--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধক লৈ প্ৰায় সমগ্ৰ বিশ্বই ৰাছিয়াক একাষৰীয়া কৰাৰ চেষ্টা কৰি আহিছে যদিও বন্ধু ৰাষ্ট্ৰ ভাৰতে এইক্ষেত্ৰত কৌশলী স্থিতি গ্ৰহণ কৰিছে। ভাৰতে আনকি বিভিন্ন পদক্ষেপেৰে পশ্চিমীয়া শক্তিসমূহৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰা দেখা গৈছে। ইউৰোপীয় ইউনিয়ন তথা আমেৰিকাই ৰাছিয়াৰ ওপৰত বিভিন্ন বাধা-নিষেধ আৰোপ কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে কোঙা কৰা চেষ্টা চলাই থকাৰ মাজতে ভাৰতৰ স্থিতি এতিয়াও নমনীয় হৈ আছে। শেহতীয়াকৈ ভাৰতে গ্ৰহণ কৰা এটা পদক্ষেপে পুনৰ ইউৰোপৰ সিদ্ধান্তৰ বিপৰীত স্থিতি লোৱা দেখা গৈছে। ইণ্ডিয়ান অইন কৰ্প’ৰেচন লিমিটেডে তেল আমদানিৰ বাবে ৰুছ কোম্পানী এটাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ৰুছ কোম্পানীটোৰ পৰা ৩ নিযুত বেৰেল খাৰুৱা তেল আমদানি কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে আইঅ’চিএল-এ। এয়া এটা কোম্পানীৰ সৈতে আন এটা কোম্পানীয়ে কৰা চুক্তি বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই। ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান চলাই থকাত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ তৈলক্ষেত্ৰৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰা তথা তেল আমদানি বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ মাজতে ভাৰতৰ সৰ্ববৃহৎ তেল কোম্পানীটোৰ এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। আমেৰিকা-ইউৰোপে বাধা আৰোপ কৰিলেও ৰাছিয়াৰ তেল কোম্পানীবোৰৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ভাৰতীয় তেল কোম্পানীবোৰৰ ওপৰত কোনো প্ৰতিবন্ধকতা নাই। ইফালে, ভাৰতৰ ইন্ধনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ইয়াৰ লেনদেনক লৈ ৰাজনীতি কৰিব নালাগে বুলি কালি এটা চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন