ডিজিটেল ডেস্ক : চৌদিশে গুলী আৰু বিস্ফোৰণৰ শব্দ, ধাৰাসাৰে বৰ্ষণ হৈছে মিছাইল। নিমিষতে ভাঙি পৰিছে সুউচ্চ একোটা ভৱন। চৌপাশে আহত মানুহৰ আৰ্তস্বৰ। মৃতদেহৰ দ’ম। সকলো সময়তে ঘৰৰ চালখন মূৰৰ ওপৰত খহি পৰাৰ ভয়, বোমা, বুলেটে শৰীৰ নেফানেফ কৰি পেলোৱাৰ ভয়। এনে এক বিভীষিকাময় পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰিছে ভাৰতৰ কেইবাসহস্ৰ নাগৰিক। তেওঁলোকৰ সৰহসংখ্যকেই হৈছে শিক্ষাৰ্থী। যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিয়ে এতিয়া আন দেশৰ তুলনাত ভাৰতীয়সকলক কৰি তুলিছে অধিক উদ্বিগ্ন। ভাৰতৰ পৰা চিকিতসাবিজ্ঞান অধ্যয়নৰ বাবে যোৱা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰে ভৰি আছিল ইউক্ৰেইনৰ ।
২০ সহস্ৰাধিক ভাৰতীয়ই শিক্ষাগ্ৰহণকে ধৰি বিভিন্ন কাৰণত আশ্ৰয় লৈ আছিল দেশখনত। কিন্তু বিগত এটা সপ্তাহে ৰাছিয়াই দেশখনৰ ওপৰত যি ৰক্তক্ষয়ী আক্ৰমণ সংঘটিত কৰিছে তাৰ আতংক আৰু অস্থিৰতাই এতিয়া সকলো গ্ৰাস কৰি পেলাইছে। যুদ্ধৰ আতংক আৰু মৃত্যুভয়ৰ মাজত এতিয়া হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে যুঁজ কৰিছে জীৱন-মৰণৰ সৈতে।
[caption id="attachment_134878" align="aligncenter" width="300"]
ইউক্ৰেইনত সহস্ৰ ভাৰতীয়ৰ হাহাকাৰ[/caption]
ইউক্ৰেইনত সহস্ৰ ভাৰতীয়ৰ হাহাকাৰ[/caption]
বুধবাৰে যুদ্ধজৰ্জৰ দেশখনত আবদ্ধ হৈ পৰা বহুসংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে দেশৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা একাধিক ভিডিঅ’ত প্ৰকাশ কৰিছে যে, কিদৰে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে ইউক্ৰেইনৰ সৈন্যই। মৰণত শৰণ দি খাৰকিভৰ এটা ৰেল ষ্টেচনত উপস্থিত হোৱা সহস্ৰাধিক শিক্ষাৰ্থীক ৰেল উঠাত বাধা দিয়াৰ লগতে তেওঁলোকক গুৰিয়াই, ভুকুৱাই চলোৱা হৈছে নিৰ্যাতন। গুলী ফুটাই ভয় খুওৱা হৈছে শিক্ষাৰ্থীসকলক। কেৱল এয়াই নহয় যিসকল শিক্ষাৰ্থীয়ে মৰণৰ ভয়ক নেওচা দি খোজকাঢ়ি বা অন্য কোনো উপায়েৰে দেশখনৰ সীমান্তত উপস্থিত হৈছে তাতো তেওঁলোকক সীমান্ত পাৰ হোৱাত বাধা দিয়া হৈছে। তেওঁলোক আবদ্ধ হৈ পৰিছে সীমান্ত অঞ্চলতে।
দেশখনৰ পূব প্ৰান্তৰ ছুমী ষ্টেট বিশ্ববিদ্যালয়ত প্ৰায় ৬০০ শিক্ষাৰ্থী এতিয়াও আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। তেওঁলোকে বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাংকাৰতে আবদ্ধ হৈ আছে আৰু খাদ্য পানীৰ অভাৱ তথা অৰ্থৰ অভাৱে তেওঁলোকক জুৰুলা কৰি পেলাইছে। অঞ্চলটোত বিগত পাঁচদিনে গুলীবৰ্ষণ চলি থকাত তেওঁলোকৰ জীৱনলৈও আহি পৰিছে সংশয়। ছুমীৰ পৰা এজনো ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ভাৰতে। দূতাবাসৰ ফালৰ পৰা সকলো ভাৰতীয়কে পশ্চিম প্ৰান্তৰ সীমান্তলৈ নিৰ্দেশ দিছে যদিও ছুমীৰ পৰা ইউক্ৰেইনৰ পশ্চিম সীমান্তৰ দূৰত্ব ১৫০০কিলোমিটাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তালৈ যোৱাটো অসম্ভৱ হৈ পৰিছে শিক্ষাৰ্থীসকলৰ বাবে।
ইউক্ৰেইনত সহস্ৰ ভাৰতীয়ৰ হাহাকাৰ[/caption]
এইসকলো সংখ্যকক কিদৰে কম সময়ৰ ভিতৰতে ভাৰতে উদ্ধাৰ কৰি আনিব সেয়া এক জটিল প্ৰশ্ন হৈ পৰিছে। যুদ্ধই অধিক জটিল আৰু বিধ্বংসী ৰূপ লোৱাৰ আশংকা, পাৰমানৱিক আক্ৰমণৰ ভয়ৰ মাজত শেষৰজন ভাৰতীয়ক উদ্ধাৰ কৰি অনাটো যে এতিয়া অসম্ভৱপ্ৰায় অৱস্থা এটা হৈ পৰিছে সেয়াও এতিয়া স্পষ্ট হ’বলৈ ধৰিছে।
ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী সভাত সকলো ভাৰতীয়ক উদ্ধাৰ কৰা বুলি দাবী কৰি এই গভীৰ মানৱীয় সংকটৰ পৰাও ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰিছে।
এনে এক অতি স্পৰ্শকাতৰ বিষয়ক লৈ কৰা এই ৰাজনীতি এক লজ্জাৰ বিষয় হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে কিন্তু বাস্তৱত এতিয়াও যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ আকাশ-বতাহত হাজাৰ হাজাৰ অসহায়, যন্ত্ৰণাপিষ্ট, নিৰ্যাতিত আৰু মৃত্যুভয়ে গ্ৰাস কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ চেপা কান্দোন আৰু অনিশ্চয়তাৰ হুমুনিয়াহে হাহাকাৰ লগাই আছে।

ইউক্ৰেইনৰ পৰা ভাৰতলৈ উদ্বেগ আৰু আশংকাৰ খবৰো
যুদ্ধৰ তীব্ৰতা বৃদ্ধি হৈ অহাৰ লগে লগে ইউক্ৰেইনৰ পৰা ভাৰতলৈ উদ্বেগ আৰু আশংকাৰ খবৰো ব্যাপকভাৱে আহিবলৈ আৰম্ভ কৰিছে। কিয়নো এতিয়া পৰিস্থিতি ক্ৰমাত অধিক বেয়ালৈ গতি কৰিছে আৰু তাৰ পৰা ওলাই অহাৰ বাট এতিয়া অধিক জটিল হৈ পৰিছে।ৰাছিয়াৰ সৈন্যৰ আক্ৰমণৰ ভয় বুকুত লৈ মৰণত শৰণ দি কিয়েভ বা খাৰকিভৰ পৰা সহস্ৰ ছাত্ৰ-ছাত্ৰীয়ে সীমান্ত অভিমুখে যোৱাৰ চেষ্টা কৰিছে যদিও তেওঁলোকৰ বাবে এতিয়া নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে। ইউক্ৰেইনৰ নিৰাপত্তা বাহিনীয়ে বাছি বাছি ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। ৰেল ষ্টেচনত তেওঁলোকৰ ওপৰত নিৰ্মম নিৰ্যাতন চলিছে। তেওঁলোকক বাৰণ কৰা হৈছে ৰেলত উঠাৰ পৰাও। [caption id="attachment_134879" align="aligncenter" width="300"]
ইউক্ৰেইনৰ বহু ঠাইত শিক্ষাৰ্থীৰ বাবে উপায় বিহীন অৱস্থা অব্যাহত
উল্লেখ্য যে, ভাৰতে পোলেণ্ড, হাংগেৰী, ৰোমানিয়া আদি দেশৰ পৰা বিশেষ বিমানেৰে ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ কাম কৰি আছে যদিও এতিয়া সীমান্ত পাৰ হোৱাটোৱেই হৈ পৰিছে এটা জটিল বিষয়। ইফালে পৰিস্থিতিৰ অধিক অৱনতি হোৱালৈ লক্ষ্য কৰি ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে এক জৰুৰী নিৰ্দেশনা জাৰি কৰি সকলো ভাৰতীয়কে তাতক্ষণিকভাৱে খাৰকিভ এৰিবলৈ নিৰ্দেশ দিছিল। আন একো বাহন নাপালে খোজকাঢ়ি হ’লেও খাৰকিভ ত্যাগ কৰি তেওঁলোকক দেশখনৰ পূব প্ৰান্তৰ পেছ’চিন, বাবায়ে আৰু বেজলয়ুডোভাকাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। দূতাবাসে নিৰ্দিষ্ট কৰি দিয়া ঠাইকেইখনৰ দূৰত্ব হৈছে ১০ৰপৰা ১৬ কিলোমিটাৰ। কিমান প্ৰতিকূলতাৰ মাজেৰে তেওঁলোকে এতিয়া বাট বুলিবলগীয়া হৈছে তাৰ প্ৰমাণ দিয়ে এই নিৰ্দেশনাই। তাৰ পাছতো ইউক্ৰেইনৰ বহু ঠাইত শিক্ষাৰ্থীৰ বাবে উপায় বিহীন অৱস্থা অব্যাহত আছে।
সকলোকে উদ্ধাৰ কৰাৰ সম্ভাৱনা এতিয়া কমি আহিছে
ভাৰতে এতিয়ালৈ দেশখনত থকা আধাতকৈ অধিক নাগৰিকক উদ্ধাৰ কৰিছে যদিও সকলোকে উদ্ধাৰ কৰাৰ সম্ভাৱনা এতিয়া কমি আহিছে। কিয়নো যুদ্ধৰ আগ্ৰাসন অধিক তীব্ৰ হৈ পৰাৰ সময়তে প্ৰত্যাৱৰ্তনৰ বাট অধিক জটিল হৈ পৰিছে ভাৰতীয়সকলৰ বাবে। তদুপৰি ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীৰ ভাৰতবিদ্বেষে এতিয়া অধিক কণ্টাকাকীৰ্ণ কৰি তুলিছে শিক্ষাৰ্থীসকলৰ পথ। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰাৰ সময়ত ভাৰতীয় নাগৰিকসকলক যুদ্ধৰ মাজৰৰ পৰা সুকলমে ওভতাই অনাৰ বিষয়েও কথা পতা বুলি জানিব পৰা গৈছে যদিও কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰালৈ বহু পলম হৈ যোৱাৰ আশংকা গাঢ় হৈ উঠিছে। ইতিমধ্যেই দুজন শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাইছে ইউক্ৰেইনত। এতিয়াও আবদ্ধ হৈ আছে পাঁচ সহস্ৰাধিক। [caption id="attachment_134881" align="aligncenter" width="300"]