--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশক-দশক পাৰ হোৱাৰ পাছতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। নেতাজী সুভাষ চন্দ্ৰ বসু বিমান দুৰ্ঘটনাত মৃত্যু হোৱাক লৈয়ো ভিন্নজনৰ মাজত মতভেদ আছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ ইমান দিনৰ পাছতো নেতাজীৰ মৃত্যুক লৈ ৰহস্য শেষ হোৱা নাই। ইয়াৰ মাজতে জাপানৰ ৰেঙ্কোজী মন্দিৰৰ পৰা নেতাজীৰ চিতাভস্ম ভাৰতলৈ অনাৰ বাবে দীৰ্ঘদিনধৰি দাবী উত্থাপন হৈ আহিছে। এইবাৰ নেতাজীৰ বৰপুত্ৰ চন্দ্ৰ বসুৱে পুনৰ এই দাবীৰ সোচ্চাৰ হৈছে। চন্দ্ৰ বসুৱে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক জাপানৰ ৰেঙ্কোজী মন্দিৰত নেতাজী বুলি দাবী কৰা চিতাভাসমৰ ওপৰত তেওঁৰ ডিএনএ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত চন্দ্ৰ বসুৱে টুইটাৰত লিখিছে, ‘মই জাপানক জনাইছো যে ৰেঙ্কোজী মন্দিৰত ৰখা এছিয়াৰ নায়কজনৰ অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত ডিএনএ পৰীক্ষা কৰাওক আৰু ইয়াক ভাৰতৰ মাটিলৈ অনাৰ ব্যৱস্থা কৰাওক। ঘটনাক্ৰমে, নেতাজীৰ ১৯৪৫ চনত টাইহোকু বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল। অৱশ্যে, সেই মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই শনিবাৰে ভাৰত ভ্ৰমণত আহিছে। কিছিদাই আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন বৈঠকত বহে। জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত নেতাজীৰ প্ৰপৌত্ৰ চন্দ্ৰ বসুৰ আৱেদনক সংশ্লিষ্ট মহলৰ এটা অংশই গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন