--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ তীব্ৰ উদ্বেগজনক পৰিস্থিতিয়ে নতুন ৰূপৰ লৈছে। ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধিৰ বাবে ৰাছিয়াই দেশখনৰ বিচ্ছিন্নতাবাদী শক্তিৰ সৈতে হাত মিলোৱাই নহয়, এইবাৰ দেশখনৰ পূব প্ৰান্তৰ দুই বিচ্ছিন্নতাবাদী প্ৰদেশক স্বাধীন বুলি স্বীকৃতি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। ড’নেটছাক আৰু লুগানছাক প্ৰদেশ দুখনক মঙলবাৰে স্বাধীন হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে পুটিনে। কেৱল এয়াই টেলিভিচনযোগে ৰাছিয়াৰ জনগণক সম্বোধন কৰাৰ পাছত পুটিনে ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী শক্তিসমূহক সহযোগিতা আগবঢ়োৱা তথা্ তেওঁলোকৰ সৈতে বন্ধুপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ বাবে এখন চুক্তিও স্বাক্ষৰ কৰে। ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সৈতে এখন জৰুৰী বৈঠকত ভাগ লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে পুটিনে। পুটিন এই সিদ্ধান্তক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশে ভ্লাডিমিৰ পুটিনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা দেখা গৈছে। ইফালে, ৰাছিয়াৰ এনে পদক্ষেপৰ পাছতে ইউক্ৰেইনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াক প্ৰত্যহ্বান জনাই কয় যে, তেওঁলোক শংকিত হোৱা নাই। উল্লেখ্য যে, ভ্লাডিমিৰ পুটিনে সোমবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া এটা ভাষণত কৈছিল যে, যিসকলে হিংসা, ৰক্তপাত, আইন শৃখলাহীনত আদিৰ পথেৰে অগ্ৰসৰ হৈছে তেওঁলোকে স্বীকৃতি পোৱা নাছিল। আনহাতে সামৰিক বাহিনীৰ বিৰুদ্ধে ড’নবাছ ইছ্যুটোক স্বীকৃতি দিয়া হোৱা নাই। মই দীৰ্ঘদিনৰ পৰা স্থগিত হৈ থকা এটা সিদ্ধান্ত গ্ৰহণ কৰাটো জৰুৰী বুলি বিবেচনা কৰিছোঁ আৰু ড’নেটছাক পিপুলছ ৰিপাব্লিক আৰু লুহানছাক পিপুলছ ৰিপাব্লিকৰ স্বাধীনতাক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পুটিনৰ এই সিদ্ধান্তই এতিয়া গোলকীয় বিতৰ্ক তথা মতবিৰোধৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কেৱল এয়াই নহয়, পুটিনে লগতে কয় যে, ইউক্ৰেইন কোনোদিনে এখন স্বকীয়তাপূৰ্ণ দেশ নাছিল। আধুনিক ইউক্ৰেইন সম্পূৰ্ণৰূপে গঢ় দিছে ৰাছিয়াই। অধিক সঠিকভাৱে ক’বলৈ হ’লে বলছেভিক কমিউনিষ্ট ৰাছিয়াই। ১৯১৭ চনৰ অভ্যুত্থানৰ ঠিক পাছতে এই পক্ৰিয়া আৰম্ভ হয়। পুটিনে এই দাবীও কৰে যে, ইউক্ৰেইন তেওঁলোকৰ কেৱল এখন চুবুৰীয়া দেশেই নহয়, বৰং তেওঁলোক হৈছে ৰাছিয়াৰ ইতিহাসৰ এক অংশ। ইফালে, ইউক্ৰেইনেহে ৰাছিয়াৰ বিৰুদ্ধে ড’নাবেছত যুদ্ধ আৰম্ভ কৰিব বিচৰা বুলি অভিযোগ কৰি পুটিনে কয় যে, দেশখনৰ পশ্চিম প্ৰান্তৰ পৰা এই আক্ৰমণৰ পৰিকল্পনাক নিয়ন্ত্ৰণ কৰি থকা হৈছে। ইফালে, ইউক্ৰেইনক তেওঁ মাৰ্কিন ঔপনিৱেশৰ এক স্থান হিচাপেও আখ্যা দিয়ে আৰু তেওঁলোকক মাৰ্কিন চৰকাৰৰ পুতলা বুলি অভিহিত কৰে।মূলতঃ আমেৰিকা-ৰাছিয়াৰ কূটনৈতিক সংঘাতৰ পৰিণতিয়েই ইউক্ৰেইনে এনে ফল ভুগিবলগীয়া হৈছে বুলি ধাৰণা কৰা হৈছে। ইফালে, পুটিনৰ এই পদক্ষেপক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলে। পুটিনৰ এই পদক্ষেপক আন্তঃৰাষ্ট্ৰীয় আইনৰ ব্যাপক উলংঘন আখ্যা দিছে আৰু ইউক্ৰেইনৰ প্ৰতি সহযোগিতাৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘয়ো এই পদক্ষেপক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ইউক্ৰেইন সংকটক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰা হৈছে। কানাডাই ৰাছিয়াৰ এই কাৰ্যই বিশ্বশান্তি বিঘ্নিত কৰিব বুলি আশংকা প্ৰকাশ কৰিছে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেও ৰাছিয়াৰ এই পদক্ষেপৰ পাছতে ইউক্ৰেইনৰ সমৰ্থনত কাৰ্যকৰী নিৰ্দেশনা জাৰি কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হাতে হাতে সুৰাৰ গিলাচ লৈ ৰাস্তাত নাচি-বাগি থাকোতেই চলিল গুলী: প্ৰাণ গ'ল ১২ গৰাকীকৈ নিৰীহ লোকৰ
জৰুৰী অৱস্থাৰ ক'লা অধ্যায় সুঁৱৰি মোদী কেবিনেটৰ ১ মিনিট মৌনতা
নোবেল বঁটাৰ বাবে ট্রাম্পৰ নাম প্ৰস্তাৱ
গংগা জল চুক্তি সংশোধন কৰিব ভাৰতে
ইতিহাস ৰচি আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ যাত্রা শুভাংশু শুক্লাৰ
মই ইৰানৰ নিমখ খাইছোঁ! যুদ্ধৰ সময়ত ইৰানক এৰি আহিবলৈ অস্বীকাৰ ভাৰতীয় ছাত্ৰৰ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা