইছিল, উচ্চতম ন্যায়ালয়ে ইয়াৰ তদন্ত কৰা উচিত আছিল৷ দেওবাৰে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ আহ্বান জনাই ইমৰাণ খানে গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে বৃহৎসংখ্যক লোকক ওলাই আহিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক