--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত ইউক্ৰেইনত অধ্যয়নৰত ভাৰতৰ শিক্ষাৰ্থী, প্ৰবাসী ভাৰতীয়ক স্বদেশলৈ ওভোতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী৷ ‘অপাৰেশ্যন গংগা’ শীৰ্ষক এক অভিযানৰ অধীনত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলক ওভোতাই আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক ওভোতাই অনাৰ তথ্য সদৰী কৰি কয়, ৩,০০০ ভাৰতীয়ই এদিনত ১৫খন বিমানযোগে ভাৰতলৈ উভতি আহিছে৷ ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা নিশ্চিত কৰিবলৈ ভাৰতে ইউক্ৰেইন আৰু ৰাছিয়া দুইৰাষ্ট্ৰৰ সৈতে যোগাযোগ চলাই আছে৷   [caption id="attachment_135019" align="aligncenter" width="300"] Arindam Bagchi (File Photo)[/caption] বাগচীয়ে লগতে কয়, কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম পৰামৰ্শ মুকলি হোৱাৰ পাছত মুঠ ১৮,০০০ ভাৰতীয় নাগৰিকে ইউক্ৰেইন ত্যাগ কৰিছে। ‘অপাৰেশ্যন গংগা’ৰ অধীনত ৩০খন বিমানেৰে এতিয়ালৈকে ইউক্ৰেইনৰ পৰা ৬,৪০০ ভাৰতীয়ক ঘূৰাই আনিছে। পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে ১৮খন বিমান সাজু কৰি ৰখা হৈছে বুলি তেওঁ সদৰী কৰে৷ তেওঁ লগতে কয়, এই বৃহৎসংখ্যক বিমানে ইউক্ৰেইনৰ পৰা ওলাই অহা আৰু এতিয়া চুবুৰীয়া দেশসমূহত থকা বৃহৎসংখ্যক ভাৰতীয়ক প্ৰতিফলিত কৰে। আমি সকলো ভাৰতীয় নাগৰিকক অতি সোনকালে ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা আগবঢ়াম৷ বাগচীৰ মতে, আৰু অধিক বিমানৰ সময়সূচী নিৰ্ধাৰণ কৰি থকা হৈছে আৰু অহা ২-৩ দিনৰ ভিতৰত বৃহৎসংখ্যক ভাৰতীয় ঘৰলৈ উভতি আহিব। উভতি অহাসকলৰ বাবে খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, আৰম্ভণিতে ২০,০০০ ভাৰতীয় নাগৰিকৰ পঞ্জীয়ন কৰা হৈছিল, কিন্তু বহুতে পঞ্জীয়ন কৰা নাছিল। আমি অনুমান কৰোঁ যে কেইশমান নাগৰিক এতিয়াও খাৰকিভত আছে। আমাৰ প্ৰাথমিক কৰ্তব্য হৈছে যিকোনো ধৰণৰ পৰিবহনত শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ লৈ যোৱা। ইফালে, বৃহস্পতিবাৰে এজন শীৰ্ষ সামৰিক জেনেৰেলে কয় যে, যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ খাৰকিভ আৰু চুমি চহৰৰ পৰা বেলগোৰোড অঞ্চললৈ আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী আৰু অন্যান্য বিদেশীসকলক স্থানান্তৰ কৰিবলৈ ৰাছিয়াই ১৩০খন বাছ প্ৰেৰণ কৰিবলৈ সাজু। ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিয়ন্ত্ৰণ কেন্দ্ৰৰ মুৰব্বী কৰ্ণেল-জেনেৰেল মিখাইল মিজিণ্টছেভৰ এই মন্তব্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পতাৰ এদিন পাছতে আহিছে ৰাছিয়াৰ প্ৰতিনিধিৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ উল্লেখযোগ্য যে, বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই প্ৰায় ৮,০০০ ভাৰতীয়, মুখ্যতঃ শিক্ষাৰ্থী, ইউক্ৰেইনত আবদ্ধ হৈ আছে বুলি মঙলবাৰে সদৰী কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ