--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইনত আবদ্ধ হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী৷ যিসকলে বেছিভাগে অভিযান্ত্ৰিক আৰু চিকিৎসাৰ ওপৰত অধ্যায়ন কৰি আছে৷ যুদ্ধৰ বৰ্ধিত উত্তেজনাৰ মাজত ইউক্ৰেইনত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ বাবে চিন্তিত অভিভাৱক। তেওঁলোকৰ বেছিভাগেই ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু পঞ্জাবৰ বুলি জানিবলৈ পোৱা গৈছে৷ ইউক্ৰেইনত বিপদাপন্ন হৈ পৰিছে তেওঁলোকৰ জীৱন৷ ৰাজস্থানৰ কোটা বিভাগৰ অভিভাৱক আৰু শিক্ষাৰ্থীৰ হৈ শিক্ষাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ত এখন আবেদন দাখিল কৰা হৈছিল। ইউক্ৰেইনত প্ৰায় ২০০০ শিক্ষাৰ্থী অধ্যয়ন কৰি আছে। কোটাৰ পৰা প্ৰায় ৪০জন আছে। আনহাতে, ৰাজস্থানৰ পৰা ১,০০০ৰো অধিক শিক্ষাৰ্থী আবদ্ধ হৈ আছে। বিদেশত এনে পৰিস্থিতিৰ মাজত আবদ্ধ হৈ থকা ভাৰতীয়সকলক সহায়ৰ বাবে জয়পুৰৰ বুন্দিৰ কংগ্ৰেছ নেতা চৰমেশ শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰে৷ কংগ্ৰেছ নেতাগৰাকীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ছাত্ৰ-ছাত্ৰীসকলক ঘূৰাই আনিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ আবেদন জনাইছে। 'সমগ্ৰ দেশৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা আৰু অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ত পঢ়িবলৈ ইউক্ৰেইনলৈ গৈছে। ৰাজস্থান আৰু জাপোৰিজিয়া ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা আন ৰাজ্যৰ শিক্ষাৰ্থীসকল সংকটত পৰিছে,' শৰ্মাই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ