--°C
Loading...
Listen to Article
2 min read
80%

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাটো কোনো দিশেৰে সমৰ্থন কৰিব নোৱাৰি। যুদ্ধ মানেই নিৰীহৰ মৃত্যু, মানৱতাৰ বিৰুদ্ধে অপৰাধ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে সম্প্ৰতি বিশ্ববাসীৰ সন্মুখত খলনায়ক যদিও এই ক্ষেত্ৰত অন্য খলনায়কৰ উপস্থিতি নাই জানো?

ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়া যিদৰে খলনায়ক, একেদৰেই খলনায়ক আমেৰিকাও। পূব ইউৰোপত আমেৰিকা বা আমেৰিকা নেতৃত্বাধীন ‘নাটো’ৰ ক্ৰমাগত আগ্ৰাসন সাম্প্ৰতিক পৰিস্থিতি সৃষ্টিৰ বাবে বহু পৰিমাণে দায়ী। ছোভিয়েট ইউনিয়ন ভাঙি পৰাৰ পাছতে আমেৰিকাই উত্তৰ আটলাণ্টিক চুক্তি সংগঠন অৰ্থাৎ ‘নাটো’ৰ নাম লৈ পূব ইউৰোপত আগ্ৰাসন অব্যাহত ৰাখিছিল। এখনৰ পাছত এখন দেশ ‘নাটো’ৰ অন্তৰ্ভুক্ত কৰি সম্প্ৰসাৰণ কৰি গৈছিল। ছোভিয়েট নেতৃত্বাধীন কমিউনিষ্ট আগ্ৰাসন ৰোধ কৰাৰ বাবে ১৯৪৯ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংগঠন ‘নাটো’ গঠন কৰা হৈছিল। ‘নাটো’ৰ সদস্য দেশসমূহৰ মাজত সামৰিক সহযোগিতা প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু, ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পাছতো আমেৰিকা আৰু নাটোই ৰাছিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক নীতি অৱলম্বন কৰিছিল। ছোভিয়েট ইউনিয়নৰ পৰা ভাঙি অহা এষ্ট’নীয়া, লাটভিয়া, লিথুৱানীয়াৰ লগতে পূব ইউৰোপৰ দেশ পোলেণ্ড, ৰোমানিয়া, বুলগেৰীয়াক ‘নাটো’ৰ সম্প্ৰসাৰণমূলক প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত কৰিছিল আমেৰিকাই। আনকি পোলেণ্ডৰ দৰে দেশত ক্ষেপণাস্ত্ৰ সুৰক্ষা ব্যৱস্থা স্থাপন কৰিছিল ‘নাটো’ই। আমেৰিকাৰ নেতৃত্বত ‘নাটো’ৰ এনে পদক্ষেপসমূহক ৰাছিয়াই নিজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিছিল। ‘নাটো’ৰ গোপন উদ্দেশ্যও আছিল ৰাছিয়াক চৌপাশৰ পৰা আগুৰি ধৰি দমন কৰা। আমেৰিকা আৰু ‘নাটো’ৰ পূৰ্বৰে পৰা চকু আছে ৰাছিয়াৰ বিশাল খাৰুৱা তেলৰ ভাণ্ডাৰটো। সমন্বিত আগ্ৰাসনৰে ৰাছিয়াক দুৰ্বল কৰি ৰাছিয়াৰ তৈল ভাণ্ডাৰৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাটোও আমেৰিকাৰ আন এটা গোপন উদ্দেশ্য। পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ দেশসমূহক নাটোৰ অন্তৰ্ভুক্ত কৰাৰ বহু পূৰ্বৰেপৰা বিৰোধিতা কৰি আহিছিল ৰাছিয়াই।   লগতে, ৰাছিয়াই অভিযোগ কৰি আহিছিল যে, জাৰ্মানীৰ একত্ৰিকৰণৰ সময়ত আমেৰিকা বা নাটোৰ নেতৃবৰ্গই প্ৰতিশ্ৰুতি দিছিল ‘নাটো’ৰ অধিক সম্প্ৰসাৰণ কৰা নহয়। কিন্তু বিগত সময়ত ‘নাটো’-এ বাৰম্বাৰ ভংগ কৰিছে সেই প্ৰতিশ্ৰুতি। একেবাৰে শেষত পূৰ্বৰ ছোভিয়েট ৰাষ্ট্ৰ ইউক্ৰেইনক নাটোৰ সদস্য কৰি ঘাটি স্থাপনৰ বাবে আমেৰিকাই কৰা প্ৰয়াসে ধৈর্যৰ বান্ধোন ছিঙি পেলাইছিল ভ্লাডিমীৰ পুটিন অথবা ৰাছিয়াৰ। ইয়াৰ পাছতো ৰাছিয়া মনে মনে থাকিলে আমেৰিকাই পোনপটীয়াকৈ ৰাছিয়াক লক্ষ্য কৰি ল’ব বুলি ভাবি লৈছিল পুটিনে। গতিকে, ইউক্ৰেইন আক্ৰমণৰে আত্মৰক্ষাৰ হেতু শক্তি প্ৰদৰ্শন কৰাটোকে শেষ উপায় বুলি ভাবি লৈছিল পুটিনে। ইউক্ৰেইন দখলৰে নাটো আগ্ৰাসন ওফৰাই পেলোৱাৰ উপায় লৈছিল। ৰাছিয়া-নাটোকেন্দ্ৰিক বিগত ২০ বছৰৰ এনে ঘটনাপ্ৰৱাহত ভুমুকি মাৰিলে আমেৰিকাৰ খলনায়কৰ ভূমিকা স্পষ্ট হৈ পৰে। পোনপটীয়াকৈ ক’বলৈ গ’লে আমেৰিকা তথা নাটোৰ নব্য-সাম্ৰাজ্যবাদী বিস্তাৰৰ অভিসন্ধি আজিৰ এই বিশ্বশান্তি বিনাশকাৰী পৰিস্থিতিৰ বাবে বহুলাংশে দায়ী। ইউক্ৰেইন আক্ৰমণ কৰি দেশখনৰ স্বাধীনতা হৰণ কৰাৰ প্ৰয়াস তথা সহস্ৰাধিক নিৰীহ লোকৰ নিধনৰ বাবে ইতিহাসে কেতিয়াও ক্ষমা নকৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনক। পুটিনৰ বিস্তাৰবাদী অভিপ্ৰায়ো লুকুৱাই থোৱা বিষয় নহয়। পূব ইউৰোপৰ পূৰ্বৰ ছোভিয়েট ৰাষ্ট্ৰসমূহৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰি সেই ৰাষ্ট্ৰসমূহত ৰাছিয়াৰ কথাত উঠ-বহ কৰা চৰকাৰ প্ৰতিষ্ঠাৰ আকাংক্ষা সদায় আছে পুটিনৰ। কিন্তু ইউক্ৰেইন যুদ্ধৰ বাবে ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে আমেৰিকাত দ্বিতীয় মহাযুদ্ধৰ পাছত শাসন চলোৱা প্ৰতিগৰাকী নব্য-সাম্ৰাজ্যবাদী আৰু সম্প্ৰসাৰণবাদী বিচাৰধাৰাৰ ৰাষ্ট্ৰপতিও সমানেই দায়ী। ইতিহাসৰ পৰা ক্ষমা পোৱাৰ এওঁলোকো যোগ্য কেতিয়াও নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক