--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলোৱে জানিছিল চাৰিওজন বৰ নলে লগা বন্ধু। কিছুমানে তেওঁলোকৰ বন্ধুত্বক লৈ ঈৰ্ষাও কৰিছিল। প্ৰতিটো সুখ আৰু দুখৰ মূহুৰ্তত ইজনে সিজনৰ লগ এৰা নাছিল। শৈশৱৰ পৰা গঢ় লোৱা সেই বন্ধুত্ব চাৰিও যেন পালন কৰি গ'ল মৃত্যু পৰ্যন্ত। জীৱনৰ অন্তিমখন ছেলফী লোৱাৰ কেইঘণ্টামানৰ পাছতে একেলগে মৃত্যুক আঁকোৱালি ল'লে নলে গলে লগা চাৰি বন্ধুৱে। নিয়তিয়েও যেন বিচাৰিছিল মৃত্যুৰ পাছতো চাৰি বন্ধু একেলগে থাকক। বাল্যকালৰ পৰা একেলগে থাকি ডাঙৰ-দীঘল হৈ একেলগে ব্যৱসায়ো আৰম্ভ কৰিছিল আছাদ খান, ছুহেল খান আৰু দুই বিলাল খানে। বিলাল খান নামটো দুজন বন্ধুৰে একে নাম আছিল। ফুৰিবলৈ বুলি গৈ বৰফৰ মাজত আৱদ্ধ হৈ বাহনৰ ভিতৰতে প্ৰাণ হেৰুৱালে চাৰি বন্ধুৱে। এই ঘটনা পাকিস্তান অধিকৃত পঞ্জাৱ প্ৰদেশৰ। ২,২৯১ মিটাৰ উচ্চতাত অৱস্থিত পাকিস্তানৰ আটাইতকৈ প্ৰিয় পৰ্যটনস্থলী হ'ল মুৰী। মুৰীৰ তুষাৰপাতে সকলো পৰ্যটককে বৰ আকৰ্ষণ কৰে।

সেই মুৰী ভ্ৰমণ কৰিবলৈ যোৱাই কাল হ'ল চাৰি বন্ধুৰ বাবে। মৃত্যু হোৱাৰ পূৰ্বে দিনৰ ভাগতে সুন্দৰভাৱে ঘুৰা ফুৰা কৰি ছেলফীয়ো লৈছিল চাৰিও। যোৱা ৪৮ ঘণ্টাত মুৰী আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলত প্ৰচণ্ড তুষাৰপাত হয়, যাৰ ফলত ৰাস্তাত কেইবাখনো বাহন আৱদ্ধ হৈ পৰিছিল। কিন্তু সেইনিশাই অঞ্চলটোত অধিক তুষাৰপাত হোৱাৰ বাবে বাটতে আৱদ্ধ হৈ পৰে বহু কেইখন বাহন। আৱদ্ধ বাহন কেইখনৰ মাজত চাৰি বন্ধুৰ গাড়ীখনো আছিল। ৪ ফুট বৰফৰে ভৰ্তি পথবোৰ পৰিষ্কাৰ কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়ত যান-জঁটত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ পৰ্যটকে তেওঁলোকৰ গাড়ীত ৰাতিটো কটাইছিল। বহুতে তেওঁলোকৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰি ৰাখিছিল আৰু বাহিৰত জমা হোৱা শীতল বৰফৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হিটাৰবোৰ জ্বলাই ৰাখিছিল। আনকি নিশা ৯ মান বজাত চাৰি বন্ধুৱে নিজ নিজ ঘৰলৈ ফোন কৰিও জনাইছিল সুস্থ হৈ থকাৰ বাৰ্তা।

আছাদ খান, ছুহেল খান আৰু বিলাল খানহঁতে তেওঁলোকৰ গাড়ীৰ চাৰিওফালে তুষাৰপাত হোৱাৰ ফলত চাইলেন্সাৰটো বন্ধ কৰি দিছিল, যাৰ ফলত কাৰ্বন মন'অক্সাইড গাড়ীলৈ উভতি অহা বাবে চাৰিওজনৰ মূৰ ঘূৰাইছিল আৰু উশাহত কষ্ট পাইছিল তাৰপাছত তেওঁলোকৰ মৃত্যু হৈছিল। স্থানীয় লোকসকলে চাৰিওকে গাড়ীত অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল আৰু হাস্পতালত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়। সেই দিনটোত অত্যধিক তুষাৰপাতৰ ফলত মুঠ ২২ জন লোকে প্ৰাণ হেৰুৱায়। মধুৰ স্মৃতি সুঁৱৰিবলৈ চাৰি বন্ধুয়ে তোলা ছেলফীখন ভাইৰেল হৈ পৰিছে আৰু সকলোকে আৱেগিক কৰি তুলিছে।

আৰু পঢ়কঃ বিশেষজ্ঞৰ সকীয়নি-এই ভুলৰ বাবে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ! কি ভুল?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু