--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকা সময়তে ভাৰতৰ আন এজন ব্যক্তিৰ গুলীবিদ্ধ হোৱাৰ খৱৰ আহি পৰিছে৷ বৰ্তমানেও দেশখনত আৱদ্ধ হৈ থকা বহু ভাৰতীয় শিক্ষাৰ্থীয়ে দেশ এৰি পলায়নৰ চেষ্টা চলাই আহিছে৷ তাৰ মাজতে কিয়েভৰ পৰা পোলেণ্ড অভিমুখে গৈ থকা এজন ভাৰতীয় ছাত্ৰক গুলীয়াই গুলীবিদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে এই তথ্য টুইট কৰিছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (এমঅ'চিএ) জেনেৰেল ভি কে সিঙে বৃহস্পতিবাৰে কয়, "কিয়েভত এজন ছাত্ৰক গুলীবিদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু লগে লগে তেঁওক কিয়েভৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে"। সিঙে লগতে কয়, 'ভাৰতীয় দূতাবাসে পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সকলো ভাৰতীয়ক কিয়েভ এৰি যাবলৈ নিৰ্দেশ দিছিল। যুদ্ধৰ ক্ষেত্ৰত, বন্দুকৰ গুলীয়ে কাৰো ধৰ্ম আৰু ৰাষ্ট্ৰীয়তাৰ প্ৰতি দৃষ্টি নিদিয়ে।' ৰাছিয়াৰ সৈতে চলি থকা সংঘাতৰ পাছতে ছাত্ৰ-ছাত্ৰীসহ বহু ভাৰতীয় নাগৰিকে ভাৰত চৰকাৰৰ সহায়ত ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে। কেইদিনমান আগতে কৰ্ণাটকৰ হাভেৰীৰ এজন চিকিৎসা বিদ্যাৰ্থীয়ে খাৰখিভৰ এটা চৰকাৰী ভৱনত গুলীবৰ্ষণত প্ৰাণ হেৰুৱাইছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, অপাৰেচন গংগাৰ অধীনত এতিয়ালৈকে ইউক্ৰেইনৰ পৰা ৬,০০০ তকৈও অধিক ভাৰতীয়ক ৩০ খন বিমানত ঘূৰাই অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক