--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত কেতিয়াবা কিছুমান মানুহ উন্মাদ হৈ পৰে৷ কি কৰি আছে নিজেই একো গম নোপোৱা হৈ যায়।  বিহাৰৰ মুজাফ্ফৰপুৰত ঘটিছে এক আচৰিত ঘটনা। 

এজন উন্মাদ প্ৰেমিকে হাতত কুঠাৰ লৈ টেলিকম অফিচত উপস্থিত হৈ প্ৰেমিকাৰ কল ডিটেইল বিচাৰিবলৈ ধৰিলে। কিন্তু কল ডিটেইল দিবলৈ অমান্তি হয় কৰ্মচাৰীসকল। তাতে খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰেমিকজন।

কৰ্মচাৰীসকলৰ লগত তেওঁ অসৎ আচৰণ কৰে আৰু কল ডিটেইল নোপোৱাত কুঠাৰেৰে কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। অফিচত লাগিল হুৱাদুৱা। এই সময়তে মানুহে তেওঁক ধৰি মাৰপিট কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ব্যৱস্থা আৰম্ভ কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, অভিযুক্ত যুৱকজনে ইয়াৰ পূৰ্বেও টেলিকম অফিচলৈ আহিছিল আৰু প্ৰেমিকাৰ কল ডিটেইল লাভ কৰিবলৈ দাবী জনাইছিল। কৰ্মচাৰীসকলে দিবলৈ অমান্তি হোৱাত তেওঁলোকক গালি-গালাজ পাৰি গুচি গৈছিল। ইয়াৰ পিছত আকৌ আহিল আৰু এইবাৰ তেওঁৰ হাতত আছিল এখন কুঠাৰ। 

ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁ মহিলা কৰ্মচাৰীৰ লগত কাজিয়া আৰম্ভ কৰে আৰু তাৰপিছত টেলিকম কোম্পানীটোৰ টেপিং গ্লাছত কুঠাৰেৰে আঘাত কৰে। গ্লাছ ভাঙি যোৱাৰ লগে লগে প্ৰচণ্ড শব্দ এটা হ’ল, সেয়ে ওচৰৰ দোকানী আৰু পথচাৰীসকল সেই ঠাইতে গোট খালে।

মানুহে দেখিলে যে যুৱকজন সম্পূৰ্ণ ক্ৰোধিত হৈ অফিচ ভাঙিছে, কিছু সময়ৰ ভিতৰতে স্থানীয় ৰাইজে তেওঁক ধৰি তীব্ৰ প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে মিথানপুৰা আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ কেনেবাকৈ যুৱকজনক ভিৰৰ পৰা মুক্ত কৰি জিম্মাত লৈ যায়। টেলিকম কোম্পানীটোৱে দিয়া এজাহাৰ সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। জেৰাৰ সময়ত পোহৰলৈ আহিল যে অভিযুক্ত যুৱকজন মানসিকভাৱে সুস্থিৰ হৈ থকা নাই।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্তত নামি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা