--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা সভানেত্ৰী ছোনিয়া গান্ধীৰ আজি ৭৫বছৰীয়া জন্মদিন৷ দেশজুৰি শোকৰ ছাঁ পৰা তামিলনাডুৰ হেলিকপ্টাৰৰ দুৰ্ঘটনাৰ পাছতে জন্মদিন পালন নকৰাৰ কথা ব্যক্ত কৰে কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে৷ বুধবাৰে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত সেনাপ্ৰধান বিপিন ৰাৱটসহ ১৩জন লোকৰ মৃত্যু হয়৷

৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা ছোনিয়া গান্ধীৰ জন্মদিন পালন নকৰাৰ সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক কেচি ভেনুগোপালে বুধবাৰে কয়, "কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে কাইলৈ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে দলীয় কৰ্মীসকলকো জন্মদিনৰ কোনো কাৰ্যসূচী পালন নকৰিবলৈ আহ্বান জনায়৷ জানিব পৰা মতে দুৰ্ঘটনাটোৰ পূৰ্বৰে পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জন্মদিন উপলক্ষে বহু আয়োজন কৰিছিল যদিও এই শোকাৱহ ঘটনাৰ পাছতে ছোনিয়াৰ নিৰ্দেশত সকলো কাৰ্যসূচী বাতিল কৰে৷

১৯৪৬চনৰ ৯ ডিচেম্বৰত জন্ম লাভ কৰিছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে৷ এটা ৰাজনৈতিক পৰিবেশতে ডাঙৰ-দীঘল হোৱা কংগ্ৰেছ নেত্ৰীগৰাকী এটা দলৰ মুখ্য পদত বহু দীঘলীয়া সময় ধৰি অধিস্থিত হৈ আছে৷ লগতে লোকসভা সাংসদ মানিকম ঠাকুৰে জনাই যে ‘সাহসী জেনেৰেলৰ প্রতি শ্রদ্ধাৰ চিহ্ন’ হিচাপে এই উদযাপন বাতিল কৰা হৈছে। টুইটাৰযোগে কয় যে কংগ্ৰেছ সভানেত্ৰী কিমান সংবেদনশীল তাৰ এক উদাহৰণ দেখা গ'ল৷ সাহসী জেনেৰেল চিডিএছ বিপিন ৰাৱটৰ প্রতি শ্রদ্ধা আৰু সম্মান দেখাই কংগ্রেছ দলে জন্মদিন উদযাপন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন