--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ প্ৰেক্ষাপটত আমেৰিকা৷ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা সংহাৰৰ পাছত এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ কণ্ঠস্বৰ দমনৰ অভিযোগ উত্থাপন কৰিছে আন এক মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাই৷ অপ্ৰৰোচিতভাৱে অতি নৃশংসতাৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্ৰমণৰ পাছৰে পৰা ৰাছিয়া সমগ্ৰ বিশ্বতে সমালোচিত হৈ আহিছে। আনকি, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো ৰাছিয়াৰ বিৰুদ্ধে গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ নিৰাপত্তা পৰিষদৰ বৈঠকত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ভোট গ্ৰহণ কৰা হৈছে৷ আনকি, পশ্চিমীয়া দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ৰাছিয়াৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰ মাজতে আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ কণ্ঠস্বৰ দমন কৰাৰ অভিযোগ উত্থাপন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে, ৰাছিয়াই কোনো প্ৰৰোচনা অবিহনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে আৰু এতিয়া ইউক্ৰেইন আক্ৰমণৰ বিষয়ে নিজৰ লোকসকলক সঠিক তথ্য নিদিয়াৰ বাবে সংবাদ মাধ্যমৰ কণ্ঠস্বৰ দমন কৰি আছে। এনে কৰাৰ দ্বাৰা ৰাছিয়াই সত্যক লুকুৱাবলৈ সকলো প্ৰচেষ্টা চলাই আছে বুলি আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সদৰি কৰে৷ আমেৰিকাৰ অভিযোগ অনুসৰি, ৰাছিয়া চৰকাৰে সংবাদ মাধ্যমৰ লগতে ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহকো দমন কৰি আছে, যাক লাখ লাখ ৰাছিয়াই মুক্তভাৱে তথ্য লাভ কৰিবলৈ আৰু সমগ্ৰ বিশ্বৰ লোকসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ব্যৱহাৰ কৰি আহিছে৷ ৰাছিয়ান চৰকাৰে কালি ৰেডিঅ’ ইকো মস্কো আৰু ডোজাদ টিভি আৰু তেওঁলোকৰ ৱেবছাইটৰ সম্প্ৰচাৰ বন্ধ কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই এই বিবৃতিটো প্ৰকাশ কৰিছে৷ ২৪ ডিচেম্বৰত ৰাছিয়াই ইউক্ৰেইনত এক বিশেষ সেনা অভিযান আৰম্ভ কৰিছিল। যাৰ পাছত কেইবাখনো দেশে ৰাছিয়াৰ অফিচিয়েল চেনেল ৰাছিয়া টাইমছ (আৰটি) নিষিদ্ধ কৰে৷ একেসময়তে ছ’চিয়েল মিডিয়া কোম্পানীবোৰে ৰাছিয়াৰ মিডিয়া চেনেলবোৰত বিজ্ঞাপন নিদিয়াৰ সিদ্ধান্ত লৈছে, যাতে চেনেলবোৰে উপাৰ্জন কৰিব নোৱাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
নাগপুৰত ৰাষ্ট্ৰীয় হেণ্ডবল একাডেমী স্থাপনক সমৰ্থন জনালে নীতিন গাডকাৰীয়ে
অচিৰেই হ'ব পাৰে তৃতীয় বিশ্ব যুদ্ধ!
তিনিচুকীয়াৰ পৰা অমৃতসৰ অভিমুখী ৰে'লৰ ডবাত জুই