--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত আন এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃত্যু ঘটিছে। পঞ্জাবৰ বাসিন্দা চন্দন জিন্দল আতংকিত হৈ ব্ৰেইন ষ্ট্ৰোকত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও পোনপটীয়া আক্ৰমণত নহয়। খবৰ অনুসৰি বুধবাৰে আবেলি ইউক্ৰেইনৰ ভিনিটজিয়া চহৰত তেওঁৰ মৃত্যু ঘটে। ৰাছিয়াৰ নিৰন্তৰ গুলীবৰ্ষণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰিছিল।  মানসিকভাৱে ভাগি পৰাৰ পাছত আজি ব্ৰেইন ষ্ট্ৰোকৰ ফলত চন্দনৰ মৃত্যু হৈছিল। এই ঘটনাটোৱে ইউক্ৰেইনত আবদ্ধ হৈ থকা আন ভাৰতীয়সকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। একেৰাহে দুদিন ধৰি দুজন ভাৰতীয় ছাত্ৰৰ মৃত্যুৱে দেশখনত এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক-মন্ত্ৰালয়ে সকলো ভাৰতীয়ক হঠাৎ খাৰকিভ চহৰ এৰি যাবলৈ নিৰ্দেশ দিছে। চন্দন জিন্দল ভিনিটচিয়া নেচনেল পাইৰোগভ, মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্চিটী, ভিনিটচিয়া ইউক্ৰেইনত অধ্যয়ন কৰি আছিল। খবৰ অনুসৰি, জিন্দলক ইস্কিমিক ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পাছত জৰুৰীকালীন চিকিৎসালয় ভিনিৎচিয়া(কিয়েভস্কা ষ্ট্ৰীট 68)ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। জিন্দালৰ দেউতাকে ভাৰত চৰকাৰক তেওঁৰ শৰীৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকৰ ছাত্ৰ নবীনৰ মৃতদেহ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই আছে যি এদিন আগতে খাৰকিভত গুলীবৰ্ষণত মৃত্যু বৰণ কৰিছিল। উল্লেখ্য যে, যাত্ৰী সেৱাৰ বাবে ইউক্ৰেইনৰ আকাশসীমা বন্ধ থকাৰ বাবে, মৃতদেহবোৰ নিজৰ দেশলৈ প্ৰেৰণ কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক