ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত ইউক্ৰেইনত অধ্যয়নৰত ভাৰতৰ শিক্ষাৰ্থী, প্ৰবাসী ভাৰতীয়ক স্বদেশলৈ ওভোতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী৷ ‘অপাৰেশ্যন গংগা’ শীৰ্ষক এক অভিযানৰ অধীনত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীসকলক ওভোতাই আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক ওভোতাই অনাৰ তথ্য সদৰী কৰি কয়, ৩,০০০ ভাৰতীয়ই এদিনত ১৫খন বিমানযোগে ভাৰতলৈ উভতি আহিছে৷ ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা নিশ্চিত কৰিবলৈ ভাৰতে ইউক্ৰেইন আৰু ৰাছিয়া দুইৰাষ্ট্ৰৰ সৈতে যোগাযোগ চলাই আছে৷
[caption id="attachment_135019" align="aligncenter" width="300"]
Arindam Bagchi (File Photo)[/caption]
বাগচীয়ে লগতে কয়, কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম পৰামৰ্শ মুকলি হোৱাৰ পাছত মুঠ ১৮,০০০ ভাৰতীয় নাগৰিকে ইউক্ৰেইন ত্যাগ কৰিছে। ‘অপাৰেশ্যন গংগা’ৰ অধীনত ৩০খন বিমানেৰে এতিয়ালৈকে ইউক্ৰেইনৰ পৰা ৬,৪০০ ভাৰতীয়ক ঘূৰাই আনিছে।
পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে ১৮খন বিমান সাজু কৰি ৰখা হৈছে বুলি তেওঁ সদৰী কৰে৷ তেওঁ লগতে কয়, এই বৃহৎসংখ্যক বিমানে ইউক্ৰেইনৰ পৰা ওলাই অহা আৰু এতিয়া চুবুৰীয়া দেশসমূহত থকা বৃহৎসংখ্যক ভাৰতীয়ক প্ৰতিফলিত কৰে। আমি সকলো ভাৰতীয় নাগৰিকক অতি সোনকালে ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা আগবঢ়াম৷ বাগচীৰ মতে, আৰু অধিক বিমানৰ সময়সূচী নিৰ্ধাৰণ কৰি থকা হৈছে আৰু অহা ২-৩ দিনৰ ভিতৰত বৃহৎসংখ্যক ভাৰতীয় ঘৰলৈ উভতি আহিব। উভতি অহাসকলৰ বাবে খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা কৰা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে কয়, আৰম্ভণিতে ২০,০০০ ভাৰতীয় নাগৰিকৰ পঞ্জীয়ন কৰা হৈছিল, কিন্তু বহুতে পঞ্জীয়ন কৰা নাছিল। আমি অনুমান কৰোঁ যে কেইশমান নাগৰিক এতিয়াও খাৰকিভত আছে। আমাৰ প্ৰাথমিক কৰ্তব্য হৈছে যিকোনো ধৰণৰ পৰিবহনত শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ লৈ যোৱা।
ইফালে, বৃহস্পতিবাৰে এজন শীৰ্ষ সামৰিক জেনেৰেলে কয় যে, যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ খাৰকিভ আৰু চুমি চহৰৰ পৰা বেলগোৰোড অঞ্চললৈ আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী আৰু অন্যান্য বিদেশীসকলক স্থানান্তৰ কৰিবলৈ ৰাছিয়াই ১৩০খন বাছ প্ৰেৰণ কৰিবলৈ সাজু। ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিয়ন্ত্ৰণ কেন্দ্ৰৰ মুৰব্বী কৰ্ণেল-জেনেৰেল মিখাইল মিজিণ্টছেভৰ এই মন্তব্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পতাৰ এদিন পাছতে আহিছে ৰাছিয়াৰ প্ৰতিনিধিৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷
উল্লেখযোগ্য যে, বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই প্ৰায় ৮,০০০ ভাৰতীয়, মুখ্যতঃ শিক্ষাৰ্থী, ইউক্ৰেইনত আবদ্ধ হৈ আছে বুলি মঙলবাৰে সদৰী কৰিছিল৷
