--°C
Loading...
Listen to Article
2 min read
80%

৯৭ শতাংশ নম্বৰ লাভ কৰাৰ পাছতো নবীনে ভাৰতত আসন লাভ নকৰিলে

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত মৃত্যুমুখত পৰিল এগৰাকী ভাৰতীয় ছাত্ৰ। মঙলবাৰে খাৰকীভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণত কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰই হেৰুৱালে প্ৰাণ। পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয়। কৰ্ণাটকৰ ছাত্ৰজনৰ নাম নবীন বুলি জানিব পৰা গৈছে৷ ছাত্ৰজনে বিদেশৰ মাটিত চিকিৎসক হিচাপে ডিগ্ৰী অৰ্জন কৰিছে। পুত্ৰক হেৰুওৱাৰ পাছত নবীনৰ দেউতাকে মুখ খুলিছে আৰু তেওঁ ভাৰতৰ চিকিৎসা ব্যৱস্থাটোৰ ওপৰত ক্ষোভ উজাৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "নবীনে পিইউচিত ৯৭ শতাংশ নম্বৰ লাভ কৰাৰ পাছতো তেওঁ ৰাজ্যখনত কোনো চিকিৎসা শাস্ত্ৰ অধ্যায়নৰ বাবে আসন লাভ কৰা নাছিল। তদুপৰি ভাৰতৰ দৰে এখন দেশত এজন শিক্ষাৰ্থীয়ে চিকিৎসা বিদ্যা অধ্যায়নৰ বাবে বহু টকা পৰিশোধ কৰিব লগা হয়। একে সময়তে শিক্ষাৰ্থীসকলে তাতকৈ কম টকা খৰচ কৰি বিদেশৰ পৰা ডিগ্ৰী লাভ কৰিছে। তাৰ শিক্ষাৰ আন্তঃগাঁথনিও যথেষ্ট উন্নত, তেওঁ কয়। [caption id="attachment_134606" align="aligncenter" width="427"]ইউক্ৰেইনত ইউক্ৰেইনত মৃত নবীনৰ দেউতাকে ক্ষোভ উজাৰিলে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত[/caption]   নবীন খাৰ্কিভ চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল। ছাত্ৰজনে আগতেই তাৰ পৰা ওলাই অহাৰ সুযোগ পাইছিল যদিও কৰ্ণাটকৰ এই ছাত্ৰজনে বিচাৰিছিল যে কনিষ্ঠসকলে প্ৰথমে বিপদজনক স্থান এৰি যাওক। তাৰ পাছত তেওঁ ঘৰলৈ যাব। অৱশ্যে, তেওঁৰ এই সিদ্ধান্তই তেওঁৰ জীৱনলৈ যে বিপদ মাতি আনিব হয়তো তেওঁৱো ভৱা নাছিল। তেওঁৰ দেউতাকে কৈছিল যে তেওঁ নবীনৰ মৃত্যুৰ মাত্ৰ দুদিন আগতে ভিডিঅ' কলৰ যোগেদি তেওঁৰ পুত্ৰৰ সৈতে কথা পাতিছিল। ফ'নত তেওঁ ভাৰতীয় শিক্ষাৰ্থীৰ শেহতীয়া স্থিতি বিষয়ে সুধাত, ছাত্ৰজনে ক'য় যে, তেওঁলোকৰৰ শিবিৰৰ ১৫-২০ জন জ্যেষ্ঠ লোক দেশলৈ উভতি আহিছে যদিও আৰু বহুতো ভাৰতীয় তাত আবদ্ধ হৈ আছে। ছাত্ৰজনে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতেও ফ'নত কথা পাতিছো। তেওঁ আশ্বাস দিছিল যে, তেওঁলোকক সোনকালে ঘূৰাই অনা হ'ব। লগতে মন্ত্ৰীজনে খাৰকিভ চহৰৰ পৰা ৪০-৫০ কিলোমিটাৰ দূৰলৈ যাবলৈ পৰামৰ্শ দিছিল। উল্লেখ্য যে, ছাত্ৰজনৰ মৃতদেহ দেশলৈ ঘূৰাই অনাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচেষ্টা চলি আছে। অৱশ্যে, এতিয়ালৈকে তেওঁৰ মৃতদেহ পোৱা যাব নে নাই সেয়া পৰিয়ালৰ লোক নিশ্চিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক