--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা সভানেত্ৰী ছোনিয়া গান্ধীৰ আজি ৭৫বছৰীয়া জন্মদিন৷ দেশজুৰি শোকৰ ছাঁ পৰা তামিলনাডুৰ হেলিকপ্টাৰৰ দুৰ্ঘটনাৰ পাছতে জন্মদিন পালন নকৰাৰ কথা ব্যক্ত কৰে কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে৷ বুধবাৰে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত সেনাপ্ৰধান বিপিন ৰাৱটসহ ১৩জন লোকৰ মৃত্যু হয়৷

৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা ছোনিয়া গান্ধীৰ জন্মদিন পালন নকৰাৰ সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক কেচি ভেনুগোপালে বুধবাৰে কয়, "কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে কাইলৈ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে দলীয় কৰ্মীসকলকো জন্মদিনৰ কোনো কাৰ্যসূচী পালন নকৰিবলৈ আহ্বান জনায়৷ জানিব পৰা মতে দুৰ্ঘটনাটোৰ পূৰ্বৰে পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জন্মদিন উপলক্ষে বহু আয়োজন কৰিছিল যদিও এই শোকাৱহ ঘটনাৰ পাছতে ছোনিয়াৰ নিৰ্দেশত সকলো কাৰ্যসূচী বাতিল কৰে৷

১৯৪৬চনৰ ৯ ডিচেম্বৰত জন্ম লাভ কৰিছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে৷ এটা ৰাজনৈতিক পৰিবেশতে ডাঙৰ-দীঘল হোৱা কংগ্ৰেছ নেত্ৰীগৰাকী এটা দলৰ মুখ্য পদত বহু দীঘলীয়া সময় ধৰি অধিস্থিত হৈ আছে৷ লগতে লোকসভা সাংসদ মানিকম ঠাকুৰে জনাই যে ‘সাহসী জেনেৰেলৰ প্রতি শ্রদ্ধাৰ চিহ্ন’ হিচাপে এই উদযাপন বাতিল কৰা হৈছে। টুইটাৰযোগে কয় যে কংগ্ৰেছ সভানেত্ৰী কিমান সংবেদনশীল তাৰ এক উদাহৰণ দেখা গ'ল৷ সাহসী জেনেৰেল চিডিএছ বিপিন ৰাৱটৰ প্রতি শ্রদ্ধা আৰু সম্মান দেখাই কংগ্রেছ দলে জন্মদিন উদযাপন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন