--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাবৰ শক্তিমন্ত্ৰী হৰভজন সিঙে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, আম আদমী পাৰ্টী চৰকাৰে শীঘ্ৰেই প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ ওপৰত নিৰ্দেশনা জাৰি কৰিব। মন্ত্ৰী হোৱাৰ পাছত অমৃতসৰৰ হৰমন্দিৰ চাহিবত উপস্থিত হোৱাৰ পাছত হৰভজনে কয়, ‘আমি পঞ্জাবত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিম। ৩০০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ যোগান প্ৰতিশ্ৰুতি দিয়াধৰণে পালন কৰিব পঞ্জাব চৰকাৰে। হৰভজনে লগতে কয় যে, এই সুবিধা আমি দিয়া এটা গেৰাণ্টী আছিল, আৰু আমি ইয়াক পূৰণ কৰিম।’ ইয়াৰ পূৰ্বে, তেওঁ জিলাখনৰ সকলো শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰে আৰু তেওঁ কয় যে চৰকাৰৰ এই কাৰ্যকালত ৰাজ্যখনত কোনো দুৰ্নীতি সহ্য কৰা নহ’ব। হৰভজন সিঙে চৰকাৰী বিষয়াসকলক উদ্দেশ্যি কয়, ‘মই বহু দিন ধৰি চৰকাৰী বিভাগত সেৱা আগবঢ়াইছোঁ সেয়েহে মই আপোনালোকৰ প্ৰয়োজনীয়তা আৰু সমস্যাৰ বিষয়ে ভালদৰে অৱগত। মই আপোনালোকৰ ওপৰত কোনো ধৰণৰ হেঁচা নিদিওঁ আৰু আপোনালোকৰো আইন অনুসৰি কাম কৰাৰ স্বাধীনতা থাকিব।’ তেওঁ কয় যে, জনসাধাৰণে যিধৰণে আপক ভোট দিছে, চৰকাৰী বিষয়া আৰু কৰ্মচাৰীৰ সহযোগিতা অবিহনেও আপ চৰকাৰে জনগণৰ আশা পূৰণ কৰিব নোৱাৰে। ‘চৰকাৰী কাৰ্যালয়ৰ লোকসকলৰ যাতে কোনো অসুবিধা নহয় সেয়া নিশ্চিত কৰিবলৈ আমি যত্ন লোৱা উচিত। কাৰ্যালয়ত কোনো কাম দীঘলীয়া সময় ধৰি পেলাই থ’ব নালাগে বুলি মন্ত্ৰীগৰাকীয়ে কয়। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন