ডিজিটেল ডেস্ক : ৰুছ-ইউক্ৰেইনৰ যুদ্ধই সাতোটা দিন অতিক্ৰম কৰিলে। চুবুৰীয়া দেশখনত আধিপত্য বিস্তাৰ কৰাৰ বাবে বৰ্বৰ আক্ৰমণ চলাই আছে ভ্লাডিমিৰ পুটিনৰ দেশৰ সৈন্যবাহিনীয়ে। ইজনৰ পাছত সিখন চহৰত কৰা হৈছে তীব্ৰ বোমাবৰ্ষণ। মিছাইলৰ নিৰন্তৰ আক্ৰমণ আৰু গধুৰ সমৰাষ্ট্ৰৰ প্ৰচণ্ড আঘাতত তচনচ হৈ পৰিছে একো একোখন সুদৃশ্য চহৰ। ইউক্ৰেইনৰ বশ কৰিবলৈ সৰ্বদিশৰ পৰা দেশখনক চেপা মাৰি ধৰাৰ চেষ্টা কৰিছে ৰাছিয়াই। যাৰ ফল ভুগিছে দেশখনৰ লক্ষ লক্ষ লোকে। সাতদিন ধৰি চলা নেৰনেপেৰা যুদ্ধৰ পাছতো এতিয়াও কোনো ফলাফল ওলোৱা নাই আৰু এই যুদ্ধই অধিক বিধ্বংসী আৰু দীঘলীয়া ৰূপ লোৱাৰ আশংকা গাঢ় হৈ পৰিছে। ইতিমধ্যে ৰাছিয়াই খেৰছন মহানগৰ দখল কৰিবলৈ সক্ষম হৈছে। খাৰকিভ আৰু কিয়েভ দখলৰ বাবে প্ৰচুৰ শক্তি প্ৰয়োগ কৰিছে। যুদ্ধৰ সাতটা দিনত সাতটা টাৰ্নিং পইণ্ট এতিয়া স্পষ্ট হৈ পৰিছে—
পোনপটীয়া আক্ৰমণৰ ৰণনীতি
ৰুছ আৰু ইউক্ৰেইনৰ মাজত কেইবামাহো ধৰি চলি আছিল উত্তেজনাপূৰ্ণ পৰিস্থিতি। চুবুৰীয়া দেশখনত আধিপত্য বিস্তাৰৰ বাবে ৰাছিয়াই দেশখনত আক্ৰমণ চলাব বুলি আশংকা কৰি অহা হৈছিল যদিও ইমান সোনকালে আৰু পোনপটীয়াকৈ এই আক্ৰমণ সংঘটিত কৰিব বুলি ধাৰণা কৰা হোৱা নাছিল। ধাৰণা কৰা হৈ আহিছিল যে, পূব ইউক্ৰেইনৰ ড’নেটাস্ক আৰু লুহাক্সক পৃথক কৰাৰ বাবে ৰাছিয়াই আক্ৰমণ কৰিব। কিন্তু দেশখনে পোনপটীয়াকৈ ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে আক্ৰমণৰ লক্ষ্য কৰি লয়। পুটিনেও পূ্ৰ্বে ঘোষণা কৰিছিল যে, ইউক্ৰেইন দখল কৰাটো তেওঁৰ উদ্দেশ্য নহয় বৰং দেশখনৰ অসামৰিকীকৰণ কৰাহে। কিন্তু এতিয়া দেখা গৈছে যে, তেওঁলোকে কিয়েভকে ধৰি দেশখনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ চহৰত পোনপটীয়া আক্ৰমণ সংঘটিত কৰি দখল সাব্যস্ত কৰাৰ চেষ্টা চলাই আছে। খেৰছান ইতিমধ্য দখল কৰিছে ৰাছিয়াই। ইয়াৰ উপৰি ৰাজধানী কিয়েভ দখলৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ লগতে মাৰিয়ুপ’ল, ছুমী, চেৰ্নোহিৱৰ দৰে চহৰতো পোনপটীয়াকৈ আক্ৰমণ চলাই আছে ৰাছিয়াই।
মিছাইলৰ ব্যাপক ব্যৱহাৰ
যুদ্ধৰ আৰম্ভণিৰ দিনটোৰ পৰাই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ সংঘটিত কৰি আছে ৰাছিয়াই। প্ৰথম দিনাই কিয়েভক লক্ষ্য কৰি ৰাছিয়াই বেলিষ্টিক মিছাইল আক্ৰমণ সংঘটিত কৰে। ৰাছিয়াই ইউক্ৰেইনৰ সৈন্য ঘাটীবোৰক লক্ষ্য কৰি মিছাইল আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰি আহিছে যদিও বহু আবাসিক অঞ্চল আনকি হাস্পতালতো ৰুছ মিছাইলে আঘাত হনাটো এতিয়া স্পষ্ট হৈ পৰিছে। খাৰকিভ, খেৰছান, কিয়েভত শ শ মিছাইল নিক্ষেপ কৰিছে ৰাছিয়াই। প্ৰত্যাক্ৰমণত ইউক্ৰেইনেও সীমিতসংখ্যক মিছাইলেৰে আক্ৰমণ সংঘটিত কৰা বুলি প্ৰকাশ পাইছে। বহু দশকৰ পাছত যুদ্ধত ইমান ব্যাপক হাৰত মিছাইলৰ ব্যৱহাৰ দেখিবলৈ পোৱা গৈছে।
আবাসিক এলেকাত আক্ৰমণ
সামৰিক বাহিনী আৰু সামৰিক ঘাটীক লক্ষ্য কৰিহে ৰাছিয়াই আক্ৰমণ সংঘটিত কৰিব বুলি দাবী কৰি আহিছিল যদিও দেখা গ’ল যে, তেওঁলোকে ইটোৰ পাছত সিটো আবাসিক এলেকাত আক্ৰমণ সংঘটিত কৰিছে। যাৰ ফলত হাজাৰ হাজাৰ ইউক্ৰেইনৰ বাসিন্দা আক্ৰান্ত হৈছে আৰু ১০ লক্ষাধিক লোকে আপোন ভূমি এৰি অনিশ্চিত যাত্ৰা কৰিবলীয়া হৈছে।
জেলেনস্কিৰ দৃঢ় স্থিতি
ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে এই আক্ৰমণ সংঘটিত কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে। নিজৰ জীৱনলৈ আহি পৰা আশংকাৰ পাছতো জেলেনস্কিয়ে কিয়েভ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁক আমেৰিকাৰ দৰে দেশে দেশ ত্যাগত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল যদিও তেওঁ যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰিবলৈ অস্বীকাৰ কৰে। জেলেনস্কিৰ এই দৃঢ়তা এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। ইউক্ৰেইনৰ অপ্ৰত্যাশিত প্ৰতিৰোধৰ আঁৰত জেলেনস্কিৰ এই অদমনীয় দৃঢ়তায়ো ভূমিকা গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।
আমেৰিকাৰ যুদ্ধত অংশ ল’বলৈ অস্বীকাৰ
আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ পৰা যুদ্ধত বিশেষ কোনো সহায় পোৱা নাই ইউক্ৰেইনে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে বাৰম্বাৰ ইউৰোপ আমেৰিকাৰ নেতাসকলক সহায়ৰ বাবে আহ্বান জনাইছে যদিও সকলো পিছ হুহকি আছে। আমেৰিকাই প্ৰত্যক্ষভাৱে এই যুঁজলৈ সৈন্য প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ আৰু ইউক্ৰেইনক অৰ্থ সাহায্য দিয়াৰ কথা আমেৰিকাই ঘোষণা কৰিছে যদিও যুদ্ধত তেওঁলোকৰ অনুপস্থিয়ে ইউক্ৰেইনক ক্ষতিগ্ৰস্ত কৰিছে।
সামূহিক অৰ্থনৈতিক যুদ্ধ
ৰাছিয়াক হাতেৰে নহয় ভাতে মৰাৰ কৌশল গ্ৰহণ কৰিছে বিভিন্ন দেশে। ৰাছিয়াৰ ওপৰত ইটোৰ পাছত সিটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আকাশৰ পৰা বেংকলৈকে সকলোতে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ সন্মুখীন হৈছে ৰাছিয়া। আমেৰিকা, কানাডাকে ধৰি ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশে ৰাছিয়াৰ বাবে নিজৰ নিজৰ বিমানক্ষেত্ৰ বন্ধ দিছে। তদুপৰি আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট ছিষ্টেম ছুইফটৰ পৰাও নিষিদ্ধ কৰি দিছে। যাৰ ফলত ৰুছ বেংক ব্যৱস্থা ভাৰাক্ৰান্ত হৈ পৰিছে। ইয়াৰ লগতে জাৰ্মানী, ব্ৰিটেইন আদি দেশত ৰুছ নাগৰিকৰ সম্পত্তিও জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে জাৰ্মানীয়ে ৰুছ পুঁজিপতি এলিছেৰ উম্মানোভৰ পৰা ৬০০নিযুত ডলাৰ মূল্যৰ সম্পত্তি জব্দ কৰিছে।
ইউৰোপীয় সংঘত চামিলৰ বাবে ইউক্ৰেইনৰ আবেদন
যুদ্ধৰ মাজতে ইউক্ৰেইনে এটা নতুন ৰণনীতি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ইউৰোপীয় সংঘৰ সদস্যপদৰ বাবে আবেদনত স্বাক্ষৰ কৰিছে। ইয়াক ইউৰোপীয় সংসদে গ্ৰহণো কৰিছে। অৱশ্যে এতিয়ালৈ ইউৰোপীয় ইউনিয়নৰ অংশ হৈ উঠা নাই ইউক্ৰেইন। কিন্তু যুদ্ধৰ মাজতে এই সাহসী পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। ইউক্ৰেইনৰ এই পদক্ষেপ সফল হ’লে ৰুছ ৰাষ্ট্ৰপতিৰ বাবে ই এক বৃহৎ প্ৰত্যাহ্বান বিবেচিত হ’ব পাৰে।


