--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ প্ৰেক্ষাপটত আমেৰিকা৷ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা সংহাৰৰ পাছত এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ কণ্ঠস্বৰ দমনৰ অভিযোগ উত্থাপন কৰিছে আন এক মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাই৷ অপ্ৰৰোচিতভাৱে অতি নৃশংসতাৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্ৰমণৰ পাছৰে পৰা ৰাছিয়া সমগ্ৰ বিশ্বতে সমালোচিত হৈ আহিছে। আনকি, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো ৰাছিয়াৰ বিৰুদ্ধে গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ নিৰাপত্তা পৰিষদৰ বৈঠকত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ভোট গ্ৰহণ কৰা হৈছে৷ আনকি, পশ্চিমীয়া দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ৰাছিয়াৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰ মাজতে আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ কণ্ঠস্বৰ দমন কৰাৰ অভিযোগ উত্থাপন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে, ৰাছিয়াই কোনো প্ৰৰোচনা অবিহনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে আৰু এতিয়া ইউক্ৰেইন আক্ৰমণৰ বিষয়ে নিজৰ লোকসকলক সঠিক তথ্য নিদিয়াৰ বাবে সংবাদ মাধ্যমৰ কণ্ঠস্বৰ দমন কৰি আছে। এনে কৰাৰ দ্বাৰা ৰাছিয়াই সত্যক লুকুৱাবলৈ সকলো প্ৰচেষ্টা চলাই আছে বুলি আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সদৰি কৰে৷ আমেৰিকাৰ অভিযোগ অনুসৰি, ৰাছিয়া চৰকাৰে সংবাদ মাধ্যমৰ লগতে ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহকো দমন কৰি আছে, যাক লাখ লাখ ৰাছিয়াই মুক্তভাৱে তথ্য লাভ কৰিবলৈ আৰু সমগ্ৰ বিশ্বৰ লোকসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ব্যৱহাৰ কৰি আহিছে৷ ৰাছিয়ান চৰকাৰে কালি ৰেডিঅ’ ইকো মস্কো আৰু ডোজাদ টিভি আৰু তেওঁলোকৰ ৱেবছাইটৰ সম্প্ৰচাৰ বন্ধ কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই এই বিবৃতিটো প্ৰকাশ কৰিছে৷ ২৪ ডিচেম্বৰত ৰাছিয়াই ইউক্ৰেইনত এক বিশেষ সেনা অভিযান আৰম্ভ কৰিছিল। যাৰ পাছত কেইবাখনো দেশে ৰাছিয়াৰ অফিচিয়েল চেনেল ৰাছিয়া টাইমছ (আৰটি) নিষিদ্ধ কৰে৷ একেসময়তে ছ’চিয়েল মিডিয়া কোম্পানীবোৰে ৰাছিয়াৰ মিডিয়া চেনেলবোৰত বিজ্ঞাপন নিদিয়াৰ সিদ্ধান্ত লৈছে, যাতে চেনেলবোৰে উপাৰ্জন কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক