--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : অৱশেষত জামিন লাভ কৰিলে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই৷ ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ কৰিলে কুন্দ্ৰাই৷ মুম্বাইৰ আদালতে মঞ্জুৰ কৰিলে জামিন আৱেদন৷

পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কুন্দ্ৰা৷ ইয়াৰ পাছতে প্ৰায় দুমাহ জে’লত থাকিবলগা হৈছিল কুন্দ্ৰা৷ ইতিমধ্যে কুন্দ্ৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে চাৰ্জশ্বীট৷ মুম্বাই আৰক্ষীয়ে দাখিল কৰিছিল ১৪শ পৃষ্ঠাৰ চাৰ্জশ্বীট৷

উল্লেখযোগ্য যে, যোৱা বৃহস্পতিবাৰে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ১৪শ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছিল মুম্বাই আৰক্ষীয়ে। কিন্তু অভিযোগনামাত কুন্দ্ৰাৰ বিৰুদ্ধে তথ্য প্ৰমাণ সঠিকভাৱে উল্লেখ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কুন্দ্ৰাই লাভ কৰিলে জামিন। 

কুন্দ্ৰাৰ বিৰুদ্ধে উঠিছে এশৰো অধিক পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগ। কুন্দ্ৰাই পৰ্ণ ছবি নিৰ্মাণ কৰি সেই চিনেমাসমূহ বৃটেইনত ৱেৱছাইটৰ জৰিয়তে মুক্তি দিয়াৰো উঠিছিল অভিযোগ। কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগক কেন্দ্ৰ কৰি অস্বস্তিত পৰিছিল শিল্পা ছেট্টীও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ