--°C
Loading...
Listen to Article
2 min read
80%

৯৭ শতাংশ নম্বৰ লাভ কৰাৰ পাছতো নবীনে ভাৰতত আসন লাভ নকৰিলে

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত মৃত্যুমুখত পৰিল এগৰাকী ভাৰতীয় ছাত্ৰ। মঙলবাৰে খাৰকীভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণত কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰই হেৰুৱালে প্ৰাণ। পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয়। কৰ্ণাটকৰ ছাত্ৰজনৰ নাম নবীন বুলি জানিব পৰা গৈছে৷ ছাত্ৰজনে বিদেশৰ মাটিত চিকিৎসক হিচাপে ডিগ্ৰী অৰ্জন কৰিছে। পুত্ৰক হেৰুওৱাৰ পাছত নবীনৰ দেউতাকে মুখ খুলিছে আৰু তেওঁ ভাৰতৰ চিকিৎসা ব্যৱস্থাটোৰ ওপৰত ক্ষোভ উজাৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "নবীনে পিইউচিত ৯৭ শতাংশ নম্বৰ লাভ কৰাৰ পাছতো তেওঁ ৰাজ্যখনত কোনো চিকিৎসা শাস্ত্ৰ অধ্যায়নৰ বাবে আসন লাভ কৰা নাছিল। তদুপৰি ভাৰতৰ দৰে এখন দেশত এজন শিক্ষাৰ্থীয়ে চিকিৎসা বিদ্যা অধ্যায়নৰ বাবে বহু টকা পৰিশোধ কৰিব লগা হয়। একে সময়তে শিক্ষাৰ্থীসকলে তাতকৈ কম টকা খৰচ কৰি বিদেশৰ পৰা ডিগ্ৰী লাভ কৰিছে। তাৰ শিক্ষাৰ আন্তঃগাঁথনিও যথেষ্ট উন্নত, তেওঁ কয়। [caption id="attachment_134606" align="aligncenter" width="427"]ইউক্ৰেইনত ইউক্ৰেইনত মৃত নবীনৰ দেউতাকে ক্ষোভ উজাৰিলে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত[/caption]   নবীন খাৰ্কিভ চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল। ছাত্ৰজনে আগতেই তাৰ পৰা ওলাই অহাৰ সুযোগ পাইছিল যদিও কৰ্ণাটকৰ এই ছাত্ৰজনে বিচাৰিছিল যে কনিষ্ঠসকলে প্ৰথমে বিপদজনক স্থান এৰি যাওক। তাৰ পাছত তেওঁ ঘৰলৈ যাব। অৱশ্যে, তেওঁৰ এই সিদ্ধান্তই তেওঁৰ জীৱনলৈ যে বিপদ মাতি আনিব হয়তো তেওঁৱো ভৱা নাছিল। তেওঁৰ দেউতাকে কৈছিল যে তেওঁ নবীনৰ মৃত্যুৰ মাত্ৰ দুদিন আগতে ভিডিঅ' কলৰ যোগেদি তেওঁৰ পুত্ৰৰ সৈতে কথা পাতিছিল। ফ'নত তেওঁ ভাৰতীয় শিক্ষাৰ্থীৰ শেহতীয়া স্থিতি বিষয়ে সুধাত, ছাত্ৰজনে ক'য় যে, তেওঁলোকৰৰ শিবিৰৰ ১৫-২০ জন জ্যেষ্ঠ লোক দেশলৈ উভতি আহিছে যদিও আৰু বহুতো ভাৰতীয় তাত আবদ্ধ হৈ আছে। ছাত্ৰজনে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতেও ফ'নত কথা পাতিছো। তেওঁ আশ্বাস দিছিল যে, তেওঁলোকক সোনকালে ঘূৰাই অনা হ'ব। লগতে মন্ত্ৰীজনে খাৰকিভ চহৰৰ পৰা ৪০-৫০ কিলোমিটাৰ দূৰলৈ যাবলৈ পৰামৰ্শ দিছিল। উল্লেখ্য যে, ছাত্ৰজনৰ মৃতদেহ দেশলৈ ঘূৰাই অনাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচেষ্টা চলি আছে। অৱশ্যে, এতিয়ালৈকে তেওঁৰ মৃতদেহ পোৱা যাব নে নাই সেয়া পৰিয়ালৰ লোক নিশ্চিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক