--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'মা আজি মোৰ শৰীৰ গুলীয়ে বিন্ধিলে৷ যুদ্ধ কেতিয়াও সমাধান হ'ব নোৱাৰে৷' পৰৰাষ্ট্ৰত আৰ্তনাদ এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ৷কৰ্ণাটকৰ ২১ বছৰীয়া নবীন শেখৰাপ্পাৰ মৃত্যুৰ শোকে দেশবাসীক দহি থকাৰ সময়তো৷ এনে সময়তে আন এক খবৰে মৰ্মাহত কৰিছ৷ আজি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত পুনৰ এজন ভাৰতীয় ছাত্ৰ গুলীবিদ্ধ হয়৷ সংকটজন অৱস্থাত ছাত্ৰজনক চিৎসালয়ত ভৰ্তি কৰোঁৱা বুলি জানিবলৈ পৰা গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে খাৰকিভ চহৰত ৰাছিয়াৰ মিছাইল আক্ৰমণত আন এজন ছাত্ৰৰ মৃত্যু ঘটিছিল। অন্য এগৰাকীৰ যুদ্ধৰ বিভীষিকাৰ মাজতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল। এই মৃত্যুৰ মাৰ নাযাওঁতেই পোহৰলৈ আহিছে এই ঘটনা৷ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে প্ৰকাশ কৰা মতে ছাত্ৰজনে কিয়েভৰ পৰা ওলাবলৈ চেষ্টা কৰি আছিল আৰু এনে সময়তে গুলীচালনাত আহত হয়। ভি কে সিঙৰ মন্তব্য অনুসৰি, কেন্দ্ৰই যিমান সম্ভৱ কমসময়ত ইউক্ৰেইনৰ পৰা সৰ্বাধিক সংখ্যক শিক্ষাৰ্থীক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলাই আছে। বৃহস্পতিবাৰে ইউক্ৰেইনৰ পৰা প্ৰায় ১,৭০০ শিক্ষাৰ্থীক স্থানান্তৰ কৰাৰ বাবে এতিয়াও চেষ্টা কৰি আছে৷ যুদ্ধ পীড়িত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰা কামৰ তদাৰক কৰিবলৈ ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ বিশেষ দূত হিচাপে প্ৰেৰণ কৰা চাৰিজন মন্ত্ৰীৰ ভিতৰত জেনেৰেল সিং অন্যতম। উল্লেখ্য যে, ভাৰতীয় দূতাবাসে পূৰ্বেই সকলোকে কিয়েভ এৰি যাবলৈ সতৰ্ক কৰি দিছিল৷ 'যুদ্ধক্ষেত্ৰত, বন্দুকৰ গুলীয়ে কাৰো ধৰ্ম আৰু ৰাষ্ট্ৰীয়তাৰ প্ৰতি দৃষ্টি নিদিয়ে;' - বুলিও মন্তব্য কৰে সিঙে৷ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে কোনোমতে সীমাত উপস্থিত হৈ ইউক্ৰেইনৰ পৰা পলাই যাবলৈ চেষ্টা কৰি আছে, য'ৰ পৰা তেওঁলোকক "অপাৰেচন গংগা"ৰ জৰিয়তে বিশেষ উদ্ধাৰকাৰী বিমানেৰে ভাৰতলৈ ওভতাই অনা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক