--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশক-দশক পাৰ হোৱাৰ পাছতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। নেতাজী সুভাষ চন্দ্ৰ বসু বিমান দুৰ্ঘটনাত মৃত্যু হোৱাক লৈয়ো ভিন্নজনৰ মাজত মতভেদ আছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ ইমান দিনৰ পাছতো নেতাজীৰ মৃত্যুক লৈ ৰহস্য শেষ হোৱা নাই। ইয়াৰ মাজতে জাপানৰ ৰেঙ্কোজী মন্দিৰৰ পৰা নেতাজীৰ চিতাভস্ম ভাৰতলৈ অনাৰ বাবে দীৰ্ঘদিনধৰি দাবী উত্থাপন হৈ আহিছে। এইবাৰ নেতাজীৰ বৰপুত্ৰ চন্দ্ৰ বসুৱে পুনৰ এই দাবীৰ সোচ্চাৰ হৈছে। চন্দ্ৰ বসুৱে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক জাপানৰ ৰেঙ্কোজী মন্দিৰত নেতাজী বুলি দাবী কৰা চিতাভাসমৰ ওপৰত তেওঁৰ ডিএনএ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত চন্দ্ৰ বসুৱে টুইটাৰত লিখিছে, ‘মই জাপানক জনাইছো যে ৰেঙ্কোজী মন্দিৰত ৰখা এছিয়াৰ নায়কজনৰ অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত ডিএনএ পৰীক্ষা কৰাওক আৰু ইয়াক ভাৰতৰ মাটিলৈ অনাৰ ব্যৱস্থা কৰাওক। ঘটনাক্ৰমে, নেতাজীৰ ১৯৪৫ চনত টাইহোকু বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল। অৱশ্যে, সেই মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই শনিবাৰে ভাৰত ভ্ৰমণত আহিছে। কিছিদাই আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন বৈঠকত বহে। জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত নেতাজীৰ প্ৰপৌত্ৰ চন্দ্ৰ বসুৰ আৱেদনক সংশ্লিষ্ট মহলৰ এটা অংশই গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন