--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাবৰ শক্তিমন্ত্ৰী হৰভজন সিঙে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, আম আদমী পাৰ্টী চৰকাৰে শীঘ্ৰেই প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ ওপৰত নিৰ্দেশনা জাৰি কৰিব। মন্ত্ৰী হোৱাৰ পাছত অমৃতসৰৰ হৰমন্দিৰ চাহিবত উপস্থিত হোৱাৰ পাছত হৰভজনে কয়, ‘আমি পঞ্জাবত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিম। ৩০০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ যোগান প্ৰতিশ্ৰুতি দিয়াধৰণে পালন কৰিব পঞ্জাব চৰকাৰে। হৰভজনে লগতে কয় যে, এই সুবিধা আমি দিয়া এটা গেৰাণ্টী আছিল, আৰু আমি ইয়াক পূৰণ কৰিম।’ ইয়াৰ পূৰ্বে, তেওঁ জিলাখনৰ সকলো শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰে আৰু তেওঁ কয় যে চৰকাৰৰ এই কাৰ্যকালত ৰাজ্যখনত কোনো দুৰ্নীতি সহ্য কৰা নহ’ব। হৰভজন সিঙে চৰকাৰী বিষয়াসকলক উদ্দেশ্যি কয়, ‘মই বহু দিন ধৰি চৰকাৰী বিভাগত সেৱা আগবঢ়াইছোঁ সেয়েহে মই আপোনালোকৰ প্ৰয়োজনীয়তা আৰু সমস্যাৰ বিষয়ে ভালদৰে অৱগত। মই আপোনালোকৰ ওপৰত কোনো ধৰণৰ হেঁচা নিদিওঁ আৰু আপোনালোকৰো আইন অনুসৰি কাম কৰাৰ স্বাধীনতা থাকিব।’ তেওঁ কয় যে, জনসাধাৰণে যিধৰণে আপক ভোট দিছে, চৰকাৰী বিষয়া আৰু কৰ্মচাৰীৰ সহযোগিতা অবিহনেও আপ চৰকাৰে জনগণৰ আশা পূৰণ কৰিব নোৱাৰে। ‘চৰকাৰী কাৰ্যালয়ৰ লোকসকলৰ যাতে কোনো অসুবিধা নহয় সেয়া নিশ্চিত কৰিবলৈ আমি যত্ন লোৱা উচিত। কাৰ্যালয়ত কোনো কাম দীঘলীয়া সময় ধৰি পেলাই থ’ব নালাগে বুলি মন্ত্ৰীগৰাকীয়ে কয়। new pca banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি