--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধক লৈ প্ৰায় সমগ্ৰ বিশ্বই ৰাছিয়াক একাষৰীয়া কৰাৰ চেষ্টা কৰি আহিছে যদিও বন্ধু ৰাষ্ট্ৰ ভাৰতে এইক্ষেত্ৰত কৌশলী স্থিতি গ্ৰহণ কৰিছে। ভাৰতে আনকি বিভিন্ন পদক্ষেপেৰে পশ্চিমীয়া শক্তিসমূহৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰা দেখা গৈছে। ইউৰোপীয় ইউনিয়ন তথা আমেৰিকাই ৰাছিয়াৰ ওপৰত বিভিন্ন বাধা-নিষেধ আৰোপ কৰি তেওঁলোকক অৰ্থনৈতিকভাৱে কোঙা কৰা চেষ্টা চলাই থকাৰ মাজতে ভাৰতৰ স্থিতি এতিয়াও নমনীয় হৈ আছে। শেহতীয়াকৈ ভাৰতে গ্ৰহণ কৰা এটা পদক্ষেপে পুনৰ ইউৰোপৰ সিদ্ধান্তৰ বিপৰীত স্থিতি লোৱা দেখা গৈছে। ইণ্ডিয়ান অইন কৰ্প’ৰেচন লিমিটেডে তেল আমদানিৰ বাবে ৰুছ কোম্পানী এটাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ৰুছ কোম্পানীটোৰ পৰা ৩ নিযুত বেৰেল খাৰুৱা তেল আমদানি কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে আইঅ’চিএল-এ। এয়া এটা কোম্পানীৰ সৈতে আন এটা কোম্পানীয়ে কৰা চুক্তি বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই। ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান চলাই থকাত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ তৈলক্ষেত্ৰৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰা তথা তেল আমদানি বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ মাজতে ভাৰতৰ সৰ্ববৃহৎ তেল কোম্পানীটোৰ এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। আমেৰিকা-ইউৰোপে বাধা আৰোপ কৰিলেও ৰাছিয়াৰ তেল কোম্পানীবোৰৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ভাৰতীয় তেল কোম্পানীবোৰৰ ওপৰত কোনো প্ৰতিবন্ধকতা নাই। ইফালে, ভাৰতৰ ইন্ধনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ইয়াৰ লেনদেনক লৈ ৰাজনীতি কৰিব নালাগে বুলি কালি এটা চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন