--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত কেতিয়াবা কিছুমান মানুহ উন্মাদ হৈ পৰে৷ কি কৰি আছে নিজেই একো গম নোপোৱা হৈ যায়।  বিহাৰৰ মুজাফ্ফৰপুৰত ঘটিছে এক আচৰিত ঘটনা। 

এজন উন্মাদ প্ৰেমিকে হাতত কুঠাৰ লৈ টেলিকম অফিচত উপস্থিত হৈ প্ৰেমিকাৰ কল ডিটেইল বিচাৰিবলৈ ধৰিলে। কিন্তু কল ডিটেইল দিবলৈ অমান্তি হয় কৰ্মচাৰীসকল। তাতে খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰেমিকজন।

কৰ্মচাৰীসকলৰ লগত তেওঁ অসৎ আচৰণ কৰে আৰু কল ডিটেইল নোপোৱাত কুঠাৰেৰে কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। অফিচত লাগিল হুৱাদুৱা। এই সময়তে মানুহে তেওঁক ধৰি মাৰপিট কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ব্যৱস্থা আৰম্ভ কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, অভিযুক্ত যুৱকজনে ইয়াৰ পূৰ্বেও টেলিকম অফিচলৈ আহিছিল আৰু প্ৰেমিকাৰ কল ডিটেইল লাভ কৰিবলৈ দাবী জনাইছিল। কৰ্মচাৰীসকলে দিবলৈ অমান্তি হোৱাত তেওঁলোকক গালি-গালাজ পাৰি গুচি গৈছিল। ইয়াৰ পিছত আকৌ আহিল আৰু এইবাৰ তেওঁৰ হাতত আছিল এখন কুঠাৰ। 

ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁ মহিলা কৰ্মচাৰীৰ লগত কাজিয়া আৰম্ভ কৰে আৰু তাৰপিছত টেলিকম কোম্পানীটোৰ টেপিং গ্লাছত কুঠাৰেৰে আঘাত কৰে। গ্লাছ ভাঙি যোৱাৰ লগে লগে প্ৰচণ্ড শব্দ এটা হ’ল, সেয়ে ওচৰৰ দোকানী আৰু পথচাৰীসকল সেই ঠাইতে গোট খালে।

মানুহে দেখিলে যে যুৱকজন সম্পূৰ্ণ ক্ৰোধিত হৈ অফিচ ভাঙিছে, কিছু সময়ৰ ভিতৰতে স্থানীয় ৰাইজে তেওঁক ধৰি তীব্ৰ প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে মিথানপুৰা আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ কেনেবাকৈ যুৱকজনক ভিৰৰ পৰা মুক্ত কৰি জিম্মাত লৈ যায়। টেলিকম কোম্পানীটোৱে দিয়া এজাহাৰ সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। জেৰাৰ সময়ত পোহৰলৈ আহিল যে অভিযুক্ত যুৱকজন মানসিকভাৱে সুস্থিৰ হৈ থকা নাই।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্তত নামি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু