--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত আন এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃত্যু ঘটিছে। পঞ্জাবৰ বাসিন্দা চন্দন জিন্দল আতংকিত হৈ ব্ৰেইন ষ্ট্ৰোকত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও পোনপটীয়া আক্ৰমণত নহয়। খবৰ অনুসৰি বুধবাৰে আবেলি ইউক্ৰেইনৰ ভিনিটজিয়া চহৰত তেওঁৰ মৃত্যু ঘটে। ৰাছিয়াৰ নিৰন্তৰ গুলীবৰ্ষণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰিছিল।  মানসিকভাৱে ভাগি পৰাৰ পাছত আজি ব্ৰেইন ষ্ট্ৰোকৰ ফলত চন্দনৰ মৃত্যু হৈছিল। এই ঘটনাটোৱে ইউক্ৰেইনত আবদ্ধ হৈ থকা আন ভাৰতীয়সকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। একেৰাহে দুদিন ধৰি দুজন ভাৰতীয় ছাত্ৰৰ মৃত্যুৱে দেশখনত এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক-মন্ত্ৰালয়ে সকলো ভাৰতীয়ক হঠাৎ খাৰকিভ চহৰ এৰি যাবলৈ নিৰ্দেশ দিছে। চন্দন জিন্দল ভিনিটচিয়া নেচনেল পাইৰোগভ, মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্চিটী, ভিনিটচিয়া ইউক্ৰেইনত অধ্যয়ন কৰি আছিল। খবৰ অনুসৰি, জিন্দলক ইস্কিমিক ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পাছত জৰুৰীকালীন চিকিৎসালয় ভিনিৎচিয়া(কিয়েভস্কা ষ্ট্ৰীট 68)ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। জিন্দালৰ দেউতাকে ভাৰত চৰকাৰক তেওঁৰ শৰীৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকৰ ছাত্ৰ নবীনৰ মৃতদেহ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই আছে যি এদিন আগতে খাৰকিভত গুলীবৰ্ষণত মৃত্যু বৰণ কৰিছিল। উল্লেখ্য যে, যাত্ৰী সেৱাৰ বাবে ইউক্ৰেইনৰ আকাশসীমা বন্ধ থকাৰ বাবে, মৃতদেহবোৰ নিজৰ দেশলৈ প্ৰেৰণ কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ